অসম চৰকাৰ
মুখ্য চৰকাৰী কাৰ্যালয় | দিশপুৰ |
---|---|
কাৰ্যবাহী | |
ৰাজ্যপাল | জগদীশ মুখী[1] |
মুখ্যমন্ত্ৰী | হিমন্ত বিশ্ব শৰ্মা[2] |
বিধান সভা | |
সদন | |
অধ্যক্ষ | বিশ্বজিৎ দৈমাৰী[3] |
উপাধ্যক্ষ | নোমল মোমিন |
সদনৰ সদস্যবৃন্দ | ১২৬ |
ন্যায়পালিকা | |
উচ্চ ন্যায়ালয় | গুৱাহাটী উচ্চ ন্যায়ালয় |
মুখ্য ন্যায়াধীশ | সুধাংশু ধুলীয়া[4] |
অসম চৰকাৰ ভাৰতবৰ্ষৰ অসম ৰাজ্য আৰু ইয়াৰ ৩৩খন জিলাৰ সৰ্বোচ্চ শাসনতান্ত্ৰিক কৰ্তৃপক্ষ। এই চৰকাৰ ৰাজ্যপালসহ শাসনবিভাগ, আইনবিভাগ আৰু বিচাৰবিভাগৰ সৈতে গঠিত। ৰাজ্যপালজন হৈছে ৰাজ্যৰ সাংবিধানিক মুৰব্বী তেওঁক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ৫ বছৰৰ বাবে। জগদীশ মুখী হৈছে অসমৰ বৰ্তমানৰ ৰাজ্যপাল।[1] আনহাতে মুখ্যমন্ত্ৰী হৈছে চৰকাৰ প্ৰধান, তেখেতৰ হাততেই ৰাজ্যৰ প্ৰকৃত শাসনক্ষমতা ন্যস্ত থাকে। বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।[2] অসমৰ মুঠ ১২৬ জন বিধান সভাৰ সংখ্যাগৰিষ্ঠ সদস্যসকলক তেওঁ নেতৃত্ব প্ৰদান কৰে।
মন্ত্ৰীসকল
১০ মে', ২০২১ ত শপত গ্ৰহণ কৰা মন্ত্ৰীসকল:[5]
মন্ত্ৰী | বিভাগ | সমষ্টি | জিলা | দল | |
---|---|---|---|---|---|
১ | হিমন্ত বিশ্ব শৰ্মা | মুখ্যমন্ত্ৰী, গৃহ, কৰ্মচাৰী বিভাগ, লোক নিৰ্মাণ বিভাগ আৰু বিতৰণ নকৰা অন্যান্য বিভাগসমূহ | জালুকবাৰী | কামৰূপ মহানগৰ | ভাৰতীয় জনতা পাৰ্টি |
২ | অশোক সিংঘাল | জলসিঞ্চন, নগৰ উন্নয়ন, গুৱাহাটী উন্নয়ন | ঢেঁকীয়াজুলি | শোণিতপুৰ | ভাৰতীয় জনতা পাৰ্টি |
৩ | অতুল বৰা | কৃষি, উদ্যান বিদ্যা আৰু খাদ্য সংসাদন; পশুপালন আৰু পশু চিকিৎসা; সীমান্ত অঞ্চল উন্নয়ন আৰু অসম চুক্তি ৰূপায়ন | বোকাখাট | গোলাঘাট | অসম গণ পৰিষদ |
৪ | অজন্তা নেওগ | বিত্ত, সমাজ কল্যাণ | গোলাঘাট | গোলাঘাট | ভাৰতীয় জনতা পাৰ্টি |
৫ | ৰণজিৎ কুমাৰ দাস | পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য আৰু কাৰিকৰী, খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা | পাটছাৰকুছি | বজালী | ভাৰতীয় জনতা পাৰ্টি |
৬ | পৰিমল শুক্লবৈদ্য | পৰিবেশ আৰু বন, মীন আৰু আবকাৰী উৎপাদন শুল্ক | ধলাই | কাছাৰ | ভাৰতীয় জনতা পাৰ্টি |
৭ | কেশৱ মহন্ত | স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, তথ্য আৰু প্ৰযুক্তি বিভাগ | কলিয়াবৰ | নগাঁও | অসম গণ পৰিষদ |
৮ | সঞ্জয় কিষান | শ্ৰম আৰু নিয়োগ, চাহ জনজাতি উন্নয়ন বিভাগ | তিনিচুকীয়া | তিনিচুকীয়া | ভাৰতীয় জনতা পাৰ্টি |
৯ | চন্দ্ৰমোহন পাটোৱাৰী | বাণিজ্য আৰু উদ্যোগ, পৰিবহণ, দক্ষতা উন্নয়ন আৰু সংখ্যালঘু উন্নয়ন | ধৰ্মপুৰ | নলবাৰী | ভাৰতীয় জনতা পাৰ্টি |
১০ | উৰ্খাউ গৌড়া ব্ৰহ্ম | হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্প, ভূমি সংৰক্ষণ, সমতলৰ জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ (বিটিচি) | চাপগুৰি | কোকৰাঝাৰ | ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল |
১১ | ৰণোজ পেগু | শিক্ষা(উচ্চ মাধ্যমিক, প্ৰাথমিক), সমতলৰ জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ (বিটিচিৰ বাহিৰৰ) | ধেমাজি | ধেমাজি | ভাৰতীয় জনতা পাৰ্টি |
১২ | পীযুষ হাজৰিকা | জল সম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা | জাগীৰোড | মৰিগাঁও | ভাৰতীয় জনতা পাৰ্টি |
১৩ | যোগেন মোহন | ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য উন্নয়ন, খনি | মাহমৰা | চৰাইদেউ | ভাৰতীয় জনতা পাৰ্টি |
১৪ | বিমল বৰা | ক্ৰীড়া যুৱ কল্যাণ আৰু সাংস্কৃতিক পৰিক্ৰমা, শক্তি, পৰ্য্যটন | টিংখং | ডিব্ৰুগড় | ভাৰতীয় জনতা পাৰ্টি |
তথ্য সংগ্ৰহ
- ↑ 1.0 1.1 "Jagdish Mukhi: Few facts about Assam's new Governor". The New Indian Express. 30 September 2017. http://www.newindianexpress.com/nation/2017/sep/30/jagdish-mukhi-few-facts-about-assams-new-governor-1664813.html.
- ↑ 2.0 2.1 http://assamassembly.gov.in/cm-list.html
- ↑ http://assamassembly.gov.in/speaker-list.html
- ↑ Correspondent, Legal (3 October 2019). "Seven High Courts get new Chief Justices" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/national/seven-high-courts-get-new-chief-justices/article29587947.ece। আহৰণ কৰা হৈছে: 4 October 2019.
- ↑ "Assam Cabinet Minister List 2021: Check full list of ministers and their portfolios in Himanta Biswa Sarma govt". www.financialexpress.com. https://www.financialexpress.com/india-news/assam-cabinet-minister-list-2021-check-full-list-of-ministers-and-their-portfolios-in-himanta-biswa-sarma-govt/2250575/। আহৰণ কৰা হৈছে: 8 July 2021.