ডিফু

ডিফু
—  নগৰ  —
ডিফু পাহাৰ
ডিফু পাহাৰ
ডিফু
ডিফুৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 25°50′N 93°26′E / 25.83°N 93.43°E / 25.83; 93.43
দেশ  ভাৰত
ৰাজ্য অসম
পৌৰপতি
জনসংখ্যা 9,65,280[1] (2011)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

• উচ্চতা


186 m (610 ft)

ৱেবছাইট kaac.nic.in

ডিফু (ইংৰাজী: Diphu) অসমৰ এখন পাহাৰীয়া চহৰ তথা কাৰ্বি আংলং জিলাৰ সদৰ ঠাই।

ইতিহাস

ডিফু নামটো ডিমাচা ভাষাৰ পৰা উৎপত্তি হোৱা যাক তেওঁলোকৰ ভাষাত কোৱা হয় 'বগা পানি' বুলি। ডিমাচা সকলৰ ৰাজ্যত্ব কালত, ডিফু এখন বিখ্যাত নগৰ আছিল। চেংয়া তোলাৰাম হাচনুৰ মৃত্যুৰ পিছত ১৮৭৪ চনত ডিফু ব্ৰিটিছে দখল কৰে। ১৮৭৪ চনত ইয়াক নতুন কৈ গঠন কৰা হয় জনজাতীয় জিলা হিচাপে। এই সৰু চহৰখন মানুহৰ মাজত এখন অতি মনোৰম পাহাৰীয়া ঠাই হিচাপে জনপ্ৰিয়।

যাতায়ত

ডিফু চহৰখন কাৰ্বি আংলং জিলাৰ ঠিক মাজতে পৰে। ইয়াত বাছ আৰু ৰে'লৰ সুচল সুবিধা আছে। নগাঁও জিলাৰ পৰা ই ১৫০ কি:মি: দুৰৈত অৱস্থিত।

ভৌগোলিক বিৱৰণ

ডিফু চহৰখন অৱস্থিতি 25.83°N আৰু 93.43°E। এই চহৰখন ১৮৬ মিটাৰ উচ্চতাত অৱস্থিত। গুৱাহাটীৰ পৰা ডিফুৰ দূৰত্ব প্ৰায় ২৭০ কি:মি:।

জনগাঁঠনি

২০০১ চনৰ লোকপিয়ল মতে ডিফুৰ জনসংখ্যা ৫২,০৬২ জন। পুৰুষৰ সংখ্যা ৫৩% আৰু মহিলাৰ সংখ্যা ৪৭%। ডিফুৰ শৈক্ষিকতা গড় হ'ল প্ৰায় ৭৫ শতাংশ, ই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গড় সাক্ষৰতাৰ হাৰ ৫৯ শতাংশতকৈ অধিক। বিভিন্ন জনজাতীয় লোক ইয়াতে বসবাস কৰি আছে, যাৰ ভিতৰত গুৰুত্বপূৰ্ণ জনজাতিসমূহ হ'ল কাৰ্বি, ডিমাচা, বড়ো, গাৰো, ৰেঙমা নগা আৰু আদিবাসী।

সংস্কৃতি

যদিও ডিফু এখন অতি সৰু চহৰ ইয়াত প্ৰায় ভাগ জনজাতিয়ে থিতাপি লৈ নিজৰ ঘৰ-বাৰী সাজি লৈছেহি। চহৰ খনৰ মাজ মজিয়াতে গীৰ্জা, গুৰুদ্বাৰা, মন্দিৰ, মছজিদ সকলো আছে। বছৰত হোৱা যি কোনো উৎসৱতে সকলোৱে আগ-ভাগ লয়। বিশেষ ভাবে উদযাপন কৰা উৎসৱ সমূহৰ ভিতৰত ৰংকাৰ, বিশু-ডিমা, ৱাঙ্গালা, বিহু, বৰদিন, দুৰ্গা পূজা, দিপাৱালী আদি বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে।

উল্লেখযোগ্য ঠাই

  • ৰংফাৰ্পি ৰংবেৰ প্ৰতিমূৰ্তি : ডিফুৰ সোঁমাজত ৰংফাৰ্পি ৰংবে অৰু তেওঁৰ সহযোগী সকলৰ প্ৰতিমূৰ্তি আছে। ই কাৰ্বি ইতিহাসৰ এক অমৰ কাহিনীৰ প্ৰতীক। ৰংফাৰ্পি ৰংবে প্ৰথম গৰাকী কাৰ্বি মহিলা যি হিংসা অৰু অন্যায়ৰ বিৰুদ্ধে ঠিয় দিছিল।
  • ডিফু পাহাৰ : এই পাহাৰটোৰ দৃশ্য অতি মনোৰম, আশে পাশে নদী, সেউজীয়া গছ-গছনিৰে ভৰপুৰ।
  • "তাৰালাংচো" : তাৰালাংচোত প্ৰতি বছৰে 'কাৰ্বি যুৱ মহোৎসৱ' অনুষ্ঠিত হয়।

শৈক্ষিক প্ৰতিষ্ঠান

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ