গৰমপানী অভয়াৰণ্য
গৰমপানী অভয়াৰণ্য | |
---|---|
Garampani Wildlife Sanctuary | |
গৰমপানী অভয়াৰণ্যৰ ওলমা সাঁকো | |
অসমৰ মানচিত্ৰ | |
অৱস্থান | কাৰ্বি আংলং জিলা, অসম, ভাৰত |
নিকটতম চহৰ | গোলাঘাট |
স্থানাংক | 26°25′12″N 93°43′30″E / 26.42°N 93.725°Eস্থানাংক: 26°25′12″N 93°43′30″E / 26.42°N 93.725°E[1] |
মাটিকালি | 6.05 বৰ্গ কি.মি. (60,50,000 বৰ্গ মিটাৰ) |
গৰমপানী অভয়াৰণ্য (ইংৰাজী: Garampani Wildlife Sanctuary) হৈছে অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন অভয়াৰণ্য।[2] ইয়াৰ মুঠ মাটিকালি হৈছে 6.05 বৰ্গ কি.মি. (60,50,000 বৰ্গ মিটাৰ)। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় 25 km (16 মাইল)। এই অভয়াৰণ্যত বহুতো গৰমপানীৰ উঁহ আৰু জলপ্ৰপাত আছে।[3] ইয়াত হলৌ বান্দৰ আৰু সোণালী বান্দৰ পোৱা যায়। ইয়াৰ লগতে ইয়াত ৫১ বিধ বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায়।[4][5]
নামৰ উৎপত্তি
এই অভয়াৰণ্যত বহুতো গৰম পানীৰ উঁহ পোৱা যায়। তাৰ পৰাই ইয়াৰ নাম গৰমপানী হ'ল।[2]
ভৌগোলিক বিৱৰণ
গৰমপানী অভয়াৰণ্যৰ অৱস্থিতি অক্ষাংশ ২৬°৪২' উ. আৰু দ্ৰাঘিমাংশ ৯৩°৭২৫' পূ.।[1]
জলবায়ু
অভয়াৰণ্য খনৰ জলবায়ু গীষ্মমণ্ডলীয় সেমেকা। গীষ্মপ্ৰধান অৰ্ধ-চিৰহৰিৎ বনাঞ্চল এই অভয়াৰণ্যত দেখিবলৈ পোৱা যায়।।[2]
জীৱজগত
গৰমপানী অভয়াৰণ্যত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু পোৱা যায়।
স্তন্যপায়ী প্ৰাণী
সৰীসৃপ প্ৰাণী |
পক্ষী
|
পৰিবহন
গৰমপানী অভয়াৰণ্যৰ নিকটৱৰ্তী চহৰখন হৈছে গোলাঘাট।[2] দূৰত্ব প্ৰায় ২৫ কিঃমিঃ। গুৱাহাটীৰ পৰা ইয়ালৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেদি ইয়ালৈ অহা-যোৱা কৰাৰ সু-ব্যৱস্থা আছে।
- বিমান পথ
গৰমপানী অভয়াৰণ্যৰ নিকটৱৰ্তী বিমান বন্দৰ হৈছে নাগালেণ্ডৰ ডিমাপুৰ বিমানবন্দৰ। ইয়ালৈ দূৰত্ব প্ৰায় ৫৫ কিঃমিঃ। আনটো নিকটৱৰ্তী বিমান বন্দৰ হৈছে যোৰহাট জিলাৰ ৰৰৈয়া বিমানবন্দৰ। এই বিমান বন্দৰৰ পৰা অভয়াৰণ্যলৈ দূৰত্ব প্ৰায় ৮৫ কিঃমিঃ।
- ৰেলপথ
গৰমপানী অভয়াৰণ্যৰ নিকটৱৰ্তী ৰেল জংচনটো হৈছে ফৰকাটিঙ জংচন। দূৰত্ব প্ৰায় ২০ কিঃমিঃ। ভাৰতৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ এই জংচনটোৰ পৰা অহা-যোৱা কৰিব পাৰি।[2]
তথ্য সংগ্ৰহ
- ↑ 1.0 1.1 "Garampani Sanctuary". protectedplanet.net. http://www.protectedplanet.net/sites/Garampani_Sanctuary.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 "Garampani Wild Life Sanctuary". Archived from the original on February 9, 2013. https://web.archive.org/web/20130209191056/http://www.east-himalaya.com/assam/garampani.htm। আহৰণ কৰা হৈছে: January 03, 2013.
- ↑ "Garampani Wildlife Sanctuary". Assam Tourism. ২০০৯. http://www.assamtourism.org/wildlife.php#Garampani। আহৰণ কৰা হৈছে: January 03, 2013.
- ↑ 4.0 4.1 "গৰমপানী অভয়াৰণ্য". Wild Mahseer. Archived from the original on April 15, 2013. https://web.archive.org/web/20130415102046/http://www.wildmahseer.com/index.php/wildlife-sanctuaries/garampani-wildlife-sanctuaries.html। আহৰণ কৰা হৈছে: January 03, 2013.
- ↑ 5.0 5.1 "গৰমপানীৰ বিষয়ে". Department of Environment and Forests, Govt. of Assam. Archived from the original on April 17, 2013. https://web.archive.org/web/20130417002944/http://assamforest.in/NP_Sanctuaries/wls_Garampani.php। আহৰণ কৰা হৈছে: January 03, 2013.
বাহ্যিক সংযোগ
|