অতুল বৰদলৈ

অতুল বৰদলৈ
জন্ম ১৯৩৮
তৰাজান, যোৰহাট, অসম
মৃত্যু ১০ আগষ্ট, ২০১০
গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক

অতুল বৰদলৈ (ইংৰাজী: Atul Bordoloi) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আছিল। ১৯৭০ চনত মুক্তিপ্ৰাপ্ত অপৰাজেয় নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে মুঠতে ৮খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। তেখেতে দূৰদৰ্শন ধাৰাবাহিক আৰু তথ্যচিত্ৰৰ নিৰ্মাণো কৰিছিল। তেখেতৰ পৰিচালনাত মুক্তি পোৱা চলচ্চিত্ৰ "কল্লোল" নামৰ চলচ্চিত্ৰখনে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল[1]। চলচ্চিত্ৰ পৰিচালনা কৰাৰ উপৰিও তেখেতে নতুন অসমীয়া নামৰ এক অসমীয়া দৈনিক কাকতৰ উপ সম্পাদকৰ দায়িত্বও বহন কৰিছিল[2]

পৰিচালিত চলচ্চিত্ৰ

অতুল বৰদলৈয়ে মুঠতে ৮খন ছবি পৰিচালনা কৰিছিল[1]

ছবিৰ নাম বৰ্ষ টোকা
অপৰাজেয় ১৯৭০
বনৰীয়া ফুল ১৯৭৩
অনুতাপ ১৯৭৩
কল্লোল ১৯৭৮
মেঘ ১৯৭৯
গ্ৰহণ ১৯৯০
ডাৱৰ ১৯৯০
চিঞৰ ১৯৯১
দৃষ্টি ১৯৯৪

তথ্য সংগ্ৰহ

  1. 1.0 1.1 "Film Directors". enajori.com. 2013-01-22. Archived from the original on 2015-09-12. https://web.archive.org/web/20150912143940/http://enajori.com/film-directors/। আহৰণ কৰা হৈছে: 2013-01-30. 
  2. "Noted film director Atul Bordoloi passes away". Aug 11, 2010. Archived from the original on April 21, 2020. https://web.archive.org/web/20200421163402/http://www.assamtribune.com/scripts/detailsnew.asp?id=aug1210%2Fstate07। আহৰণ কৰা হৈছে: February 14, 2013. 

বাহ্যিক সংযোগ

  1. Atul Bordoloi’s flimography