কপৌ ফুল
কপৌ ফুল | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বৰ্গ: | Asparagales |
পৰিয়াল: | Orchidaceae |
উপপৰিয়াল: | Epidendroideae |
গোত্ৰ: | Vandeae |
Subtribe: | Aeridinae |
গণ: | Rhynchostylis |
প্ৰজাতি: | R. retusa |
বৈজ্ঞানিক নাম | |
Rhynchostylis retusa |
কপৌ ফুল (ইংৰাজী: Foxtail Orchid, বৈজ্ঞানিক নাম: Rhynchostylis retusa) হৈছে এবিধ ভান্দা গোটৰ আকৰ্ষক অৰ্কিড প্ৰজাতি। এই অৰ্কিডৰ ফুল বিলাক প্ৰায় এশতকৈয়ো অধিক বগা ৰঙৰ ওপৰত গুলপীয়া ফুট ফুট থকা ফুলৰ এক সমষ্টিৰ ৰূপত পোৱা যায়।
বিতৰণ
এই উদ্ভিদটো মুকলি অৰণ্যত বা বনাঞ্চলৰ প্ৰান্তত 300–1,500 মিটাৰ (980–4,900 ফুট) উচ্চতাত গছৰ ডালত গজা epiphyte। ইয়াক ভূটান, কম্বোডিয়া, চীন (গুইজৌ, ইউনান), ভাৰত, ইণ্ডোনেছিয়া, লাওছ, মলেছিয়াত পোৱা যায়। ], ম্যানমাৰ, নেপাল, ফিলিপাইনছ, চিংগাপুৰ, শ্ৰীলংকা, থাইলেণ্ড, আৰু ভিয়েটনাম.উদ্ধৃতি ত্ৰুটি: অবৈধ <ref>
টেগ;
অবৈধ নাম, যেনে- বহুসংখ্যক[1]
ভাৰতত এই উদ্ভিদ ঘাইকৈ উত্তৰ পূৰ্বাঞ্চল, উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশত পোৱা যায়। বায়'-পাইৰেছীৰ কবলত পৰি এই উদ্ভিদ এতিয়া ভাৰতত লুপ্ত হোৱাৰ পথত। কপৌ ফুলক অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল হিচাপে মান্যতা দিয়া হৈছে।
যত্ন
এই উদ্ভিদৰ বাবে সম পৰিমাণত জলযোগান আৰু গোটেই বছৰত সম পৰিমাণত সাৰৰ প্ৰয়োগৰ প্ৰয়োজন।[2] যদিহে পাত বোৰ বেছিকৈ তিতি থাকে তেতিয়াহলে মৰি যোৱাৰ সম্ভাৱনা থাকে। ইহঁতে পৰোক্ষ পোহৰ পছন্দ কৰে। ফুল সাধাৰণতে বসন্তৰ শেষৰ ফালে ফুলে।[3]
ব্যৱহাৰ
ঔষধিয় গুণৰ বাবে এই উদ্ভিদ কটা-ছিঙা, ঘা আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। কাণ পকিলে বা কাণৰ বিষ হ'লে বিষ নিৰাময়ৰ বাবে কপৌফুলৰ কেঁচা পাতৰৰস এক-দুইটোপাল ব্যৱহাৰ কৰা হয়।
অসমত এই অৰ্কিড খুব জনপ্ৰিয় আৰু অসমীয়া ব'হাগ বিহুৰ লগত ওতঃপ্ৰোত সমন্ধ আছে। বিহু নাচিবৰ বাবে বিহুৱতীৰ মূৰৰ খোপাত কপৌ ফুল ব্যৱহাৰ হয়। ডেকা- গাভৰু সকলে ইয়াক প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰে। লগতে এই অৰ্কিডক উৰ্বৰতা আৰু সুখ সমৃদ্ধিৰ চিহ্ন হিচাপেও প্ৰক্ষেপ কৰা যায়। স্থানীয় লোকৰ বিবাহ অনুষ্ঠানতো এই অৰ্কিডৰ ফুল ব্যৱহাৰ হয়। জনজীৱনৰ লগত ইয়াৰ ওতঃপ্ৰোত সমন্ধ আৰু গুৰুত্বৰ বাবে ইয়াক প্ৰায়ভাগ অসমীয়া পৰিয়ালৰ চৌহদত ৰোপণ কৰা দেখা যায় আৰু লগতে ই অসমৰ ৰাজ্যিক ফুল হিচাপেও মান্যতা প্ৰাপ্ত।
তথ্য সংগ্ৰহ
- ↑ "Distribution - Rhynchostylis retusa". Tropicos.org. Retrieved on 2013-03-18.
- ↑ তথ্যসূত্ৰ সতৰ্কবাণী:
<ref>
tag with nameob
cannot be previewed because it is defined outside the current section or not defined at all. - ↑ (1998-01-20). "Rhynchostylis page". Orchid Species.com. Retrieved on 2013-03-18.
ৱিকিমিডিয়া কমন্সত কপৌফুল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |