নাইমা আকেফ

নাইমা আকেফ
স্থানীয় নাম نعيمة عاكف
জন্ম জন্ম: ৭ অক্টোবৰ ১৯২৯
টাণ্টা, ইজিপ্ত
মৃত্যু মৃত্যু ২৩ এপ্ৰিল, ১৯৬৬
পেচা অভিনেত্ৰী, বেলী ডেন্সাৰ
দাম্পত্যসঙ্গী চালেহেলদীন আবেল আলীম
সন্তান

নাইমা আকেফ (ইংৰাজী: Naima Akef), জন্ম: ৭ অক্টোবৰ ১৯২৯ চন আৰু মৃত্যু: ২৩ এপ্ৰিল ১৯৬৬ চন, ইজিপ্তৰ চিনেমাৰ সোণালী যুগৰ এগৰাকী বিখ্যাত ইজিপ্তবাসী বেলী ডান্সৰ এগৰাকী নৃত্যশিল্পী আছিল আৰু তেওঁ সেই সময়ৰ ইজিপ্তৰ বহু ছবিতো অভিনয় কৰিছিল।[1] আকেফৰ জন্ম হৈছিল নীল নদীৰ ব-দ্বীপ টাণ্টাত।[2] তেওঁৰ পিতৃ-মাতৃ আছিল “আকেফ চাৰ্কাছ’’ নামৰ তেওঁৰ ককাকে পৰিচালনা কৰা এক চাৰ্কাছৰ এক্ৰ’বেট, যিটো সেই সময়ৰ অন্যতম পৰিচিত চাৰ্কাছ আছিল। তেওঁ চাৰি বছৰ বয়সৰ পৰাই চাৰ্কাছত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল আৰু দ্ৰুতগতিত তেওঁৰ এক্ৰ’বেটিক দক্ষতাৰে অন্যতম জনপ্ৰিয় অভিনেত্ৰীত পৰিণত হৈছিল। তেওঁৰ পৰিয়ালটো কায়ৰোৰ বাব এল খালক(Bab el Khalq) জিলাত আছিল যদিও তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিবলৈ বহু দূৰলৈ যাত্ৰা কৰিব লগা হৈছিল।

নৃত্য

নাইমা আকেফৰ ১৪ বছৰ বয়সত তেওঁ কাম কৰা চাৰ্কাছখন ভংগ হৈছিল যদিও এয়া তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিহে আছিল। কায়ৰোৰ পৰিৱেশ্য কলাৰ জগতখনত তেওঁৰ ককাকৰ বহু ব্যক্তিৰ সৈতে সংযোগ আছিল আৰু তেওঁ তেওঁক তেওঁৰ বন্ধুসকলৰ সৈতে চিনাকি কৰাই দিছিল। যেতিয়া আকেফৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয়, তেতিয়া তেওঁ এটা এক্ৰ’বেটিক আৰু ক্লাউন দল গঠন কৰে, যিয়ে সমগ্ৰ কায়ৰোৰ বহু ক্লাৱত অনুষ্ঠান পৰিৱেশন কৰিবলৈ লয়। তাৰ পিছত তেওঁ বদিয়া মাছাবনিৰ বিখ্যাত নাইটক্লাৱত কাম কৰাৰ সুযোগ পায়, য'ত তেওঁ তাৰকা হৈ পৰে আৰু ক্লাৱত নৃত্য-গীত কৰা অতি কম সংখ্যক শিল্পীৰ ভিতৰত তেওঁ অন্যতম হৈ পৰে৷ বাদেয়াৰ সৈতে তেওঁ অৱশ্যে বৰ কম সময়ৰ বাবে আছিল, কিয়নো বাদিয়াই তেওঁক যথেষ্ট সুবিধা দিছিল, যাৰ বাবে আন অভিনেতাসকলে তেওঁক ঈৰ্ষা কৰিছিল। এদিন তেওঁলোকে আকেফৰ ওপৰত দলৱদ্ধ আক্ৰমণ কৰি তেওঁক মাৰপিট কৰাৰ চেষ্টা কৰিছিল, অৱশ্যে আকেফে নিজক অধিক শক্তিশালী আৰু তেজী বুলি প্ৰমাণ কৰি এই যুঁজত জয়ী হৈছিল। কিন্তু ইয়াৰ ফলত তেওঁ চাকৰিৰ পৰা বৰ্খাস্ত হ’বলগীয়া হয়, গতিকে তেওঁ আন আন ঠাইত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে।

এগৰাকী তাৰকা

কায়ৰোৰ আন এক বিখ্যাত স্থান আছিল কিট কেট ক্লাৱ, আৰু ইয়াতেই আকেফৰ চিনাকি হৈছিল চলচ্চিত্ৰ পৰিচালক আব্বাছ কেমালৰ সৈতে। তেওঁৰ ভাতৃ হুছেইন ফাউজীও এজন চলচ্চিত্ৰ পৰিচালক৷ তেওঁৰ এখন সংগীত নিৰ্ভৰ ছবিত আকেফে অভিনয় কৰিবলৈ অতি আগ্ৰহী আছিল। এনে ছবিৰ ভিতৰত প্ৰথমখন ছবি আছিল “আল-ইচ ৱাল মালহ” (ৰুটি আৰু নিমখ)। তেওঁৰ আছিল কিংবদন্তি গায়ক তথা সুৰকাৰ মহম্মদ আব্দেল ৱাহাবৰ ভতিজা গায়ক সাদ আব্দেল ৱাহাবৰ সহ-অভিনত্ৰী। ১৯৪৯ চনৰ ১৭ জানুৱাৰীত এই ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ হয় আৰু ই লগে লগে প্ৰচুৰ সফলতা লাভ কৰে, লগতে ইয়ে নাহহাছ ফিল্ম ষ্টুডিঅ'লৈও স্বীকৃতি কঢ়িয়াই আনে।

অৱসৰ আৰু মৃত্যু

১৯৬৪ চনত নাইমা আকেফে একাউণ্টেণ্ট চালাহেলদিন আব্দেল আলীমৰ সৈতে দ্বিতীয় বিবাহ কৰে৷ তাৰ ফলত পোৱা একমাত্ৰ সন্তানৰ যত্ন ল’বলৈ তেওঁ অভিনয় এৰি দিয়ে। দুবছৰৰ পিছত তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ ১৯৬৬ চনৰ ২৩ এপ্ৰিলত ৩৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

উল্লেখযোগ্য কথাছবি

তেওঁ অভিনয় কৰা উল্লেখযোগ্য কথাছবিসমূহ হ’ল:-

  • আইছ ৱাল মালহ,১৯৪৯(Aish Wal Malh)
  • লাহালিবো,১৯৪৯ (Lahalibo)
  • বালাদি ৱা খাফা,১৯৪৯ (Baladi Wa Khafa)
  • ফুৰিগাট,১৯৫০ (Furigat)
  • বাবা আৰিছ,১৯৫০ (Baba Areess)
  • ফাটাত আল ছিৰ্ক,১৯৫১ (Fataat Al Sirk)
  • আল নামৰ, ১৯৫২ (Al Namr)
  • ইয়া হালাৱাত আল হাব,১৯৫২ (Ya Halawaat Al Hubb )
  • এ মিলিয়ন পাউণ্ড ,১৯৫৩ (A Million Pounds)
  • আৰবাহ বানাত ৱা জাবিত,১৯৫৪ (Arbah Banat Wa Zabit)
  • আজিজা,১৯৫৫ (Aziza )
  • চি অফ লাভ,১৯৫৫(Sea of Love)
  • টামৰ হেনা,১৯৫৭ (Tamr Henna) আহমেদ ৰমজী, ফয়জা আহমেদ আৰু ৰুছদি আবাজাৰ সৈতে।
  • আমিৰ এল দহা,১৯৬৪ (Amir El Dahaa)

বাহ্যিক সংযোগ

তথ্য সূত্ৰ