টমাছ ট্ৰান্সট্ৰ'মাৰ
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
টমাছ ট্ৰান্সট্ৰ'মাৰ | |
---|---|
জন্ম | ১৫ এপ্ৰিল, ১৯৩১ ষ্টকহম, ছুইডেন |
মৃত্যু | ২৬ মাৰ্চ, ২০১৫ (৮৩ বছৰ) |
পেচা | সহিত্যিক |
ভাষা | ছুইডিশ্ব |
ৰাষ্ট্ৰীয়তা | ছুইডিশ্ব |
নাগৰিকত্ব | ছুইডিশ্ব |
উল্লেখযোগ্য বঁটা | ন’বেল বঁটা (২০১১) |
টমাছ ট্ৰান্সট্ৰ'মাৰ (ইংৰাজী: Tomas Tranströmer)২০১১ চনৰ সাহিত্যৰ ন’বেল বঁটা বিজয়ী ছুইডেনৰ কবি। তেওঁৰ কবিতা বিশ্বৰ ৬০টা ভাষাতকৈও অধিক ভাষালৈ অনূদিত হৈছে।
জন্ম
১৯৩১ চনৰ ১৫ এপ্ৰিলত ছুইডেনৰ ষ্টকহম চহৰত ট্ৰানছষ্ট্ৰমাৰৰ জন্ম হয়।
শিক্ষাজীৱন
স্কুলীয়া শিক্ষা ষ্টকহমৰ ছ’দ্ৰা লেটিন স্কুলত। ১৯৫৬ চনত ষ্টকহম বিশ্ববিদ্যালয়ৰৰ পৰা মনস্তত্ত্বত স্নাতক ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
১৯৬০-৬৬ চনলৈ ৰকষ্টনা জুভেনাইল কেন্দ্ৰত মনস্তাত্বিক হিচাপে সেৱা প্ৰদান। ষ্টকহমৰ কাৰাগাৰত মনোবিজ্ঞান বিভাগত চাকৰিৰ কালছোৱাত কিশোৰ আৰু কমবয়সীয়া অপৰাধীৰ পুনৰ সংস্থাপনত সহায় কৰিছিল।
স্বীকৃতি
- ১৯৯৬ত ছুইডেনৰ বেলমাণ্ড প্ৰিছেট বঁটা
- ১৯৮১ত পেট্ৰাৰকা প্ৰেইছ বঁটা
- ১৯৯০ত নিউষ্টেজ আন্তঃৰাষ্ট্ৰীয় বঁটা সাহিত্যৰ বাবে
- ১৯৯১ত ছুইডিশ্ব অকাডেমিৰ নৰ্ডিক বঁটা
- ১৯৯২ত কবিতাৰ বাবে হৰ্চ বিয়েনেক বঁটা
- ১৯৯৬ত অ’গাষ্টপ্ৰিছেট বঁটা
- ২০০৩ত ষ্টুগা পয়েট্ৰী ইভিনিং গ’ল্ডেন ৰেথ বঁটা
- ২০০৭ত দ্য গ্ৰিফিন ট্ৰাষ্ট বঁটা- জীৱনজোৰা সাধনাৰ বাবে
- ২০১১ত টাইটেল অৱ প্ৰফেছৰ
- ২০১১ত ন’বেল বঁটা সাহিত্যৰ বাবে
সাহিত্যকৃতী
ছুইডিশ্ব সংস্কৰণ
|
ইংৰাজী সংস্কৰণ
|
|
তথ্যসংগ্ৰহ
- সাতসৰী, সপ্তম বছৰ চতুৰ্থ সংখ্য, নৱেম্বৰ ২০১১ পৃষ্ঠা নং ৩১, হেমচন্দ্ৰ দত্ত
- প্ৰান্তিক, ত্ৰিশ বছৰ, ২৪ সংখ্যা, ১৬-৩০ নৱেম্বৰ ২০১১ পৃষ্ঠা নং ৩৫, ড॰ নয়নানন্দ বৰঠাকুৰ
|