টেম্পুৰা

টেম্পুৰা
অন্য নাম টেনপুৰা
অঞ্চল পূব এছিয়া

টেম্পুৰা (ইংৰাজী: Tempura,天ぷら বা 天麩羅,) হৈছে এটা সাধাৰণ জাপানী খাদ্য যি সাধাৰণতে সাগৰীয় খাদ্য আৰু শাক-পাচলিৰে গঠিত যিবোৰক পাতল বেটাৰত আৱৰণ দি তেলত ডুবাই ভজা হয়। টেম্পুৰাৰ উৎপত্তি ষোড়শ শতিকাৰ পৰাই হৈছে, যেতিয়া পৰ্তুগীজ জেচুইটসকলে নানবান ব্যৱসায়ৰ জৰিয়তে ভজা আটাৰ খাদ্য পশ্চিমীয়া শৈলীৰ ৰন্ধন পদ্ধতি আনিছিল।[1]

প্ৰস্তুতি

বেটাৰ

বৰফৰ পানী, কণী,[2] আৰু ঘেঁহুৰ আটা (কেক,[3] পেষ্ট্ৰি[4] বা সৰ্বব্যৱহাৰৰ আটা[5])ৰ পৰা লঘু কোমল বেটাৰ তৈয়াৰ কৰা হয়। কেতিয়াবা বেকিং চোডা[6] বা বেকিং পাউদাৰ যোগ কৰি বেটাৰটো পাতল কৰা হয়।[7] সাধাৰণ পানীৰ ঠাইত স্পাৰ্কলিং পানী[8] ব্যৱহাৰ কৰিলেও একেধৰণৰ প্ৰভাৱ পৰে। টেম্পুৰা বেটাৰ পৰম্পৰাগতভাৱে চপষ্টিক ব্যৱহাৰ কৰি সৰু সৰুকৈ কেইবাবাৰো মাত্ৰ কেইছেকেণ্ডমানৰ বাবে মিহলোৱা হয়, মিশ্ৰণটোত গোটা গোট খাই থাকে যিবোৰ ঠাণ্ডা বেটাৰৰ উষ্ণতাৰ লগতে সিজোৱাৰ সময়ত এক অনন্য ফুলি উঠা আৰু কুটিল টেম্পুৰা গঠন হয়। প্ৰায়ে বৰফ দি বা বৰফ থকা ডাঙৰ বাটিৰ ভিতৰত বাটিটো থৈ বেটাৰটো ঠাণ্ডা কৰি ৰখা হয়। বেটাৰটো অতিমাত্ৰা মিহলাই দিলে ঘেঁহুৰ গ্লুটেন সক্ৰিয় হ’ব, যাৰ ফলত আটাৰ মিশ্ৰণটো ভাজিলে কোমল আৰু পিঠাগুৰিৰ দৰে হৈ পৰে।

ভজা টেম্পুৰা

ভজা টেম্পুৰা

শাক-পাচলি বা সাগৰীয় খাদ্যৰ পাতল টুকুৰা বা ফিটাবোৰ বেটাৰত ডুবাই দিয়া হয়, তাৰ পিছত গৰম তেলত অলপ সময়ৰ বাবে ভজা হয়।[9] উদ্ভিদজাত তেল[10] বা কেন'লা তেল বেছিকৈ দেখা যায়; কিন্তু পৰম্পৰাগতভাৱে টেম্পুৰাত তিল তেল ব্যৱহাৰ কৰি ৰন্ধা হৈছিল।[11] বহুতো দোকানত এতিয়াও তিল তেল বা চাহৰ বীজৰ তেল(টি অইল) ব্যৱহাৰ কৰা হয়, আৰু এই তেলবোৰত থকা কিছুমান বিশেষ বস্তুৰ বাবে এই বেটাৰ পাতল আৰু খৰখৰীয়া হোৱাত সহায় হয়। ভজা টেম্পুৰাবোৰ শেঁতা বগা, পাতল আৰু ফুলি উঠে,[12]আৰু কৰ্কৰিয়া হয়।[13]

টেম্পুৰাৰ গোটৰ মাজত বেটাৰৰ টুকুৰাবোৰ (টেংকাছু বুলি জনা যায়) উলিয়াই লোৱা হয় যাতে ই জ্বলি নাযায় আৰু তেলত বেয়া সোৱাদ ৰাখে।[14] ইয়াৰ বাবে সৰু জালৰ স্কুপ (Ami jakushi) ব্যৱহাৰ কৰা হয়। টেনকাছু প্ৰায়ে অন্য খাদ্যৰ উপাদান হিচাপে বা টপিং হিচাপে সংৰক্ষিত কৰা হয়।

উপাদান

পৰম্পৰাগত টেম্পুৰাত সাধাৰণতে বিভিন্ন সাগৰীয় খাদ্য আৰু শাক-পাচলি উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।

সাগৰীয় খাদ্য

সাগৰীয় আৰ্চিন ৰ’ৰ সৈতে স্কেলপ টেম্পুৰা

আটাইতকৈ জনপ্ৰিয় সাগৰীয় খাদ্যৰ টেম্পুৰা সম্ভৱতঃ এবি (মিছা মাছ,) টেম্পুৰা।

তথ্য সংগ্ৰহ

তথ্যসূত্ৰৰ প্ৰাক্‌দৰ্শন

  1. The History of Tempura".
  2. Kobayashi, Katsuyo (2000). The quick and easy Japanese cookbook: great recipes from Japan's favorite TV cooking show host. Kodansha International. p. 23. ISBN 4-7700-2504-1.
  3. "How to distinguish different types of flour". Okinawa Institute of Science and Technology Graduate University – Resource Center (student & faculty support staff). 12 April 2021. Archived from the original on 2021-08-21. Retrieved 2021-08-21.
  4. Okamoto, Osamu (1994). Sam Okamoto's incredible vegetables. Pelican Publishing Company. p. 31. ISBN 1-56554-025-5.
  5. Kobayashi, Katsuyo (2000). The quick and easy Japanese cookbook: great recipes from Japan's favorite TV cooking show host. Kodansha International. p. 23. ISBN 4-7700-2504-1.
  6. Kawaraya, Chiyoko (1985). "ja:小麦粉の調理" [Science of wheat flour]. Seikatsu Eisei (Journal of Urban Living and Health Association) (in Japanese). 29 (2). 大阪生活衛生協会: 115. doi:10.11468/seikatsueisei1957.29.111 – via J-STAGE.
  7. Kawaraya, Chiyoko (1985). "ja:小麦粉の調理" [Science of wheat flour]. Seikatsu Eisei (Journal of Urban Living and Health Association) (in Japanese). 29 (2). 大阪生活衛生協会: 115. doi:10.11468/seikatsueisei1957.29.111 – via J-STAGE.
  8. Yukimasa, Rika (2013-10-28). "Shrimp & Mushroom Tempura". NHK World-Japan. NHK. Archived from the original on 2019-09-10. Retrieved 2021-08-21.
  9. Kobayashi, Katsuyo (2000). The quick and easy Japanese cookbook: great recipes from Japan's favorite TV cooking show host. Kodansha International. p. 23. ISBN 4-7700-2504-1.
  10. "Tempura". NHK World-Japan. NHK. 2010-08-02. Retrieved 2021-08-21.
  11. Frank, Dr Sandra (2017-01-07). "Dietitians Online Blog: January 7, National Tempura Day – Tempura Tofu and Spring Vegetables". Dietitians Online Blog. Retrieved 2017-01-25.
  12. "Battle of the Best Japanese Fried Foods". Gurunavi.com. 2017-03-01. Ebi Furai vs Tempura Ebi. Archived from the original on 2021-08-17. Retrieved 2021-08-18.
  13. Amoroso, Phoebe (2016-11-14). "Tempura temptations: How deep-fried seafood seduced Japan". NHK World-Japan. Archived from the original on 2021-05-21. Retrieved 2021-08-21.
  14. Kobayashi, Katsuyo (2000). The quick and easy Japanese cookbook: great recipes from Japan's favorite TV cooking show host. Kodansha International. p. 23. ISBN 4-7700-2504-1.