কলকাতাৰ দুৰ্গা পূজা

কলকাতাৰ দুৰ্গা পূজা হৈছে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত পালন কৰা বাৰ্ষিক উৎসৱ। ইয়াত হিন্দু মাতৃ দেৱী দুৰ্গাৰ পূজা চিহ্নিত কৰা হয়।[1][2] এই উৎসৱ পশ্চিমবংগৰ ৰাজধানী কলকাতাত বঙালীসকলৰ বৃহত্তম উৎসৱৰ লগতে বৃহত্তম ধৰ্মীয় উৎসৱ।[3][4] লগতে, ই কলকাতাৰ বঙালী হিন্দু বা হিন্দুৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱ।[4]

কলকাতাত প্ৰায় ৩ হাজাৰ বাৰোৱাৰী পূজা অনুষ্ঠিত হয়। বৃহৎ বাজেট (কোটি কোটি টকা)ৰে মহানগৰীত ২০০ৰো অধিক পূজাৰ আয়োজন কৰা হয়।[5]

২০২১ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা - ইউনেস্ক’ৰ দ্বাৰা ‘মানৱতাৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য’ৰ তালিকাত কলকাতাৰ দুৰ্গা পূজা সন্নিবিষ্ট কৰা হৈছে।[6]

ইতিহাস

১৬১০ চনৰ পৰা সবৰনা ৰায় চৌধুৰী পৰিয়ালে কলকাতাৰ বৰিশাত থকা তেওঁলোকৰ আদি বাসগৃহত দুৰ্গা পূজাৰ আয়োজন কৰি আহিছে।[7] এইটোৱেই হয়তো কলকাতাৰ আটাইতকৈ পুৰণি দুৰ্গা পূজা উৎসৱ। নৱকৃষ্ণ দেৱে ১৭৫৭ চনত শোভাবজাৰ ৰাজবাৰীত দুৰ্গা পূজা আৰম্ভ কৰে।[8][9]

বিংশ শতিকাৰ আৰম্ভণিতে কলকাতাত বাৰোৱাৰী দুৰ্গা পূজা আৰম্ভ হৈছিল। বাৰোৱাৰী দুৰ্গা পূজা শীঘ্ৰে কলকাতাত সাধাৰণ মানুহৰ উৎসৱত পৰিণত হয়। ইয়াৰ পূৰ্বে কলকাতাৰ দুৰ্গা পূজা ধনী পৰিয়ালত আবদ্ধ হৈ আছিল। ১৯১০ চনত ভৱনীপুৰৰ বলৰাম বসু ঘাট পথত "ভৱনীপুৰ সনাতন ধৰ্মাৎসহিনী সভা"ৰ উদ্যোগত কলকাতাৰ প্ৰথম বাৰোৱাৰী দুৰ্গা পূজাৰ আয়োজন কৰা হয়।[7]

১৯৮৫ চনৰ পৰা এছিয়ান পেইণ্টছ অথৰিটিয়ে কলকাতাৰ দুৰ্গা পূজা সমিতিসমূহক বঁটা প্ৰদানৰ প্ৰথা প্ৰৱৰ্তন কৰি আহিছে। এই বঁটাৰ নাম এছিয়ান পেইণ্টছ শাৰদ সন্মান। পিছলৈ আন বহুতো ব্যৱসায়িক সংস্থাই কলকাতাত দুৰ্গা পূজাৰ বাবে "শাৰদ সন্মান" বা দুৰ্গা পূজা বঁটা প্ৰৱৰ্তন কৰে।[10][11][12]

পশ্চিম বংগ চৰকাৰে ২০১৩ চনত বিশ্ব বাংলা শৰদ সন্মানৰ প্ৰৱৰ্তন কৰে।[13]

সম্প্ৰসাৰণ

যুগন্তৰ আৰু আনন্দবাজাৰ পত্ৰিকাৰ প্ৰতিৱে‍দনত ১৯৫০ চনৰ পৰা সৰ্বজনীন (ৰাজহুৱা) পূজাৰ ব্যয়ৰ মোটামুটি অনুমান দিয়া হৈছে। ১৯৫৭ চনত প্ৰতিটো পূজা সমিতিয়ে‍ সেই সময়ত গড়ে ৮,০০০ ৰ পৰা ১২,০০০ টকা খৰচ কৰিছিল, পূজাসমূহৰ মুঠ খৰচ আছিল প্ৰায় ২৫ লাখ টকা; ১৯৮৪ চনত সেই মুঠ ধন প্ৰায় ২ কোটিলৈ বৃদ্ধি পায়।[14]

২০১২ চনৰ টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিৱেদনত সেই বছৰৰ কলকাতাৰ দুৰ্গা পূজাৰ ব্যয়ৰ পৰিসংখ্যা দিয়া হৈছিল। প্ৰতিৱেদন অনুসৰি কলকাতাৰ ৩,৫৭৭খন পূজাৰ বাবে মুঠ ১২৩.০৫ কোটি টকা ব্যয় কৰা হৈছিল।[15]

পূজাঃ উৎসৱ

দুৰ্গা পূজা মূলতঃ ৫ দিন - ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী আৰু বিজয়া দশমী হিচাপে‍ পালন কৰা হয়। কিন্তু কলকাতাৰ দুৰ্গা পূজাৰ আশে-পাশে উৎসৱৰ আমেজ ষষ্ঠীৰ আগৰ পৰাই আৰম্ভ হয়, মূলতঃ মহালয়াৰ পৰাই আৰম্ভ হয়। মহালয়াৰ দিনৰে পৰা ৰাইজৰ বাবে মুকলি কৰা হয় দুৰ্গা পূজা পণ্ডল। কলকাতাৰ দুৰ্গা পূজাৰ প্ৰধান আকৰ্ষণ হৈছে সজ্জা, ভাস্কৰ্য্য, পেণ্ডেল,[16] পোহৰ আৰু আলোকসজ্জা, আৰু কাৰ্নিভাল৷[13]

পূজাৰ বিৱৰ্তন

সপ্তদশ শতিকাত জমিদাৰসকলে নিজৰ ৰাজবাৰীত পূজা আয়োজন কৰাৰ পৰা আজি এই উৎসৱ আনন্দ আৰু অসীম আনন্দৰ প্ৰতীক হৈ পৰিছে। দেৱীক ঘৰলৈ উভতি অহাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়, দেৱীক কেন্দ্ৰ কৰি বৰ্তমান সময়ত পূজাত অতিৰিক্ত পেণ্ডেল, পেণ্ডেল হপিং, বিভিন্ন বিষয়বস্তুৰ অন্তৰ্ভুক্তিৰ লগতে পোহৰৰ বিশাল শৃংখলৰ সাক্ষী হৈ পৰিছে। ই হৈ পৰিছে পৃথিৱীখনক দেখা আৰু নিজকে স্থাপন কৰাৰ এক ধৰণ৷[17]

আনকি কুৰি‍ শতিকালৈকেও কলকাতাৰ দুৰ্গা পূজা মূলতঃ ধৰ্মীয় আৰু পাৰিবাৰিক অনুষ্ঠান আছিল, য’ত বিভিন্ন সম্প্ৰদায়ে একত্ৰিত হৈ তেওঁক পূজা কৰিছিল আৰু উৎসৱৰ সৈতে জড়িত যুগ যুগ ধৰি চলি অহা পৰম্পৰাত অংশগ্ৰহণ কৰিছিল। আৱেগ, ভক্তি আৰু সামূহিক মনোভাৱ এতিয়াও ফুটি‍ উঠিছে যদিও দুৰ্গা পূজাৰ পৰিসৰ, শৈলী আৰু সাংস্কৃতিক তাৎপৰ্য্যৰ ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন হৈছে।[18]

তথ্য সংগ্ৰহ

  1. "The Goddess Durga: The Mother of the Hindu Universe". www.learnreligions.com. Learn Religions. https://www.learnreligions.com/goddess-durga-1770363। আহৰণ কৰা হৈছে: 9 October 2022. 
  2. "Devi". www.worldhistory.org. World History. https://www.worldhistory.org/Devi/। আহৰণ কৰা হৈছে: 9 October 2022. 
  3. "Kolkata’s biggest religious festival Durga Puja reframed as international art experience" (en ভাষাত). The World from PRX. https://theworld.org/media/2022-09-29/kolkata-s-biggest-religious-festival-durga-puja-reframed-international-art। আহৰণ কৰা হৈছে: 2022-12-16. 
  4. 4.0 4.1 (en ভাষাত). প্ৰকাশক Kolkata. 5 September 2022. https://www.hindustantimes.com/photos/news/durga-puja-2022-city-of-joy-kolkata-gears-up-for-biggest-festival-101662375005823-1.html. 
  5. Shiv Sahay Singh. "I-T notices to Durga Pujas even as festival seeks UNESCO status" (en ভাষাত). The Hindu. প্ৰকাশক Kolkata: www.thehindu.com. https://www.thehindu.com/news/cities/kolkata/i-t-notices-to-durga-pujas-even-as-festival-seeks-unesco-status/article25980616.ece. 
  6. "UNESCO – Durga Puja in Kolkata" (en ভাষাত). ich.unesco.org. https://ich.unesco.org/en/RL/durga-puja-in-kolkata-00703। আহৰণ কৰা হৈছে: 9 October 2022. 
  7. 7.0 7.1 "বাড়ি থেকে বাৰোয়াৰি সফৰ" (bn ভাষাত). Eisamay. প্ৰকাশক Kolkata: www.eisamay.com. 19 October 2015. https://eisamay.com/special-coverage/durga-puja-2015/exclusives-news/the-transition-from-bonedi-pujo-to-baroari-pujo/articleshow/49288324.cms. 
  8. Bangiya Sabarna Katha Kalishetra Kalikatah by Bhabani Roy Choudhury, (Bengali), Manna Publication. আই.এচ.বি.এন. 81-87648-36-8
  9. Sabarna Prithivi - website of the Sabarna Roy Choudhury family
  10. "About Asian Paints Sharad Shamman". Archived from the original on 10 October 2008. https://web.archive.org/web/20081010155248/http://classified.rediff.com/search/detail/Khidderpore_/2202106_2194515?srch_key=kolkata&srch_loc=india&srch_area=&camp_crid=2197101&srch_campowner=&srch_city=Kolkata&srch_state=West%20Bengal&srch_country=India। আহৰণ কৰা হৈছে: 9 October 2022. 
  11. Commercialization of Durga Puja awards
  12. Success for Asian Paints after the Sharad Shamman
  13. 13.0 13.1 "Red Road hosts grand Durga Puja carnival after two years, top artworks showcased" (en ভাষাত). The Indian Express. www.indianexpress.com. 9 October 2022. https://indianexpress.com/article/cities/kolkata/red-road-hosts-grand-durga-puja-carnival-after-two-years-top-artworks-showcased-8198187/. 
  14. Guha-Thakurta, Tapati (2015). In the Name of the Goddess (First সম্পাদনা). প্ৰকাশক Delhi: Primus Books. পৃষ্ঠা. 32. ISBN 978-93-84082-46-8. https://books.google.com/books?id=oi0jswEACAAJ&q=In+the+Name+of+the+Goddess+Tapati+Guha-Thakurta। আহৰণ কৰা হৈছে: 11 October 2022. 
  15. Subhro Niyogi (27 October 2022). "At Rs 123cr, puja spend touches new high this year" (en ভাষাত). Times of India. প্ৰকাশক Kolkata: timesofindia.indiatimes.com. https://timesofindia.indiatimes.com/city/kolkata/at-rs-123cr-puja-spend-touches-new-high-this-year/articleshow/16975776.cms. 
  16. "Durga Puja 2022: Kolkata turns pandal hoppers' paradise post pandemic" (en ভাষাত). New indian Express. www.newindianexpress.com. 4 October 2022. https://www.newindianexpress.com/galleries/nation/2022/oct/04/durga-puja-2022-kolkata-turns-pandal-hoppersparadise-post-pandemic-103363.html. 
  17. "How our consumption of Durga Puja has changed over the years". https://indianexpress.com/article/express-sunday-eye/consumption-of-durga-puja-changed-over-years-pandals-8183314/. 
  18. "The Evolution of Durga Pujo: From Tradition to Trend in Kolkata". https://www.linkedin.com/pulse/evolution-durga-pujo-from-tradition-trend-kolkata-madhuparna-dey-wciee.