গোলাম

গোলাম  

'গোলাম'ৰ বেটুপাত
লেখক সৌৰভ কুমাৰ চলিহা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ গল্প সংকলন
প্ৰকাশক লয়াৰ্ছ বুক ষ্টল
প্ৰকাশ ১৯৭৪
মিডিয়া প্ৰকাৰ মুদ্ৰণ

গোলাম (ইংৰাজী: Golam) হৈছে অসমৰ গল্পকাৰ আৰু সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ এখনি গল্প সংকলন। গ্ৰন্থখন ১৯৭৪ চনত পোনপ্ৰথমবাৰ প্ৰকাশিত হৈছিল। বিশেষ গ্ৰন্থখনৰ বাবে সৌৰভ কুমাৰ চলিহাই ১৯৭৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[1][2]

গল্পকাৰৰ চমু পৰিচিতি

সৌৰভ কুমাৰ চলিহা এটি ছদ্মনাম। তেখেতৰ প্ৰকৃত নাম হৈছে সুৰেন্দ্ৰ কুমাৰ মেধি। প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে সৌৰভ কুমাৰ চলিহাই সাহিত্য চৰ্চা কৰিছিল। চৈধ্য বছৰ বয়সতে তেখেতে ‘পাৰিজাত’ নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। ৰামধেনুৰ পাতত ‘অশান্ত ইলেক্ট্ৰন’ নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ মাত্ৰা দান কৰে। নগৰ জীৱনৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত বিষয়-বস্তুৰ নিৰ্বাচন, প্ৰকাশভংগীৰ অভিনৱত্ব আৰু যন্ত্ৰ-নিৰ্ভৰ আধুনিক জীৱনৰ মানসিক চিত্ৰণ তেখেতৰ গল্পৰ উপাদান। চুটিগল্পৰ ভাৱ, বিষয়, ৰূপ আৰু আবেদনৰ ফালৰপৰা সৌৰভ কুমাৰ চলিহাৰ সমান্তৰাল গল্প আধুনিক ভাৰতীয় সাহিত্যতে বিৰল।

গ্ৰন্থখনৰ চমু বিৱৰণ

গল্প সংকলনখনত মুঠতে এঘাৰটা গল্প সন্নিৱিষ্ট হৈছে। সামাজিক চেতনাবোধৰ স্পষ্ট ধ্বনি শুনিবলৈ পোৱা এইকেইটা গল্পৰ ভাৱৰ গম্ভীৰতা আৰু ৰচনা ৰীতি মন কৰিবলগীয়া।[1]

তথ্য সংগ্ৰহ

  1. 1.0 1.1 বৰুৱা, শান্তনু কৌশিক (২০২০). "কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬০২. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮. 
  2. ডেকা, নীতা মণি. "সৌৰভ কুমাৰ চলিহাৰ গল্প". https://neinad.blogspot.com/2017/07/blog-post_36.html। আহৰণ কৰা হৈছে: 22 October 2020.