কেঁচু

কেঁচু
Lumbricus terrestris, সচৰাচৰ দেখা কেঁচুৰ প্ৰজাতিবিধ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Annelida
শ্ৰেণী: Clitellata
বৰ্গ: Haplotaxida
উপবৰ্গ: Lumbricina
Hermann Burmeister, 1837
পৰিয়াল
  • Acanthodrilidae
  • Ailoscolidae
  • Alluroididae
  • Almidae (disputed)
  • Criodrilidae
  • Eudrilidae
  • Exxidae
  • Glossoscolecidae
  • Hormogastridae
  • Lumbricidae
  • Lutodrilidae
  • Megascolecidae
  • Microchaetidae
  • Ocnerodrilidae
  • Octochaetidae
  • Sparganophilidae

কেঁচু (ইংৰাজী: Earth-Worm; বৈজ্ঞানিক নাম: Lumbricus terrestris) এবিধ অমেৰুদণ্ডী বলয়ী প্ৰাণী। ইহঁতে সাধাৰণতে কোমল, বেছি পৰিমাণে হিউমাচ থকা চহ কৰা মাটিত ৩০ৰ পৰা ৪৫ ছেণ্টিমিটাৰ দ গাঁত কৰি বাস কৰে। কলগছ, বন্ধাকবি, আৰু শাক-পাচলিৰ পাতৰ তলতো ইহঁতক দেখা যায়। পঁচা পাত, জাবৰ, সৰু প্ৰাণীৰ মৃতদেহ ইহঁতৰ খাদ্য।

দৈহিক গঠন

কেঁচুৰ দেহৰ আকৃতি নলীৰ দৰে দীঘল আৰু ঘূৰণীয়া। ইহঁতৰ আগফালৰ মূৰটো খীণ আৰু জোঙা, পিছৰ ফালটো ভোটা। ইহঁতে ছালেৰে উশাহ-নিশাহ লয়। ছালখন জুলীয়া ৰসেৰে সেমেকি থাকে। ইয়াৰ দেহৰ ৰং গাঢ় বাদামী নাইবা মাটিয়া বৰণৰ। পিঠিৰ ফালৰ ৰং বুকুৰ ৰঙতকৈ গাঢ়। পৃথিৱীৰ কোনো কোনো ঠাইত নীলা,সেউজীয়া ৰঙৰ কেঁচুও দেখিবলৈ পোৱা গৈছে॥,[1] এডাল পৈণত কেঁচু সাধাৰণতে ১৫-২০ ছেণ্টিমিটাৰমান দীঘল হোৱা দেখা যায়। গোটেই গাটো ১০০-১৫০টামান বলয়ৰে গঠিত। এই বলয়কেইটা সংকোচন আৰু প্ৰসাৰণৰ জৰিয়তে মাটিত খোপনি পুতি চলাচল কৰে।[2] ইহঁতৰ দেহত মূৰৰপৰা শেষলৈকে এডাল কলা ৰঙৰ ৰেখা দেখিবলৈ পোৱা যায়। এইডাল হৈছে ইহঁতৰ তেজবাহী নলী। পৈণত কেঁচুৰ চতুৰ্দশ,পঞ্চদশ আৰু ষোড়শ অৱস্থানত থকা বলয় তিনিটা বিশেষ গ্ৰন্থিকলাৰ দ্বাৰা গঠিত। এই শকত বলয় তিনিটাই হৈছে প্ৰমেলখা (clitellum)। ইয়াতে ইহঁতৰ প্ৰজনন অংগ অৱস্থিত।[3] ইহঁতে প্ৰমেলখাত থকা গ্ৰন্থিকোষৰপৰা ওলোৱা ৰসেৰে ইহঁতৰ কণীবোৰ ঢাকি ৰাখিবৰ বাবে এখন আৱৰণ (cocoon) তৈয়াৰ কৰে। কেঁচুৰ গাৰ কোনো অংশ চিঙি বিচ্ছিন্ন হ'লে তাক পুনৰ উৎপাদন কৰাৰ ক্ষমতা আছে।

প্ৰজনন প্ৰক্ৰিয়া

কেঁচু এবিধ উভয়লিংগ Hermaphrodites (say her-maff-row-die-ts)প্ৰাণী।[4] অৰ্থাৎ একোটা কেঁচুৰ পুং আৰু স্ত্ৰী দুয়োটা জননেন্দ্ৰিয় থাকে। সেইবাবে প্ৰত্যেকটো কেঁচুৱেই কণী পাৰিব পাৰে। কেঁচুৰ দেহত থকা প্ৰমেলখা (clitellum)ত ইহঁতৰ প্ৰজনন অংগ অৱস্থিত। প্ৰজননৰ সময়ত প্ৰমেলখাৰ ৰং উজ্জ্বল গোলাপী বা সুমথিৰা ৰঙী হয়। প্ৰজননৰ সময়ত এখন পাতলীয়া আৱৰণে দুয়োটা কেঁচুৰ সংলগ্ন অংশটো আৱৰি ৰাখে। এই আৱৰণটোৰ ভিতৰেই কণীবোৰ নিসিক্ত হয় আৰু কেঁচুকেইটা বিচ্ছিন্ন হোৱাৰ পাছত ক'কন(cocoon) আকৃতিত আৱৰণটো বন্ধ হৈ কণীবোৰক সুৰক্ষা প্ৰদান কৰে। এই ক'কনবিলাক মাটিৰ লগতে মিহলি হৈ থাকে। উষ্ম বাতাবৰণত প্ৰায় ১৫ দিনমানতে কণীৰপৰা পোৱালি হয়। কিন্তু শীতল বাতাবৰণত দুইৰপৰা তিনিমাহ পৰ্যন্ত লাগে। পোৱালি অৱস্থাত ক'কনৰ ভিতৰত থকা এলবুমেনকে (Albumen) খাদ্য হিচাবে গ্ৰহণ কৰে।[5] কেঁচুৰ আয়ুস ৩ ৰ পৰা ৫ বছৰ পৰ্যন্ত।

খাদ্য প্ৰণালী

গেলা-পচা সকলো জৈৱিক বস্তুৱেই কেঁচুৰ খাদ্য। কেঁচুৱে মাটিৰ লগত মিহলি হৈ থকা সকলো পচা বস্তুকেই মাটিৰে সৈতে গ্ৰহণ কৰে। পাছত খাদ্যৰ বাবে লাগতিয়াল অংশসমূহ শৰীৰৰ ভিতৰত গ্ৰহণ কৰি অলাগতিয়াল মাটিখিনি পায়ুৰ দ্বাৰা বাহিৰলৈ উলিয়াই দিয়ে। এই মাটিখিনিকে কেঁচুমটা (Earthworm castings) বোলা হয়। এই কেঁচুমটাবোৰ উদ্ভিদৰ উৎকৃষ্ট সাৰ।

কেঁচুৰ উপকাৰিতা

কেঁচুৱে উৰ্বৰ মাটি কেঁচুমটা হিচাবে ওপৰলৈ উলিয়াই আনে। কেঁচুৰ খাদ্যনলীৰ মাজেৰে এই মাটিবোৰ ওলাই অহা বাবে যথেষ্ট পৰিমাণে নাইট্ৰ'জেন জাতীয় পদাৰ্থ মিহলি হৈ মাটিখিনি সাৰুৱা কৰি তোলে। কেঁচুৱে খন্দা গাঁতবোৰেৰে মাটিৰ ভিতৰলৈ বায়ু আৰু পানী সোমাই যোৱাত সহায় কৰে আৰু শস্যৰ কুমলীয়া শিপাবোৰ মাটিৰ তললৈ সহজে বাঢ়ি যোৱাত সহায় কৰে। এনেবোৰ কাৰণৰ বাবে কেঁচুক কৃষকৰ বন্ধু বুলি কোৱা হয়। কেঁচুৰ দ্বাৰাই কেঁচুসাৰ(Vermicompost) নামৰ এবিধ উত্তম জৈৱিক সাৰ তৈয়াৰ কৰা হয়।

আলোকচিত্ৰৰ ভঁৰাল

তথ্য সংগ্ৰহ

  1. www.nhm.ac.uk/nature-online/species-of-the-day/common-species/allolobophora-chlorotica/index.html
  2. www.sas.upenn.edu/~rlenet/Earthworms.html
  3. http://powerman486.tripod.com/info.html
  4. http://powerman486.tripod.com/info.html
  5. http://betuco.be/compost/Earthworms.pdf[সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ