কোৱাণ্টাম বলবিজ্ঞান
কোৱাণ্টাম বলবিজ্ঞান |
---|
অনিশ্চয়তাৰ নীতি |
পৰিচয় শব্দাৱলী · ইতিহাস |
পটভূমি |
মৌলিক ধাৰণাসমূহ পৰিপূৰকত্ব · সুসংগবদ্ধহীনতা দ্বৈত ধৰ্ম · আৰ্হেনফাষ্টৰ সূত্ৰ এণ্টাংগলমেণ্ট্ (জট) · বৰ্জন মাপন · সম্ভাৱনীয়তা বিস্তাৰ অ-স্থানীয়তা · কোৱাণ্টাম অৱস্থা অৱৰোপণ · টানেলিং অনিশ্চয়তা · তৰংগ ফলন |
পৰীক্ষা-নিৰীক্ষা বে'লৰ অসমতা · ডেৱিচ্চন–গাৰ্মাৰ ডিলেয়্ড্ চইচ কোৱাণ্টাম এৰে'জাৰ দ্বি-চিদ্ৰ · এলিটযাৰ-ৱাইডমেন্ পপ্পাৰ · কোৱাণ্টাম এৰে'জাৰ স্ক্ৰ’ডিনজাৰৰ মেকুৰী · ষ্টে'ৰ্ণ্–গাৰ্লে'ক হুইলাৰৰ ডিলেয়্ড চইচ |
সূত্ৰীকৰণ সূত্ৰীকৰণ হাইজেনবাৰ্গ · পাৰস্পৰিক ক্ৰিয়া মৌলকক্ষ বলবিজ্ঞান · স্ক্ৰ’ডিনজাৰৰ ব্যাখ্যা পথ অনুকলন সূত্ৰীকৰণ |
সমীকৰণ ডিৰাক · ক্লে'ইন–গ'ৰ্ডন পাউলি · ৰিডবাৰ্গ স্ক্ৰ’ডিনজাৰৰ সমীকৰণ |
ব্যাখ্যা Consciousness-caused Consistent histories Copenhagen · de Broglie–Bohm Ensemble · Hidden variables Many-worlds · Objective collapse Pondicherry · Quantum logic Relational · Stochastic Transactional |
অগ্ৰণী বিষয়সমূহ কোৱাণ্টাম কেঅ’চ · কোৱাণ্টাম ক্ষেত্ৰ মতবাদ কোৱাণ্টাম তথ্য বিজ্ঞান Scattering theory |
কোৱাণ্টাম বলবিজ্ঞান (ইংৰাজী: Quantum mechanics) পদাৰ্থ বিজ্ঞানৰ এক শাখা, যি পাৰমাণৱিক আৰু অতি পাৰমাণবিক স্তৰত দ্বৈত ধৰ্ম, অৰ্থাৎ কণা সদৃশ আৰু তৰংগ সদৃশ আচৰণ আৰু শক্তি আৰু পদাৰ্থৰ পাৰস্পৰিক ক্ৰিয়া সৰ্ম্পকীয় ব্যাখ্যা আগবঢ়ায়। কোৱাণ্টাম বলবিজ্ঞানক কোৱাণ্টাম পদাৰ্থ বিজ্ঞান অথবা কোৱাণ্টাম তত্ত্ব হিচাপেও জনা যায়। প্ৰাথমিকভাৱে ই পাৰমাণৱিক আৰু আণৱিক স্তৰত (যাক সাধাৰণতে কোৱাণ্টাম পৰিসৰ হিচাপেও জনা যায়) ধ্ৰুপদী বলবিজ্ঞান ৰ পৰা বিচ্যুতি দেখুৱায়। কোৱাণ্টাম বলবিজ্ঞানৰ উচ্চস্তৰীয় বিষয়সমূহত এই আচৰণসমূহৰ কিছুমান মেক্ৰ'স্ক'পিক (macroscopic) আৰু অতি উচ্চ বা নিম্ন শক্তি অথবা উষ্ণতাৰ পৰিসৰত হে দেখা যায়। জাৰ্মান বিজ্ঞানী মেক্স প্লেংকৰ দ্বাৰা 'কোৱাণ্টাম বলবিজ্ঞান' নামকৰণ হৈছিল। (পৰ্যবেক্ষণত দেখা গৈছিল যে, কিছুমান ভৌতিক ৰাশি 'বিছিন্ন পৰিমাণ' বা 'কোৱাণ্টা'ৰ জৰিয়তেহে সলনি হ'ব পাৰে; এই 'কোৱাণ্টা' শব্দৰ পৰাই 'কোৱাণ্টাম বলবিজ্ঞান' নাম উদ্ভূত।)
কোৱাণ্টাম বলবিজ্ঞান কণিকাবাদ হৈছে পদাৰ্থ আৰু পোহৰৰ আচৰণ আৰু ইয়াৰ পুংখানুপুংখ বৰ্ণনা আৰু বিশেষভাবে ইয়াৰ বৰ্ণনা আণবিক পৰিসৰত। বস্তুবোৰে অতি ক্ষুদ্ৰ পৰিসৰত আমি সাধাৰণতে দেখা বস্তুবোৰৰ দৰে আচৰণ নকৰে। তাহাতি তৰংগৰ দৰে আচৰণ নকৰে, তাহাতি কণিকাৰ দৰে আচৰণ নকৰে, তাহাতি ডাৱৰৰ দৰে আচৰণ নকৰে, তাহাতি বিলিয়াৰ্ড বলৰ দৰেও আচৰণ নকৰে, স্প্ৰিংৰ ওজনবোৰৰ দৰেও তাহাতি আচৰণ নকৰে, আচলতে আমি দেখা কোনো বস্তুৰ দৰেই তাহাতি আচৰণ নকৰে।
|