নৰা বগৰী

নৰা বগৰী
সংৰক্ষণ স্থিতি

তথ্যৰ অভাৱ  (IUCN 3.1)[1]
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Angiosperms
শ্ৰেণী: Eudicots
বৰ্গ: Rosales
পৰিয়াল: Rosaceae
গণ: Prunus
প্ৰজাতি: P. domestica
বৈজ্ঞানিক নাম
Prunus domestica
(L.) G.Don
সমাৰ্থক[2]
তালিকা
    • Druparia insititia Clairv.
    • Druparia prunus Clairv.
    • Prunus ambigua Salisb.
    • Prunus communis Huds.
    • Prunus dumetorum Callay
    • Prunus exigua Bechst.
    • Prunus insititia L.
    • Prunus italica Borkh.
    • Prunus lutea Bechst.
    • Prunus oeconomica Borkh.
    • Prunus sativa Rouy & Camus
    • Prunus subrotunda Bechst.
    • Prunus vinaria Bechst.

নৰা বগৰী (ইংৰাজী: plum, বৈজ্ঞানিক নাম: Prunus domestica) ৰোজাচিয়া পৰিয়ালৰ এবিধ পৰ্ণপাতী, সপুষ্পক উদ্ভিদ। একেই প্ৰুনাছ (Prunus) গণৰ আহোম বগৰী নামৰ এবিধ ফলো অসমত পোৱা যায়। গ্ৰীনগাগেছ (greengages) আৰু ডেমছনছ (damsons) নামৰ উদ্ভিদো নৰা বগৰীৰ উপপ্ৰজাতিৰ অন্তৰ্গত। নৰা বগৰী ইংৰাজীত প্লাম (Plum) নামৰ গোটত অন্তৰ্গত য'ত নৰা বগৰী উপৰিও অইন কিছু প্ৰজাতিও সামৰি লোৱা হয়।

বিৱৰণ

ফল

নৰা বগৰী সাধাৰণতে এজোপা ডাঙৰ গুল্মজাতীয় উদ্ভিদ। এই উদ্ভিদ কিছু কাঁইটীয়া হ’ব পাৰে। বসন্তৰ আৰম্ভণিতে এই উদ্ভিদ ফুল ফুলে। ইয়াৰ ফুলৰ বৰণ বগা। ফলৰ আকৃতি অণ্ডাকাৰ বা গোলাকাৰ আৰু ফলৰ আকাৰ ৮ চেণ্টিমিটাৰ (৩ ইঞ্চি) পৰ্যন্ত হ’ব পাৰে। সাধাৰণতে ইয়াৰ ফলত মিঠা মঙহাল অংশ থাকে,[3] কিন্তু কিছুমান জাত টেঙা। এই জাতিৰ সকলো ফলৰ দৰে নৰা বগৰীৰো এটা ডাঙৰ বীজ থাকে, যিটো সাধাৰণতে খোৱাৰ সময়ত পেলাই দিয়া হয়।

শ্ৰেণী বিভাজন

উপ প্ৰজাতি

কুলেন (Cullen) আৰু তেওঁৰ সংগীসকলে (১৯৯৫) নৰা বগৰীৰ তিনিটা উপ প্ৰজাতি চিনাক্ত কৰিছিল।[4] ইয়াৰ কিছুমান উপ প্ৰজাতি হৈছে:

  • P. domestica ssp. domestica
  • P. domestica ssp. insititia
  • P. domestica ssp. intermedia
  • P. domestica ssp. italica
  • P. domestica ssp. pomariorum
  • P. domestica ssp. prisca
  • P. domestica ssp. syriaca

নৰা বগৰীৰ এই উপ প্ৰজাতিসমূহৰ মাজত সহজে সংকৰণ ঘটিব পাৰে, সেয়ে এই উদ্ভিদৰ বহুতো মধ্যৱৰ্তী প্ৰকাৰ পোৱা যায়: এই ফলসমূহ অধিক বা কম মিঠা নাইবা টেঙা হ’ব পাৰে, ফলৰ বৰণ নীল-বেঙুনীয়াৰ পৰা ৰঙা, কমলা বা পাতল সেউজীয়া হ’ব পাৰে।

জাত

নৰা বগৰীৰ বিভিন্ন জাত পোৱা যায় – ইম্পেৰিয়েল গেজ (Imperial Gage), ডেমচন (Damson), লম্বাৰ্ড (Lombard), মেয়নাৰ্ড (Maynard) আৰু য়েল্ল এগ (Yellow Egg) আদি। বাগিচাত ৰোপন কৰিবৰ বাবে অসংখ্য জাত বাছনি কৰা হৈছে। তলত উল্লেখ কৰা জাতবোৰে ৰয়েল হৰ্টিকালচাৰেল ছ’চাইটিৰ (Royal Horticultural Society) এৱাৰ্ড অৱ গাৰ্ডেন মেৰিট (Award of Garden Merit) বঁটা লাভ কৰিছে:

  • ব্ৰু ৰক (Blue Rock)[5]
  • ব্লু টিট (Blue Tit)[6]
  • চিজাৰ (Czar)[7]
  • ইম্পেৰিয়েল গেজ (Imperial Gage)[8]
  • জেফাৰছন (Jefferson)[9]
  • লেক্লটনছ ডিলাইট (Laxton's Delight)[10]
  • মালাৰ্ড (Mallard)[11]
  • মাৰজৰিছ ছিডলিং (Marjory's Seedling)[12]
  • অপাল (Opal)[13]
  • অউলিনছ গেজ (Oullins Gage)[14]
  • পাৰছোৰ (Pershore)[15]
  • ভিক্টোৰিয়া (Victoria)[16]

ব্যৱহাৰ

নৰা বগৰী এবিধ খোৱাৰ উপযোগী ফল।[17] ইয়াৰ সোৱাদ সাধাৰণতে মিঠা, যদিও কিছুমান জাত টেঙা আৰু ৰুচিকৰ কৰিবলৈ চেনি মিহলাই খোৱা হয়।

ফলৰ বাগিচাত ব্যৱসায়িকভাৱে নৰা বগৰীৰ খেতি কৰা হয় যদিও আধুনিক যুগত উন্নত স্ব-উৰ্বৰ প্ৰজাতি, প্ৰশিক্ষণ আৰু বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি তুলনামূলকভাৱে কম ঠাইত অধিক উৎপাদন কৰিব পৰাকৈ নৰা বগৰীৰ খেতি কৰিব পৰা যায়। এই উদ্ভিদত আগতীয়াকৈ ফুল ফুলা আৰু ফল ধৰাৰ অৰ্থ হ'ল এনে উদ্ভিদক হিম আৰু ঠাণ্ডা বতাহৰ পৰা আঁতৰত ছাঁযুক্ত ঠাইৰ প্ৰয়োজন হয়।[3]

বেছিভাগ ‘প্ৰুন’ (prune; শুকান বগৰী) এই প্ৰজাতিৰ ফলৰ পৰা তৈয়াৰ কৰা হয়।

তথ্য সংগ্ৰহ

  1. Barstow, M.; Harvey-Brown, Y. (2017). Prunus domestica. p. e.T50135950A50135957. 
  2. "The Plant List: A Working List of All Plant Species". http://www.theplantlist.org/tpl1.1/search?q=Prunus+domestica। আহৰণ কৰা হৈছে: January 27, 2014. 
  3. 3.0 3.1 Klein, Carol (2009). Grow Your Own Fruit. প্ৰকাশক United Kingdom: Mitchell Beazley. পৃষ্ঠা. 96–97. ISBN 978-1-84533-4345. https://archive.org/details/growyourownfruit0000klei_w4b3/page/96/. 
  4. Cullen, J. et al. (1995). The European Garden Flora. Volume IV. Cambridge University Press, Cambridge.
  5. "RHS Plant Selector – Prunus domestica 'Blue Rock'". Archived from the original on 4 November 2013. https://web.archive.org/web/20131104175412/http://apps.rhs.org.uk/plantselector/plant?plantid=4931। আহৰণ কৰা হৈছে: 29 May 2013. 
  6. "RHS Plant Selector – Prunus domestica 'Blue Tit'". Archived from the original on 4 November 2013. https://web.archive.org/web/20131104175449/http://apps.rhs.org.uk/plantselector/plant?plantid=4584। আহৰণ কৰা হৈছে: 29 May 2013. 
  7. "RHS Plant Selector – Prunus domestica 'Czar'". Archived from the original on 4 November 2013. https://web.archive.org/web/20131104175415/http://apps.rhs.org.uk/plantselector/plant?plantid=1533। আহৰণ কৰা হৈছে: 29 May 2013. 
  8. "RHS Plant Selector – Prunus domestica 'Imperial Gage'". Archived from the original on 4 November 2013. https://web.archive.org/web/20131104175535/http://apps.rhs.org.uk/plantselector/plant?plantid=4594। আহৰণ কৰা হৈছে: 29 May 2013. 
  9. "RHS Plant Selector – Prunus domestica 'Jefferson'". Archived from the original on 4 November 2013. https://web.archive.org/web/20131104175452/http://apps.rhs.org.uk/plantselector/plant?plantid=5786। আহৰণ কৰা হৈছে: 29 May 2013. 
  10. "RHS Plant Selector – Prunus domestica 'Laxton's Delight'". Archived from the original on 4 November 2013. https://web.archive.org/web/20131104175350/http://apps.rhs.org.uk/plantselector/plant?plantid=5895। আহৰণ কৰা হৈছে: 29 May 2013. 
  11. "RHS Plant Selector – Prunus domestica 'Mallard'". Archived from the original on 4 November 2013. https://web.archive.org/web/20131104175541/http://apps.rhs.org.uk/plantselector/plant?plantid=4933। আহৰণ কৰা হৈছে: 29 May 2013. 
  12. "RHS Plant Selector – Prunus domestica 'Marjory's Seedling'". Archived from the original on 4 November 2013. https://web.archive.org/web/20131104175347/http://apps.rhs.org.uk/plantselector/plant?plantid=5739। আহৰণ কৰা হৈছে: 29 May 2013. 
  13. "RHS Plant Selector – Prunus domestica 'Opal'". Archived from the original on 4 November 2013. https://web.archive.org/web/20131104175505/http://apps.rhs.org.uk/plantselector/plant?plantid=1534। আহৰণ কৰা হৈছে: 29 May 2013. 
  14. "RHS Plant Selector – Prunus domestica 'Oullins Gage'". Archived from the original on 4 November 2013. https://web.archive.org/web/20131104175304/http://apps.rhs.org.uk/plantselector/plant?plantid=1535। আহৰণ কৰা হৈছে: 29 May 2013. 
  15. "RHS Plant Selector – Prunus domestica 'Pershore'". Archived from the original on 4 November 2013. https://web.archive.org/web/20131104175455/http://apps.rhs.org.uk/plantselector/plant?plantid=5982। আহৰণ কৰা হৈছে: 29 May 2013. 
  16. "RHS Plant Selector – Prunus domestica 'Victoria'". Archived from the original on 4 November 2013. https://web.archive.org/web/20131104175430/http://apps.rhs.org.uk/plantselector/plant?plantid=1536। আহৰণ কৰা হৈছে: 29 May 2013. 
  17. Little, Elbert L. (1980). The Audubon Society Field Guide to North American Trees: Eastern Region. প্ৰকাশক New York: Knopf. পৃষ্ঠা. 498. ISBN 0-394-50760-6.