এলান ট্যুৰিং

এলান ট্যুৰিং

'ৰয়েল ছ'ছাইটি'ৰ সভ্য হোৱাৰ সময়ত ট্যুৰিং
জন্ম এলান মেথিছন ট্যুৰিং
২৩ জুন, ১৯১২
মেইডা ভেল, লণ্ডন, ইংলেণ্ড,
মৃত্যু ৭ জুন, ১৯৫৪ (৪১ বছৰ)
ৱিল্মশ্লো, চেছায়াৰ, ইংলেণ্ড,
বাসস্থান ইংলেণ্ড
জাতীয়তা ইংৰাজ
ক্ষেত্ৰ গণিত, সংকেত বিশ্লেষণ (Cryptanalysis), কম্পিউটাৰ বিজ্ঞান
কৰ্মস্থান কেমব্ৰিজ বিশ্ববিদ্যালয়
চৰকাৰী সংকেত আৰু সংকেত বাৰ্তা বিদ্যালয়
ৰাষ্ট্ৰীয় ফিজিকেল গৱেষণাগাৰ, ইংলেণ্ড
মানচেষ্টাৰ বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান কিংছ কলেজ, কেমব্ৰিজ
প্ৰিন্সটন বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা এলেঞ্জো চাৰ্চ (Alonzo Church)
ডক্তৰেল বিদ্যাৰ্থী ৰবিন গেণ্ডি (Robin Gandy)
জনা যায় Halting problem
ট্যুৰিং মেচিন
এনিগ্‌মাৰ সংকেত উদ্ধাৰ
স্বয়ংক্ৰিয় গাণনিক যন্ত্ৰ (Automatic Computing Engine)
ট্যুৰিং পুৰস্কাৰ
ট্যুৰিং পৰীক্ষা (Turing Test)
Turing patterns
উল্লেখনীয় বঁটা Officer of the Order of the British Empire
Fellow of the Royal Society

এলান মেথিছন ট্যুৰিং (ইংৰাজী: Alan Turing; সম্পূৰ্ণ নাম: Alan Mathison Turing; ২৩ জুন ১৯১২ – ৭ জুন ১৯৫৪) এগৰাকী ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী (logician), সংকেতবিশ্লেষক (cryptoanalyst) আৰু কম্পিউটাৰ বিজ্ঞানী। কম্পিউটাৰ বিজ্ঞানৰ বিকাশত এখেতৰ বৰঙণি বিশেষভাৱে উল্লেখনীয়। এখেতে 'এলগৰিথম' (algorithm) আৰু 'গণনা' (computation)-ৰ তাত্বিক ধাৰণাৰ বিকাশ সাধন কৰি 'ট্যুৰিং মেচিন' (Turing Machine)-ৰ ধাৰণা প্ৰৱৰ্তন কৰিছিল। 'ট্যুৰিং মেচিন'ক 'সৰ্বাত্মক কম্পিউটাৰ' (General Purpose Computer) বুলিব পাৰি।[1][2][3] ট্যুৰিঙক আধুনিক কম্পিউটাৰ বিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ জনক বুলি অভিহিত কৰা হয়।[4]

দ্বিতীয় বিশ্বযুদ্ধৰ কালত ট্যুৰিঙে ব্ৰিটিছ চৰকাৰৰ হৈ 'চৰকাৰী সংকেত আৰু সংকেত বাৰ্তা বিদ্যালয়'লৈ (Government Code and Cypher School (GCCS)) নিজৰ অৱদান আগবঢ়ায়। এই কালত জাৰ্মান বাহিনীৰ সংকেত পাঠোদ্ধাৰৰ বাবে ট্যুৰিঙে কেবাটাও উল্লেখযোগ্য সমাধান সূত্ৰ নিৰ্ণয় কৰে। জাৰ্মান 'এনিগ্‌মা যন্ত্ৰ'ৰ সংকেত বাৰ্তাৰ পাঠোদ্ধাৰ তেখেতৰ উল্লেখনীয় সফলতা।

যুদ্ধৰ পাছত ট্যুৰিঙে 'ৰাষ্ট্ৰীয় ফিজিকেল গৱেষণাগাৰ'ৰ (National Physical Laboratory, UK) অধীনত 'স্বয়ংক্ৰিয় গাণনিক যন্ত্ৰ' (Automatic Computing Machine, ACE)ৰ নিৰ্মাণ কাৰ্যত জড়িত হয়। ১৯৪৮ চনত ট্যুৰিঙে 'মানচেষ্টাৰ বিশ্ববিদ্যালয়'ৰ 'গাণনিক গৱেষণাগাৰ'ত যোগ দিয়ে। তাতেই তেখেত গণিতীয় জীৱবিজ্ঞানৰ প্ৰতি আকৰ্ষিত হয় আৰু 'morphogenesis'ৰ ৰাসায়নিক ভিত্তিৰ ওপৰত এখন গৱেষণা পত্ৰ প্ৰকাশ কৰে।

সমকামিতাৰ অপৰাধত ট্যুৰিঙ বিচাৰাধীন হয় ১৯৫২ চনত। সেই সময়ত সমকামিতাক এই অপৰাধ বুলি গণ্য কৰা হৈছিল। ১৯৫৪ চনৰ ৭ জুন তাৰিখে নিজ গৃহত ট্যুৰিঙৰ মৃতদেহ উদ্ধাৰ হয়। মৃত্যুৰ কাৰণ আছিল চায়েনাইড বিষক্ৰিয়া। আদালতে এই মৃত্যুক আত্মহত্যাৰ ৰায় দিয়ে। ট্যুৰিঙৰ মাতৃ আৰু কেইগৰাকী মান আলোচকে ট্যুৰিঙৰ মৃত্যুক দুৰ্ঘটনাজনিত বুলিহে ক'ব খোজে। ২০০৯ চনত ট্যুৰিঙৰ প্ৰতি ব্ৰিটিছ চৰকাৰে কৰা ভুল স্বীকাৰ কৰি দুখ প্ৰকাশ কৰা হয়। ট্যুৰিঙক সমকামিতাৰ অপৰাধৰ পৰা নিৰ্দোযী বুলি ৰায় দিবলৈ ব্ৰিটিছ উচ্চ সদনত এখন বিল আগবঢ়োৱা হৈছে।[5]

বাল্যকাল আৰু শিক্ষা

এলান ট্যুৰিঙৰ পিতৃ জুলিয়াছ মেথিছন ট্যুৰিং আৰু মাতৃ ইথেল ছাৰা। পিতৃ জুলিয়াছ ভাৰতৰ প্ৰশাসনীয় সেৱাৰ বিষয়া আছিল আৰু মাতৃ ইথেল ট্যুৰিং মাদ্ৰাজ ৰেল-ৰ মুখ্য অভিযন্তা আছিল। উৰিষ্যাৰ ছত্ৰপুৰ চহৰত জুলিয়াছ কৰ্মৰত থকাৰ সময়তে এলান ট্যুৰিং মাতৃগৰ্ভলৈ আহিছিল।[6][7]। গৰ্ভস্থ সন্তানক ইংলেণ্ডত জন্ম দিয়াৰ মানসেৰে ট্যুৰিং দম্পতী ইংলেণ্ডলৈ ঘূৰি যায় আৰু ২৩ জুন তাৰিখে লণ্ডনত এলান ট্যুৰিঙৰ জন্ম হয়।[8] পিতৃ-মাতৃয়ে কৰ্মসূত্ৰে ভাৰত আৰু ইংলেণ্ডৰ কেবাখনো চহৰলৈ বদলি হয় যদিও এলান আৰু ককায়েকক লণ্ডনতে এহাল দম্পতীয়ে চোৱাচিতা কৰিছিল।[9]

ছয় বছৰ বয়সত ট্যুৰিঙক স্কুলত ভৰ্তি কৰা হয়। গণিত আৰু বিজ্ঞানৰ বিষয়ত তেখেতৰ বিশেষ প্ৰতিভা তেতিয়াই প্ৰতিভাত হৈছিল। ১৪ বছৰ বয়সত ট্যুৰিঙক ছেৰব'ৰ্ণ স্কুলত ভৰ্তি কৰা হয়।[10] ইয়াতো তেখেতৰ গণিত আৰু বিজ্ঞানৰ প্ৰতিভা দেখি বহুতো শিক্ষক চমকৃত হৈছিল, কিন্তু এই দুটা বিষয়ৰ প্ৰতি থকা বিশেষ ৰাপক বিদ্যালয় কৰ্তৃপক্ষই খুব ভাল চকুৰে চোৱা নাছিল। ধ্ৰুপদী শিক্ষাৰ অবিহনে প্ৰকৃত শিক্ষিত হ'ব নোৱাৰে বুলি স্কুল কৰ্তৃপক্ষই বিশ্বাস কৰিছিল।[11]

কিংছ কলেজ, কেমব্ৰিজ-ৰ কম্পিউটাৰ কোঠাক এলান ট্যুৰিঙৰ নামেৰে নামকৰণ কৰা হৈছে

১৬ বছৰ বয়সত ট্যুৰিঙে আইনষ্টাইনৰ লেখনী পঢ়াৰ সুযোগ পায়। ট্যুৰিঙে আইনষ্টাইনৰ কঠিন অংকসমূহৰ ধাৰণা তেতিয়াই আয়ত্ত কৰিছিল বুলি কোৱা হয়। কাৰণ তেখেতে পঢ়া আইনষ্টাইনৰ লেখনীৰে আধাৰতে তেওঁ নিউটনৰ গতিৰ ধাৰণাৰ লগত আইনষ্টাইনৰ পাৰ্থক্য ধৰা পেলাইছিল, যিটো সেই লেখনীত উল্লেখ কৰা হোৱা নাছিল।[12]

সেই সময়ত ট্যুৰিঙৰ ভাল বন্ধু আছিল ক্ৰিষ্ট'ফাৰ ম'ৰকম। কিন্তু ১৯৩০ চনত ম'ৰকম-ৰ মৃত্যু হয়। এই মৃত্যুৱে ট্যুৰিঙৰ জীৱনত বিশেষ প্ৰভাৱ পেলাইছিল,[13][14] কাৰণ ইয়াৰ পাছতে ট্যুৰিঙে ধৰ্মীয় বিশ্বাসক অৱজ্ঞা কৰিবলৈ আৰম্ভ কৰে আৰু নাস্তিক (atheist) হৈ পৰে।[15]

উচ্চ শিক্ষা আৰু গাণিতিক বিজ্ঞানৰ প্ৰতি অৱদান

এলান ট্যুৰিঙৰ স্মৃতিত মানচেষ্টাৰত স্থাপিত মূৰ্তি[16]

১৯৩১ চনত ট্যুৰিঙে কেমব্ৰিজৰ কিংছ কলেজত গণিত অধ্যয়ন কৰিবলৈ লয়। ১৯৩৪ চনত সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লৈ তেখেত উত্তীৰ্ণ হয়। গৱেষণা পত্ৰ হিচাপে তেখেতে সমাধান কৰা limit therorem-ৰ উচ্চ মানৰ কৰ্মৰাজীৰ বাবে তেখেতক কিংছ কলেজৰ ফেলো হিচাপে নিৰ্বাচিত কৰা হয়। অৱশ্যে ট্যুৰিঙে সমাধান কৰা সমস্যাকেইটা কিছু আগেয়েই আন এজন গণিতজ্ঞই সমাধান কৰিছিল, যদিও ট্যুৰিঙে সেইটো জনা নাছিল।[17]

কিংছ কলেজৰ ফেলো হিচাপে কৰ্মৰত অৱস্থাতে ট্যুৰিঙে আধুনিক কম্পিউটাৰ বিজ্ঞানৰ বাবে এটা চমকপ্ৰদ সিদ্ধান্ত আগবঢ়ায়। ১৯২৮ চনত গণিতজ্ঞ ডেভিদ হিলবাৰ্ট-এ Entscheidungsproblem (decision problem, সিদ্ধান্ত সমস্যা) আগবঢ়ায়। এই সমস্যটো কম্পিউটাৰ বিজ্ঞানৰ বাবে অতি প্ৰয়োজনীয় এটা গাণিতিক চৰ্তৰ প্ৰশ্ন আছিল। এই সমস্যাৰ ওপৰত ট্যুৰিঙে তেখেতৰ যুগান্তকাৰী গৱেষণা পত্ৰ "On Computable Numbers, with an Application to the Entscheidungsproblem" (২৮ মে, ১৯৩৬ চনত দাখিল কৰা হৈছিল)[18] এই পত্ৰতে ট্যুৰিঙে সমস্যা সমাধানৰ বাবে এক প্ৰাকল্পিক যন্ত্ৰৰ ধাৰণা প্ৰৱৰ্তন কৰে। এই যন্ত্ৰক নাম দিয়া হৈছিল 'ট্যুৰিং মেচিন'। ট্যুৰিঙে গাণিতিক ভাৱে দেখুৱাবলৈ সক্ষম হৈছিল, যে কিছুমান পৰিস্থিতিত যন্ত্ৰটোৱে বন্ধ কৰাৰ নিৰ্দেশ কেতিয়াও নাপাব পাৰে, আৰু তেনে অৱস্থাত সেই সমস্যা সমাধান কৰাৰ কোনো 'সমাধান সূত্ৰ' উলিয়াব নোৱাৰি। অৰ্থাৎ Entscheidungsproblem সকলো সময়তে সমাধানযোগ্য নহয়।

হিলবাৰ্টৰ মূল সমস্যাটোৰ সমাধান উলিওৱাৰ উপৰিও ট্যুৰিঙৰ এই প্ৰমাণে দেখুৱাইছিল যে কিছুমান সমস্যা সমাধান যোগ্য নহ'লেও বহুত সমস্যা 'সমাধান সূত্ৰ'ৰ মাধ্যমেৰে সমাধান কৰা সম্ভৱ। যিবোৰ সমস্যাৰ এটা সাধাৰণ 'সমাধান সূত্ৰ' নিৰ্ণয় কৰিব পাৰি, তেনে সমস্যাবোৰ যন্ত্ৰৰ দ্বাৰাও সমাধান কৰিব পৰা যাব। লগে লগেই কম্পিউটাৰৰ ব্যৱহাৰৰ তাত্বিক গুৰুত্ব বাঢ়ি যায়। কম্পিউটিং গৱেষণাৰ বাবে বৰ্তমানেও ট্যুৰিং মেছিন এটা গৱেষণাৰ বিষয় বস্তু।

১৯৩৬ চনৰপৰা ১৯৩৮ চনলৈ এলান ট্যুৰিঙে প্ৰিন্সটনৰ ইন্‌ষ্টিটিউট ফৰ এড্‌ভান্সড ষ্টাডিজত যোগ দিয়ে আৰু ১৯৩৮ চনত প্ৰিন্সটন বিশহববিদ্যালয়ৰপৰা পি.এইচ.ডি. লাভ কৰে।[19][20]

সংকেত বিশ্লেষণ

ব্লেচ্‌লে পাৰ্কৰ দুটা গৃহ। ইয়াতেই ট্যুৰিঙে ১৯৩৯ আৰু ১৯৪০ চনত কাম কৰিছিল।

কিন্তু এনে সময়তে দ্বিতীয় বিশ্বযু্দ্ধৰ ৰণদামামা বাজি উঠে, আৰু আহি government code and cipher school-ত (GCCS) যোগ দিয়ে।[21] জাৰ্মান গুপ্ত সংকেত বাৰ্তা (code)-ৰ পাঠোদ্ধাৰৰ কেবাটাও কামত ট্যুৰিঙে GCCS-ক সহায় কৰিছিল। কিন্তু তেখেতৰ আটাইতকৈ ডাঙৰ অৱদান আছিল এনিগ্‌মা বাৰ্তাৰ পাঠোদ্ধাৰ পদ্ধতিৰ আৱিষ্কাৰ।[22] ট্যুৰিঙে এনে পাঠোদ্ধাৰৰ বাবে সম্ভাৱনীয়তা আৰু পৰিসংখ্যাৰ ধাৰণা ব্যৱহাৰ কৰিছিল।[23] এই কামৰ বাবে bombe নামে এক ইলেক্ট্ৰ'-মেকানিকেল যন্ত্ৰ সাজি উলিওৱা হৈছিল। অৱশ্যে ইমানৰ পাছতো এনিগ্‌মাৰ পাঠোদ্ধাৰ সহজ কাম নাছিল। কাৰণ জাৰ্মানসকলে প্ৰায়েই এনিগ্‌মা যন্ত্ৰত সাল-সলনি কৰাৰ উপৰিও প্ৰায় প্ৰতিটো বাৰ্তাৰ বাবে নতুন নতুন পাছৱৰ্ড (সঠিক শব্দ নহয়) ব্যৱহাৰ কৰিছিল।

ট্যুৰিঙৰ এই অৱদানৰ বাবে ১৯৪৫ চনত Order of British Empire সন্মানেৰে ভূষিত কৰা হৈছিল।[24] অৱশ্যে সংকেত পাঠোদ্ধাৰৰ কাৰ্যত ট্যুৰিং জড়িত থকাৰ কথা এই ঘটনাৰ ৩০ বছৰ পাছতহে ৰাজহুৱা কৰা হৈছিল। অইন বহু বিজ্ঞানীৰ দৰেই ট্যুৰিং আছিল অদ্ভুত খাম-খেয়ালী। এই সময়ত ট্যুৰিঙে প্ৰায়ে চাইকেলেৰে অহা-যোৱা কৰিছিল। চাইকেলখনৰ কিবা বিজুতিৰ বাবে প্ৰায়েই চেইন পৰি থাকিছিল। ট্যুৰিঙে পিছে কেতিয়াও চাইকেলখন ভাল নকৰালে। বৰং বাৰে বাৰে হিচাপ কৰি তেওঁ গণনা কৰি উলিয়াইছিল পেডেল কেইপাক মৰাৰ পাছত চেইন পৰে। তেখেতে পেডেলৰ পাকবিলাক গন্তি কৰি গৈছিল, আৰু চেইন পৰাৰ আগে আগেই চাইকেল ৰখাই নামি আকৌ চাইকেলত উঠিছিল! ট্যুৰিঙে দৈৰ্ঘ্য দুৰত্বৰ দৌৰৰো অভ্যাস কৰিছিল। এখন সভাত অংশগ্ৰহণ কৰিবলৈ ব্লেচলি পাৰ্কৰ পৰা তেওঁ দৌৰি লণ্ডনলৈ আহিছিল।[25]

ষ্টিফেন কেট্‌ল (Stephen Kettle)-ৰদ্বাৰা নিৰ্মিত আৰু ব্লেচলি পাৰ্কত অৱস্থিত এলান ট্যুৰিঙৰ মূৰ্তি। নিৰ্মাণ কৰোৱাইছিল আমেৰিকাৰ ছিড্‌নি ফ্ৰেংক-এ (Sidney E Frank)[26]

এনিগ্‌মাৰ লগতে ট্যুৰিঙে জাৰ্মান নৌ বিভাগৰ সংকেত পঠোদ্ধাৰৰ বাবে আন এটা যন্ত্ৰ সাজিছিল, নাম দিয়া হৈছিল, banburismus. এই কামৰ বাবে ট্যুৰিঙে নতুন ধৰণৰ পাৰিসাংখ্যিক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰিছিল, যাক পাছলে sequential analysis নাম দিয়া হৈছে। ইয়াৰ লগতে ৰেডিঅ' বাৰ্তা গোপনকৈ পঠিয়াবৰ বাবেও ট্যুৰিঙে কাম কৰিছিল। তেখেতে আৱিষ্কাৰ কৰা পদ্ধতি যুদ্ধত ব্যৱহাৰ কৰা নহ'ল যদিও, পাছলৈ ইয়াৰ আধাৰতে দূৰৱৰ্তী সংকেত প্ৰক্ষেপণৰ বাবে ব্যৱহৃত বিভিন্ন কোড পদ্ধতি গঢ় লৈ উঠে।[27][28]

প্ৰাথমিক কম্পিউটাৰ আৰু ট্যুৰিং পৰীক্ষা

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এলান ট্যুৰিঙৰ সংকেত পাঠোদ্ধাৰৰ কাৰ্যত জড়িত হৈ ইংলেণ্ডৰ চৰকাৰৰ পৰা বিশেষ সন্মান লাভ কৰাৰ কথা আগৰ অধ্যায়তে কৈ অহা হৈছে। এই কাৰ্যৰ মুখ্য সদৰ আছিল Bletchley park নামৰ এখন সৰু ঠাই। ইয়াৰ কাম কৰাৰ থকাৰ সময়তে ট্যুৰিঙে নিজ সহকৰ্মী জোআন ক্লাৰ্কক বিবাহৰ প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু বাগদত্তাৰ আগত নিজৰ সমকামিতাৰ কথা প্ৰকাশ কৰাৰ পাছত এই সম্বন্ধ ভাঙি যায়।

১৯৪৫ আমেৰিকা যুক্তৰাষ্ট্ৰত EDVAC আঁচনিৰ অধীনত এটা বৈদ্যুতিন কম্পিউটাৰ (EDVAC) সজাৰ কাম আৰম্ভ কৰা হয়। ইংলেণ্ডতো প্ৰতিযোগিতাৰ মনোভাৱেৰে বৈদ্যুতিন কম্পিউটাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়, আৰু ইয়াৰে জ্যেষ্ঠ মুখ্য বিজ্ঞান প্ৰাধিকাৰীৰ পদত ট্যুৰিঙক অধিষ্ঠিত কৰা হয়। এই আঁচনিৰ অধীনত স্বয়ংক্ৰিয় গাণনিক যন্ত্ৰ (Automatic Computing Machine (ACE))-ৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয়। ACE-ক 'প্ৰ'গ্ৰাম সাঁচিব পৰা কম্পিউটাৰ' (stored-program computer) হিচাপে সাজি উলিওৱাৰ প্ৰয়াস কৰা হৈছিল[29]। এই কম্পিউটাৰত ব্যৱহাৰ কৰিবলৈ ট্যুৰিঙে সাজি উলিয়াইছিল, Abbreviated Code Instructions, যিটো প্ৰথম ব্যৱহৃত কম্পিউটাৰ প্ৰগ্ৰামিং লেংগুৱেজ।

অৱশ্যে ট্যুৰিঙৰ তাত্বিক অগ্ৰগতিৰ বাহিৰে ACE-ৰ প্ৰকৃত নিৰ্মাণৰ কাম অলপো আগবঢ়া নাছিল। ১৯৪৭ চনত ACE-আঁচনিৰ পৰিচালক সংস্থা National Physics Laboratory-য়ে (NPL) ট্যুৰিঙক কেমব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যাপনাৰ কামত নিয়োগ কৰে। অধ্যাপনা কালতে ট্যুৰিঙে স্নায়ুবিজ্ঞান আৰু ফিজিঅ'লজীত মনোনিবেশ কৰে আৰু তাৰ আধাৰতে 'স্নায়ৱিক জাল' (neural net)-ৰ ধাৰণা সম্বলিত এখন গৱেষণা পত্ৰ NPL-লৈ প্ৰেৰণ কৰে। 'স্নায়ৱিক জাল'-ৰ ধাৰণা কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় ধাৰণা।

NPL-ৰ অনীহাৰ বাবেই ACE-ৰ নিৰ্মাণৰ কাম পিছ পৰি ৰয়, আৰু আমেৰিকাত চলি থকা গৱেষণা বহুদূৰ আগবাঢ়ি যায়, আৰু ১৯৪৯ চনত EDVAC-ৰ নিৰ্মাণ সম্পূৰ্ণ হয়। এই সময়খিনিত ট্যুৰিঙৰ গৱেষণাৰ কাম-কাজ কিছু স্তিমিত হয় যদিও তেখেতে দৈৰ্ঘ্য দূৰত্বৰ খোজ কঢ়াত বিশেষ ভাৱে মনোনিবেশ কৰে। কেবাটাও অপেছাদাৰী প্ৰতিযোগিতাত তেখেতে বিজয়ীৰ পুৰস্কাৰ লাভ কৰিছিল, আনকি ১৯৪৮-চনৰ অলিম্পিক খেলৰ বাবে ব্ৰিটিছ দলত তেখেতৰ নাম অন্তৰ্ভুক্ত হোৱাৰো সম্ভাৱনা আছিল।[30][31]

কেমব্ৰিজৰ বসবাস কৰা কালচোৱাত নেভিল জনছন নামে এগৰাকী গণিতৰ ছাত্ৰৰ লগত ট্যুৰিঙৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। এই সময়তে এলান ট্যুৰিঙে নিজৰ সমকামিতাৰ কথা খোলাখুলিকৈয়ে ৰাজহুৱা কৰিবলৈ আৰম্ভ কৰে।

১৯৯৪ চনত ভন নিউমেনৰ অনুৰোধ মৰ্মে এলান ট্যুৰিং আহি মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ উপ-অধীক্ষক পদবীত যোগ দান কৰে। অৱশ্য এই সময়খিনিত কম্পিউটাৰ বিজ্ঞানৰ প্ৰতি ট্যুৰিঙৰ বিশেষ অৱদান পোৱা নাযায়। এই সময়ত তেখেতে বিভিন্ন বিষয় সম্পৰ্কে চিন্তা-চৰ্চা আৰম্ভ কৰে।[32] এই সানমিহলি কামবোৰৰ মাজতে তেখেতে দৰ্শনৰ জাৰ্নেল Mind-ত 'Computing Machinery and Intelligence' নামে এক সুদূৰপ্ৰভাৱী প্ৰবন্ধ প্ৰকাশ কৰে। এই প্ৰবন্ধতে তেখেতে কৃত্ৰিম বুদ্ধিমত্তাৰ দাৰ্শনিক দিশত কেবাটাও মূল্যবান মতবাদ আগবঢ়ায়। ইয়াতেই 'ট্যুৰিঙৰ পৰীক্ষা' (Turing Test)-ৰ বিষয়ে কোৱা হৈছিল। 'ট্যুৰিঙৰ পৰীক্ষা' কৃত্ৰিম বুদ্ধিমত্তাৰ দিশত এটা উল্লেখনীয় অৱদান, আৰু বৰ্তমানেও ইয়াৰ প্ৰাসংগিকতা বিদ্যমান।[33]

ট্যুৰিঙ পৰীক্ষাত এগৰাকী সাধাৰণ বুদ্ধি সম্পন্ন সঁচা মানুহে একে সময়তে এজন সঁচা মানুহ আৰু এটা কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন যন্ত্ৰৰ লগত মিথস্ক্ৰিয়া কৰে (interact) কৰে আৰু সেই মিথস্ক্ৰিয়াৰ ভিত্তিত ব্যক্তিগৰাকীয়ে ক'ব লাগিব কোনজন সঁচা, কোনটো কৃত্ৰিম বুদ্ধিৰ যন্ত্ৰ। যেতিয়াই মানুহজনে প্ৰশ্নোত্তৰ আধাৰত এই পাৰ্থক্য নিৰ্ণয় কৰিব নোৱাৰা অৱস্থা এটা পাব, তেতিয়াই কৃত্ৰিম বুদ্ধিমত্তাক স্বাভাৱিক বুদ্ধিমত্তাৰ পৰ্যায় পোৱা বুলিব পাৰি।[34]

গণিতীয় জীৱবিজ্ঞান

ট্যুৰিং পৰীক্ষাৰ লগতে একে সময়তে এলান ট্যুৰিঙে জীৱবিজ্ঞানৰ বিকাশ আৰু বৃদ্ধিৰ গাণিতিক তত্ত্ব (The Chemical Basis of Morphogenesis)কিছুমান প্ৰণয়ন কৰে।[35][36] সেই সময়তে ট্যুৰিঙে গণিতৰ এটা অদ্য অমীমাংসিত সমীকৰণ 'ৰাইমান জেটা সমীকৰণ'-ৰ ওপৰতো কম্পিউটাৰ প্ৰয়োগ কৰি সমাধান কৰাৰ চেষ্টা কৰে। ১৯৫১ চনত ট্যুৰিং ৰয়েল ছোছাইটিৰ সভ্য নিৰ্বাচিত হয়।

ট্যুৰিঙৰ বিচাৰ আৰু শাস্তি

১৯৫২ চনৰ জানুৱাৰী মাহত ট্যুৰিঙৰ চিনাকি হয় আৰ্নল্ড মাৰে-ৰ সৈতে।[37] এই চিনাকিৰ সূত্ৰে দুয়োজনৰ মাজত যৌন সম্বন্ধ গঢ়ি উঠে। মাৰে-ৰ সহযোগত ট্যুৰিঙৰ ঘৰত হোৱা চুৰিৰ অনুসন্ধানত দুয়োজনৰ মাজত থকা সমকামী সম্পৰ্কৰ কথা পোহৰলৈ আহে। ৩১ মাৰ্চ ১৯৫৩ চনত সমকামিতাৰ বাবে ট্যুৰিঙৰ ওপৰত মোকৰ্দমা আৰম্ভ হয়। সেই সময়ত ইংলেণ্ডৰ আইন অনুসৰি সমকামিতাক অপৰাধ বুলি বিবেচনা কৰা হৈছিল।[38] মোকৰ্দমাৰ সময়ত ট্যুৰিঙে নিজৰ সমকামিতাৰ কথা মুকলিকৈ মানি লয় আৰু এই সম্বন্ধত কোনো দোষৰ কথা মনলৈ নহা বুলি দোহাৰে। বিচাৰত ট্যুৰিং দোষী সাব্যস্ত হয়[39] আৰু এবছৰৰ জেল অথবা যৌন-ইচ্ছা ৰোধকাৰী হ'ৰমনৰ বেজী লোৱাৰ ৰায় দিয়া হয়। ট্যুৰিঙে বেজী ল'বলৈ মান্তি হয় আৰু এবছৰলৈ ইষ্ট্ৰ'জেনৰ বেজী লৈ থাকে।[40][41] এই বেজীৰ প্ৰভাৱত ট্যুৰিঙৰ যৌন ক্ষমতা নোহোৱা হোৱাৰ লগতে স্তন নাৰীৰ দৰে হ'বলৈ আৰম্ভ কৰিছিল।[42]

সমকামিতাৰ দোষত দোষী সাব্যস্ত হোৱাৰ লগে লগে ট্যুৰিঙৰ বিভিন্ন সা-সুবিধা কৰ্তন কৰা হয়। লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা জনিত বিষয়তো তেখেত জড়িত আছিল নেকি তাৰ ওপৰত অনুসন্ধান আৰম্ভ কৰা হয়। সেই সময়ত চলি থকা শীতল যুদ্ধৰ পৰিপ্ৰেক্ষিতত ছোভিয়েট ৰাছিয়াই দুগৰাকী সমকামী ব্যক্তিক দেশৰ বিৰূদ্ধে স্পাই হিচাপে নিয়োগ কৰা হৈছিল বাবেই ট্যুৰিঙৰ ওপৰতো সন্দেহৰ দৃষ্টি পৰিছিল।[43]

মৃত্যু

১৯৫৪ চনৰ ৮ জুন তাৰিখে ট্যুৰিঙৰ ঘৰৰ বন কৰা মহিলাগৰাকীয়ে আহি তেখেতক মৃত অৱস্থাত পায়। তেখেতৰ সম্মুখত মেজত এটা আধা-খোৱা আপেল পোৱা গৈছিল আৰু ট্যুৰিঙৰ মৃত্যুৰ কাৰণ হিচাপে পোৱা গৈছিল চায়েনাইডৰ বিষক্ৰিয়া।[44] ১২ জুনৰ দিনা ট্যুৰিঙৰ দেহ চিতাত তোলা হয়।[45] ট্যুৰিঙৰ মৃত্যুক আদালতে আত্মহত্যা বুলি ৰায় দিছিল। এই বিষক্ৰিয়া দুৰ্ঘটনাজনিত নে আত্মহত্যা সেয়া সঠিককৈ নিৰ্ণয় কৰিব পৰা হোৱা নাই।[46][47][41]

ব্ৰিটিছ চৰকাৰৰ মৰণোত্তৰ দুখপ্ৰকাশ আৰু ৰাজকীয় ক্ষমাদান

চেছায়াৰত থাক ট্যুৰিঙৰ ঘৰৰ সম্মুখত এখন স্মাৰক

২০০৯ চনৰ ১০ ছেপ্টেম্বৰ তাৰিখে হাজাৰৰ সংখ্যাত স্বাক্ষৰ কৰা এখন আপীলৰ[48][49] উত্তৰত ব্ৰিটিছ চৰকাৰৰ হৈ প্ৰধানমন্ত্ৰীৰ দ্বাৰা স্বাক্ষৰিত এক পত্ৰত ট্যুৰিঙৰ প্ৰতি কৰা ভুল স্বীকাৰ কৰি দুঃখ প্ৰকাশ কৰা হয়।[50][51]

ব্ৰিটিছ চৰকাৰৰ প্ৰতি এলান ট্যুৰিঙক নিৰ্দোষ বুলি স্বীকৃতি দিবলৈ আন এখন আপীল কৰা হয়।[52] কিন্তু এই পত্ৰৰ উত্তৰত ব্ৰিটিছ চৰকাৰে মন্তব্য কৰে, "সেই সময়ৰ আইন ব্যৱস্থা অনুযায়ী যি ৰায় দিয়া হৈছিল, তাক ঘূৰাই লোৱাৰ আধিকাৰ নাই। .. সেই সময়ত কৰা ভুলৰ পৰিতাপো এতিয়া কৰা সম্ভৱ নহয়, সেয়ে ইতিহাসক সলনি কৰাৰ চেষ্টা কৰাৰ পৰিৱৰ্তে আমি অনাগত দিনত যাতে তেনে ভুল নকৰোঁ তাৰ বাবেহে প্ৰতিশ্ৰতিবদ্ধ হোৱা উচিত। "[53]

২০১৩ চনৰ ২৪ ডিচেম্বৰ তাৰিখে ব্ৰিটেইনৰ ৰাণীয়ে এলান ট্যুৰিঙক মৰণোত্তৰ ভাৱে ক্ষমাদান কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ৰাণীয়ে ক্ষমাদান কৰা ব্যক্তিৰ সংখ্যা মাত্ৰ চাৰিগৰাকী।[54][55]

তথ্যউৎস

  1. doi:10.1098/rsbm.1955.0019
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  2. Gray, Paul (29 March 1999). "Alan Turing  – Time 100 People of the Century". Time Magazine. Archived from the original on 19 January 2011. https://web.archive.org/web/20110119181237/http://www.time.com/time/magazine/article/0,9171,990624,00.html. "Providing a blueprint for the electronic digital computer. The fact remains that everyone who taps at a keyboard, opening a spreadsheet or a word-processing program, is working on an incarnation of a Turing machine." 
  3. Sipser 2006, পৃষ্ঠা 137
  4. Homer, Steven; Selman, Alan L. (2001). Computability and Complexity Theory. পৃষ্ঠা. 35. ISBN 0-387-95055-9. http://books.google.com/?id=r5kOgS1IB-8C&pg=PA35। আহৰণ কৰা হৈছে: 13 May 2011. 
  5. "Parliamentary bill launched for Alan Turing pardon". The Guardian. http://www.guardian.co.uk/uk/the-northerner/2012/jul/25/alan-turing-private-members-bill-lord-sharkey। আহৰণ কৰা হৈছে: 25 July 2012. 
  6. Hodges 1992, পৃষ্ঠা 5
  7. "The Alan Turing Internet Scrapbook". Turing.org.uk. http://www.turing.org.uk/turing/scrapbook/early.html। আহৰণ কৰা হৈছে: 2 January 2012. 
  8. "London Blue Plaques". English Heritage. Archived from the original on 8 January 2007. https://web.archive.org/web/20070108201616/http://www.english-heritage.org.uk/server/show/nav.001002006005/chooseLetter/T। আহৰণ কৰা হৈছে: 10 February 2007. 
  9. Jones, G. James (11 December 2001). "Alan Turing  – Towards a Digital Mind: Part 1". System Toolbox. Archived from the original on 3 August 2007. http://www.systemtoolbox.com/article.php?history_id=3। আহৰণ কৰা হৈছে: 27 July 2007. 
  10. Hofstadter, Douglas R. (1985). Metamagical Themas: Questing for the Essence of Mind and Pattern. Basic Books. ISBN 0-465-04566-9. OCLC 230812136. 
  11. Hodges 1992, পৃষ্ঠা 26
  12. Hodges 1992, পৃষ্ঠা 34
  13. Hassall, R. The Sherborne formula: the making of Alan Turing Vivat! 2012/13: 17–29.
  14. Teuscher, Christof (ed.) (2004). Alan Turing: Life and Legacy of a Great Thinker. Springer-Verlag. ISBN 3-540-20020-7. OCLC 62339998 53434737 62339998. 
  15. Paul Gray, Alan Turing Archived 2011-01-19 at the Wayback Machine Time Magazine's Most Important People of the Century, p.2
  16. See Section 3 of John Aldrich, "England and Continental Probability in the Inter-War Years", Journal Electronique d'Histoire des Probabilités et de la Statistique, vol. 5/2 Decembre 2009 Journal Electronique d'Histoire des Probabilités et de la Statistique
  17. Hodges 1992, পৃষ্ঠা 88,94
  18. Turing 1937
  19. Hodges 1992, পৃষ্ঠা 138
  20. Turing, A. M. (1938), Systems of Logic Based on Ordinals, archived from the original on 2012-10-23, https://web.archive.org/web/20121023103503/https://webspace.princeton.edu/users/jedwards/Turing%20Centennial%202012/Mudd%20Archive%20files/12285_AC100_Turing_1938.pdf, আহৰণ কৰা হৈছে: 2012-08-16 
  21. Copeland, 2006 p. 378
  22. Jack Copeland, "Colossus and the Dawning of the Computer Age", p. 352 in Action This Day, 2001
  23. Copeland 2004a, পৃষ্ঠা 217
  24. "Alan Turing: Colleagues share their memories". BBC News. 23 June 2012. http://www.bbc.co.uk/news/technology-18541715. 
  25. Brown, Anthony Cave (1975), Bodyguard of Lies: The Extraordinary True Story Behind D-Day, The Lyons Press, ISBN 978-1-59921-383-5 
  26. "Bletchley Park Unveils Statue Commemorating Alan Turing". http://www.bletchleypark.org.uk/news/docview.rhtm/454075। আহৰণ কৰা হৈছে: 30 June 2007. 
  27. Hodges 1992, পৃষ্ঠা 242–245
  28. Hodges 1992, পৃষ্ঠা 245–253
  29. Copeland 2006, পৃষ্ঠা 108
  30. John Graham-Cumming (10 March 2010). "An Olympic honour for Alan Turing". The Guardian. http://www.guardian.co.uk/commentisfree/2010/mar/10/alan-turing-2012-olympics. 
  31. Pat Butcher: In Praise of Great Men Archived 2013-08-18 at the Wayback Machine. 14 September 2009
  32. Turing, Alan M. (Sept. 1948). "Rounding-Off Errors in Matrix Processes". Quarterly Journal of Mechanics and Applied Mathematics খণ্ড 1: 287–308. 
  33. Saygin, A.P., Cicekli, I., & Akman, V. (2000) Turing Test: 50 years later. Minds and Machines, Vol. 10, pp  463–518.
  34. Harnad, Stevan (2008) The Annotation Game: On Turing (1950) on Computing, Machinery and Intelligence Archived 2011-07-17 at the Wayback Machine. In: Epstein, Robert & Peters, Grace (Eds.) Parsing the Turing Test: Philosophical and Methodological Issues in the Quest for the Thinking Computer. Springer
  35. Turing, A. M. (1952). "The Chemical Basis of Morphogenesis". Philosophical Transactions of the Royal Society of London, series B খণ্ড 237 (641): 37–72. doi:10.1098/rstb.1952.0012. 
  36. "Control Mechanism For Biological Pattern Formation Decoded" ScienceDaily, 30 November 2006
  37. "Turing Centenary: The Trial of Alan Turing for Homosexual Conduct" at polarimagazine.com
  38. Hodges 1992, পৃষ্ঠা 458
  39. Leavitt 2007, পৃষ্ঠা 268
  40. "Turing, Alan (1912–1954)". Glbtq.com. http://www.glbtq.com/social-sciences/turing_a,2.html। আহৰণ কৰা হৈছে: 29 May 2011. 
  41. 41.0 41.1 Pease, Roland (23 June 2012). "Alan Turing: Inquest's suicide verdict 'not supportable'". BBC News Online. http://www.bbc.co.uk/news/science-environment-18561092। আহৰণ কৰা হৈছে: 23 June 2012. "We have... been recreating the narrative of Turing's life, and we have recreated him as an unhappy young man who committed suicide. But the evidence is not there"" 
  42. Andrew Hodges (2012). Alan Turing: The Enigma The Centenary Edition. Princeton University. 
  43. Leavitt 2007, পৃষ্ঠা 269
  44. Hodges 1992, পৃষ্ঠা 488
  45. Hodges 1992, পৃষ্ঠা 529
  46. Leavitt 2007, পৃষ্ঠা 140 and Hodges 1992, পৃষ্ঠা 149, 489
  47. Garner, Alan (11 November 2011). "My hero: Alan Turing, by Alan Garner". The Guardian (Guardian News and Media Limited). http://www.guardian.co.uk/books/2011/nov/11/alan-turing-my-hero-alan-garner। আহৰণ কৰা হৈছে: 23 June 2012. 
  48. Thousands call for Turing apology. BBC News. 31 August 2009. http://news.bbc.co.uk/2/hi/technology/8226509.stm। আহৰণ কৰা হৈছে: 31 August 2009. 
  49. Petition seeks apology for Enigma code-breaker Turing. CNN. 1 September 2009. Archived from the original on 5 October 2009. https://web.archive.org/web/20091005081407/http://www.cnn.com/2009/WORLD/europe/09/01/alan.turing.petition/index.html। আহৰণ কৰা হৈছে: 1 September 2009. 
  50. "PM apology after Turing petition". BBC News. 11 September 2009. http://news.bbc.co.uk/2/hi/technology/8249792.stm. 
  51. Davies, Caroline (11 September 2009). "PM's apology to codebreaker Alan Turing: we were inhumane". The Guardian (UK). http://www.guardian.co.uk/world/2009/sep/11/pm-apology-to-alan-turing. 
  52. "Petition to pardon computer pioneer Alan Turing started". BBC News. 6 December 2011. http://www.bbc.co.uk/news/uk-england-manchester-16061279. 
  53. "Widespread Celebrations But No Pardon For Turing". 6 February 2012. http://www.i-programmer.info/news/82-heritage/3735-widespread-celebrations-but-no-pardon-for-turing.html. 
  54. Tim Shipman, Queen gives royal pardon to Alan Turing, the WWII codebreaking hero who was convicted for being gay then sterilised by the state, The Daily Mail, ২৪ ডিচেম্বৰ, ২০১৩, আহৰণ কৰা তাৰিখ: ১৫ জানুৱাৰী, ২০১৫
  55. শাম ঝোনেস, Alan Turing granted posthumous pardon by Queen, www.ft.com, ২৪ ডিচেম্বৰ, ২০১৩, আহৰণ কৰা তাৰিখ: ১৫ জানুৱাৰী, ২০১৫

তথ্য সমল

  • Agar, Jon (2003). The government machine: a revolutionary history of the computer. প্ৰকাশক Cambridge, Massachusetts: MIT Press. ISBN 978-0-262-01202-7. 
  • Alexander, C. Hugh O'D. (circa 1945), Cryptographic History of Work on the German Naval Enigma, The National Archives, Kew, Reference HW 25/1, http://www.ellsbury.com/gne/gne-000.htm 
  • Beniger, James (1986). The control revolution: technological and economic origins of the information society. প্ৰকাশক Cambridge, Massachusetts: Harvard University Press. ISBN 0-674-16986-7. 
  • Babbage, Charles (1864). Campbell-Kelly, Martin. ed. Passages from the life of a philosopher. Rough Draft Printing. 2008. ISBN 978-1-60386-092-5. 
  • Bodanis, David (2005). Electric Universe: How Electricity Switched on the Modern World. প্ৰকাশক New York: Three Rivers Press. ISBN 0-307-33598-4. OCLC 61684223. 
  • Bruderer, Herbert: Konrad Zuse und die Schweiz. Wer hat den Computer erfunden? Charles Babbage, Alan Turing und John von Neumann Oldenbourg Verlag, München 2012, XXVI, 224 Seiten, ISBN 978-3-486-71366-4
  • Campbell-Kelly, Martin; Aspray, William (1996). Computer: A History of the Information Machine. প্ৰকাশক New York: Basic Books. ISBN 0-465-02989-2. 
  • Ceruzzi, Paul (1998). A History of Modern Computing. প্ৰকাশক Cambridge, Massachusetts, and London: MIT Press. ISBN 0-262-53169-0. 
  • Chandler, Alfred (1977). The Visible Hand: The Managerial Revolution in American Business. প্ৰকাশক Cambridge, Massachusetts: Belknap Press. ISBN 0-674-94052-0. 
  • Copeland, B. Jack (2004a). "Colossus: Its Origins and Originators". IEEE Annals of the History of Computing খণ্ড 26 (4): 38–45. doi:10.1109/MAHC.2004.26. 
  • Copeland, B. Jack (ed.) (2004b). The Essential Turing. প্ৰকাশক Oxford: Oxford University Press. ISBN 0-19-825079-7. OCLC 224173329 48931664 57434580 57530137 59399569 156728127 224173329 48931664 57434580 57530137 59399569. 
  • Copeland (ed.), B. Jack (2005). Alan Turing's Automatic Computing Engine. প্ৰকাশক Oxford: Oxford University Press. ISBN 0-19-856593-3. OCLC 56539230 224640979 56539230. 
  • Copeland, B. Jack (2006). Colossus: The secrets of Bletchley Park's code-breaking computers. Oxford University Press. ISBN 978-0-19-284055-4. 
  • Edwards, Paul N (1996). The closed world: computers and the politics of discourse in Cold War America. প্ৰকাশক Cambridge, Massachusetts: MIT Press. ISBN 0-262-55028-8. 
  • Gannon, Paul (2007) [2006], Colossus: Bletchley Park's Greatest Secret, প্ৰকাশক London: Atlantic Books, ISBN 978-1-84354-331-2 
  • Hilton, Peter (2006), "Living with Fish: Breaking Tunny in the Newmanry and Testery"  in Copeland 2006, পৃষ্ঠা 189–203
  • Hodges, Andrew (1992) [1983], Alan Turing: the enigma, প্ৰকাশক London: Burnett Books, ISBN 0-04-510060-8 
  • Hochhuth, Rolf (1988). Alan Turing: en berättelse. Symposion. ISBN 978-91-7868-109-9. 
  • Leavitt, David (2007). The man who knew too much: Alan Turing and the invention of the computer. Phoenix. ISBN 978-0-7538-2200-5. 
  • Levin, Janna (2006). A Madman Dreams Of Turing Machines. প্ৰকাশক New York: Knopf. ISBN 978-1-4000-3240-2. 
  • Lewin, Ronald (1978). Ultra Goes to War: The Secret Story. Classic Military History (Classic Penguin সম্পাদনা). প্ৰকাশক London, England: Hutchinson & Co (published 2001). ISBN 978-1-56649-231-7. 
  • Lubar, Steven (1993). Infoculture. প্ৰকাশক Boston, Massachusetts and New York: Houghton Mifflin. ISBN 0-395-57042-5. 
  • Mahon, A.P. (1945). The History of Hut Eight 1939–1945. UK National Archives Reference HW 25/2. http://www.ellsbury.com/hut8/hut8-000.htm। আহৰণ কৰা হৈছে: 10 December 2009. 
  • Oakley, Brian, ed. (2006), The Bletchley Park War Diaries: July 1939  — August 1945 (2.6 সম্পাদনা), Wynne Press 
  • O'Connell, H; Fitzgerald, M (2003), "Did Alan Turing have Asperger's syndrome?", Irish Journal of Psychological Medicine (Irish Institute of Psychological Medicine) খণ্ড 20: 28–31, ISSN 0790-9667 
  • অ’ কন্নৰ, জন যে.; ৰবাৰ্টছন, এডমাণ্ট এফ, "Alan Mathison Turing", মেকটিউটৰ হিষ্ট্ৰী অৱ মেথমেটিকছ আৰ্কাইভ, ইউনিভাৰ্ছিটি অৱ ছেইণ্ট এনড্ৰিউছ, http://www-history.mcs.st-andrews.ac.uk/Biographies/Turing.html .
  • Petzold, Charles (2008). "The Annotated Turing: A Guided Tour through Alan Turing's Historic Paper on Computability and the Turing Machine". Indianapolis: Wiley Publishing. ISBN 978-0-470-22905-7
  • Smith, Roger (1997). Fontana History of the Human Sciences. London: Fontana.
  • Sipser, Michael (2006). Introduction to the Theory of Computation. PWS Publishing. ISBN 0-534-95097-3. 
  • Weizenbaum, Joseph (1976). Computer Power and Human Reason. London: W.H. Freeman. ISBN 0-7167-0463-3
  • Turing, A. M. (1937) [Delivered to the Society November 1936], "On Computable Numbers, with an Application to the Entscheidungsproblem", Proceedings of the London Mathematical Society, 2 খণ্ড 42: 230–65, doi:10.1112/plms/s2-42.1.230, http://www.comlab.ox.ac.uk/activities/ieg/e-library/sources/tp2-ie.pdf  and Turing, A.M. (1938). "On Computable Numbers, with an Application to the Entscheidungsproblem: A correction". Proceedings of the London Mathematical Society খণ্ড 43: পৃষ্ঠা 544–6. 1937. doi:10.1112/plms/s2-43.6.544. 
  • Turing, Sara Stoney (1959). Alan M Turing. W Heffer.  Turing's mother, who survived him by many years, wrote this 157-page biography of her son, glorifying his life. It was published in 1959, and so could not cover his war work. Scarcely 300 copies were sold (Sara Turing to Lyn Newman, 1967, Library of St John's College, Cambridge). The six-page foreword by Lyn Irvine includes reminiscences and is more frequently quoted.
  • Whitemore, Hugh; Hodges, Andrew (1988). Breaking the code. S. French.  This 1986 Hugh Whitemore play tells the story of Turing's life and death. In the original West End and Broadway runs, Derek Jacobi played Turing and he recreated the role in a 1997 television film based on the play made jointly by the BBC and WGBH, Boston. The play is published by Amber Lane Press, Oxford, ASIN: B000B7TM0Q
  • Williams, Michael R. (1985) A History of Computing Technology, Englewood Cliffs, New Jersey: Prentice-Hall, ISBN 0-8186-7739-2
  • Yates, David M. (1997). Turing's Legacy: A history of computing at the National Physical Laboratory 1945–1995. প্ৰকাশক London: London Science Museum. ISBN 0-901805-94-7. OCLC 40624091 123794619 40624091. 

অধিক জানিবলৈ

বাহ্যিক সংযোগ

গৱেষণা পত্ৰ