অগ্নিগড়

অগ্নিগড়

অগ্নিগড়ৰ মূল প্ৰৱেশ দ্বাৰ
অৱস্থান তেজপুৰ, শোণিতপুৰ জিলা, অসম
অগ্নিগড় is located in India<div style="position: absolute; z-index: 2; top: এক্সপ্ৰেছন ত্ৰুটী: *’ৰ বাবে অপাৰেণ্ড নাই।%; left: -209.4%; height: 0; width: 0; margin: 0; padding: 0;">
{alt}
Location of অগ্নিগড় in India

অগ্নিগড় (ইংৰাজী: Agnigarh) হৈছে তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গড়। এই গড়টো তেজপুৰৰ বাণৰজাই নিৰ্মাণ কৰিছিল। শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে।

অগ্নিগড়ৰ সংৰক্ষণৰ বাবে ১৯২৮ চনত তেজপুৰ পৌৰসভাৰ পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱায়ে ব্ৰহ্মপুত্ৰৰ পাৰত থকা টিলাটোত এখনি উদ্যান প্ৰতিষ্ঠা কৰে। বৰ্তমান তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ তত্বাৱধানত এখন উদ্যান পৰিচালনা কৰি থকা হৈছে।

নামৰ উৎপত্তি

অগ্নিগড়ৰ সন্মূখভাগ

কালিকা পুৰাণত উল্লেখ আছে যে শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল। সেয়ে এই গড়টোৰ নাম অগ্নিগড় হ'ল।

কিংবদন্তি

তেজপুৰৰ বাণৰজাই তেওঁৰ কন্যা ঊষাক সুৰক্ষিত কৰি ৰাখিবৰ বাবে এই গড়টোৰ নিৰ্মাণ কৰিছিল। ইয়াত ঊষাৰ কাৰেং আছিল। ঊষাৰ প্ৰেমিক অনিৰুদ্ধক ইয়াতেই বন্দী কৰি ৰাখিছিল বুলি বিশ্বাস কৰা হয়। দৰাচলতে এই সৰু টিলাতোক অগ্নিগড় বোলা হৈছে যদিও প্ৰকৃতাৰ্থত সমগ্ৰ নগৰখনেই অগ্নিগড় আছিল বুলি এক জনবিশ্বাস আছে। তদুপৰি অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ শ্ৰীকৃষ্ণ স-সৈন্যে যুদ্ধ যাত্ৰা কৰি আহি শোণিতপুৰত প্ৰৱেশ কৰি বাণৰ নগৰৰ চাৰিওদিশে অগ্নিৰ বেৰ দেখি বিস্ময় মানিছিল আৰু নগৰত প্ৰৱেশ কৰাৰ কোনো চিদ্ৰ নেদেখি অৱশেষত গৰুড়ৰ দ্বাৰা অগ্নি নিৰ্বাপণ কৰিহে নগৰত প্ৰৱেশ কৰিছিল বুলি মহাভাৰতৰ হৰিবংশৰ বিষ্ণুপৰ্বত উল্লেখ আছে। এই তথ্যবোৰৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি যে বাণৰজাৰ নগৰখনেই অগ্নিগড় বুলি খ্যাত আছিল।

বৰ্তমানৰ অৱস্থা

তেজপুৰৰ হৰি হৰ যুদ্ধ

১৯২৮ চনত তেজপুৰ পৌৰসভাৰ প্ৰথম অসমীয়া পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাদেৱে ব্ৰহ্মপুত্ৰৰ পাৰত থকা টিলাটোত এখনি উদ্যান (পিছলৈ ‘পদ্মপাৰ্ক’ নামেৰে জনাজাত) গঢ়ি তোলে আৰু কালক্ৰমত ইয়েই অগ্নিগড় ৰূপে পৰিচিত হৈ পৰিল। ব্ৰিটিছ আমোলাত এই টিলাটোত দূৰবীণ বহাই নগৰখন নিৰীক্ষণ কৰা হৈছিল বাবে ইয়াৰ নাম আছিল `Observatory Hill' । ২০০১ চনৰ জানুৱাৰী মাহৰপৰা ইয়াক নতুন ৰূপত সজাই পৰাই জাতিষ্কাৰ কৰি তোলা হৈছে । ইয়াত নিৰ্মাণ কৰা মূৰ্ত্তিসমূহত হৰি-হৰ যুদ্ধ ফুটাই তোলা হৈছে। বৰ্তমান তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ তত্বাৱধানত চলি থকা ই এক অত্যাধুনিক নয়নাভিৰাম উদ্যান।

পৰিবহন

গণেশ ঘাট

তেজপুৰ চৰকাৰী বাছ আস্থানৰ পৰা "অগ্নিগড়"লৈ দুটা পথ আছে । এটা পথত তেজপুৰৰ বিখ্যাত গণেশ ঘাট আৰু আনটো পথত তেজপুৰৰ উপায়ুক্তৰ আবাসগৃহ আৰু তেজপুৰ মহাবিদ্যালয় দেখিবলৈ পোৱা যায় [1]

লগতে চাওক

তথ্য সংগ্ৰহ

  1. শান্তনু বৰুৱা (২০০৪). তেজপুৰ, এখন চহৰ অনেক কাহিনী. তেজপুৰ মহোৎসৱ উদ্‌যাপন কমিটি ২০০৪. পৃষ্ঠা. ২,৩. 

বাহ্যিক সংযোগ