চোলা

চোলা এবিধ বস্ত্ৰ। ই আদিতে পুৰুষে পিন্ধা বস্ত্ৰ আছিল। বৰ্তমান ইয়াৰ আকাৰ আকৃতি সলনি হৈ নাৰী পুৰুষ উভয়েই পিন্ধিব পৰা হৈছে। হেমকোষ অভিধানত চোলাৰ অৰ্থ এনেকৈ দিয়া আছে, বেজীৰে সী গা আৰু হাত ঢাকিবলৈ ব্যৱহাৰ কৰা এবিধ কাপোৰ। ই সংস্কৃত শব্দ “চুল’’ৰ পৰা আহিছে। সংস্কৃতত চোল বা চোলক মানে বক্ষবন্ধনী। অসমত আহোম ৰাজশাসন কালত “চোলাধৰা’’ বুলি এটা বিষয়বাবৰ সৃষ্টি কৰা হৈছিল, তেওঁৰ কাম আছিল ৰজাৰ চোলা যোগাৰ কৰা বা সাজ-সজ্জা কৰোৱা।[1] অসমীয়া পুৰুষৰ সাজ বুলি চুৰীয়া, খনীয়া কাপোৰ বা চেলেং আৰু কপাহী কাপোৰৰ পাগুৰীৰ লগতে কোনো কোনোৱে চোলা পিন্ধিছিল।[2] চোলা মানুহৰ গা আৰু হাতদুখন আবৃত কৰি ৰাখিব পৰা এবিধ বস্ত্ৰ যদিও ইয়াৰ আকৃতি বেলেগ বেলেগ। চোলাৰ সমাৰ্থক ইংৰাজী শব্দ ’ছাৰ্ট’ আৰু ই ইউৰোপ আমেৰিকাৰ লোকসকলৰ পৰিধেয় বস্ত্ৰ। ইংৰাজী ভাষাত ইয়াক চাৰ্ট, টি-চাৰ্ট আদি নামে জনা যায়। আদিতে ই নাৰীসকলে পিন্ধা চেমিজৰ দৰে পুৰুষসকলে কাপোৰৰ তলত পিন্ধা বস্ত্ৰ আছিল। পিছলৈ ইয়াক নাৰী-পুৰুষ উভয়েই পিন্ধিবলৈ লয়। সময়ৰ লগে লগে এইবিধ বস্ত্ৰৰ আকৃতি সলনি হৈ আহিছে। নামো সলনি হৈছে। ইউৰোপ আমেৰিকাৰ লোকসকলে ছাৰ্টৰ ওপৰত ডিঙিত টাই বান্ধি লয়।

অসমৰ নানাবিধ চোলা

চোলা কপাহী, চিল্ক, এড়ী আদি বিভিন্ন কাপোৰৰ পৰা তৈয়াৰ কৰিব পাৰি। পৃথিৱীৰ প্ৰায় সকলো জাতি-জনজাতিৰ লোকে চোলা ব্যৱহাৰ কৰে যদিও প্ৰত্যেকৰে প্ৰস্তুতি বিধি আৰু নাম বেলেগ বেলেগ। অসমতো বহু পুৰণি কালৰ পৰাই চোলাৰ ব্যৱহাৰ হৈ আহিছে। আহোম শাসনৰ সময়ৰ পৰাই পুৰুষ-মহিলা উভয়েই চোলা পিন্ধাৰ কথা ’হস্তী বিদ্যাৰ্ণৱ’ গ্ৰন্থত অংকিত চিত্ৰৰ পৰা ধৰিব পাৰি। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতেই অসমীয়া বস্ত্ৰলৈ আমূল পৰিৱৰ্তন আহিছিল। সেইসময়ত মহিলাসকলে ফুলবছা চোলা, পিঠিৰ ফালে বন্ধা কাঞ্চুলি চোলা, পাৰি থকা হাতচুটি চোলা আৰু কুঁৱৰীসকলে পাটৰ চিত্ৰ-বিচিত্ৰ কাৰচিপ কৰা চোলা পিন্ধিছিল। পুৰুষসকলেও বিভিন্ন চোলা ব্যৱহাৰ কৰিছিল।[3] চোলাবোৰ কেইবাটাও নামেৰে পৰিচিত। নৰা চোলা, এঙা চোলা, হলৌ চোলা, বুকু চোলা, মিৰ্জাই চোলা, ফুটৱৈ চোলা, মোগলাই চোলা, ঘাগৰা, গোমচেং, চাটন, বুটাদাৰ চাটন, জালি চোলা, চাপকণ চোলা আদি অনেক প্ৰকাৰৰ চোলা আছে। পাদুৰী চাহাবসকলে পিন্ধাৰ দৰে চোলা আঁৰণি চাপকণৰ ওপৰত পৰিধান কৰিছিল। দৰাই জামা চোলা আৰু ৰজাই ৰূপৰ বেৰী দিয়া চোলা পিন্ধিছিল। ৰজাৰ চোলাত ৰূপালী সূতাৰ পাৰি লগোৱা আছিল। অসমৰ মানুহে চোলাত বুতাম ব্যৱহাৰ নকৰিছিল। হাড় আৰু কপাহৰ ক্ষুদ্ৰ বাটিকা ব্যৱহাৰ কৰিছিল। এই বাটিকাবোৰক গাঁথি বোলা হয়। সাধাৰণতে গাঁথিবোৰ কপাহী সূতাৰে তৈয়াৰ কৰি লৈছিল। চোলাবোৰ বিভিন্ন আকৃতিত চিলাই কৰি লৈছিল।

জনজাতীয় লোকৰ চোলা

অসমৰ বহু জনজাতীয় পুৰুষে চোলা পিন্ধা দেখা যায়। সকলোবোৰ চোলা বেলেগ বেলেগ নাম আৰু আৰ্হিৰ। এইবোৰৰ দ্বাৰা একোটা জাতিৰ পৰিচয় পাব পাৰি। অঁকা পুৰুষে বুকুখোলা চোলা পিন্ধে। কাৰ্বিসকলে হাত চুটি আৰু তললৈ দীঘল দহি ওলমি থকা চোলা পিন্ধে। চিংফৌ ৰজাই চীনা ভেলভেট কাপোৰেৰে তৈয়াৰী বুতাম লগোৱা চোলা পিন্ধে। এওঁলোকৰ চোলাৰ বুতামত জাংফাই বা সোণ খটোৱা থাকে। টাগিন পুৰুষ মহিলা উভয়েই ৰঙা বৰণৰ দীঘল চোলা পিন্ধে। ফাকেয়াল আৰু মিচিমিয়ে আঁঠুৰ ওপৰলৈ পৰা দীঘল চোলা ব্যৱহাৰ কৰে। মনপা পুৰুষে চোলাৰ ঠাইত দীঘল কোট পিন্ধে। চোলাসমূহত ৰঙ-বিৰঙৰ সূতাৰে কাৰুকাৰ্য কৰা থাকে।[4]

তথ্য সংগ্ৰহ

  1. হেমকোষ অভিধান। ২০১৫
  2. আগৰ দিন এতিয়াৰ দিন, আসাম বন্ধু, মাঘ-ফাগুন, ১৮৮৬ চন, অসম প্ৰকাশন পৰিষদৰ দ্বাৰা সংকলিত, সংকলক: ড° নগেন শইকীয়া
  3. অসমীয়া সাজ-পাৰ বৈচিত্ৰ্য আৰু বৈশিষ্ট্য, ড° মন্দিৰা বৰঠাকুৰ শইকীয়া, সাতসৰী, ছেপ্তেম্বৰ, ২০১০
  4. সাজ-পাৰ, অসমৰ লোকসংস্কৃতি, চাও লোকেশ্বৰ গগৈ