পুৰুষ প্ৰজনন তন্ত্ৰ

পুৰুষ প্ৰজনন তন্ত্ৰ (মানৱ)

পুৰুষ প্ৰজনন তন্ত্ৰ
সবিশেষ
চিনাক্তকাৰক
লেটিন systema genitale masculinum
MeSH D005837
TA98 A09.0.00.002
TA2 3574
FMA 45664
দেহতাত্ত্বিক পৰিভাষা

পুৰুষ প্ৰজনন তন্ত্ৰ (ইংৰাজী: Male reproductive system) বহুতো যৌনাংগৰ দ্বাৰা গঠিত যিয়ে মানৱ প্ৰজনন প্ৰক্ৰিয়াত ভূমিকা পালন কৰে। এই যৌনাংগসমূহ শৰীৰৰ বাহিৰত আৰু শ্ৰোণিৰ (Pelvis) ভিতৰত থাকে। পুৰুষৰ মূল যৌনাংগ হ'ল শিশ্ন (Penis) আৰু মুষ্কাৱৰণ (Scrotum) য'ত বীৰ্য্য আৰু শুক্ৰাণু উৎপন্ন কৰা অণ্ডকোষ থাকে।

বাহ্যিক যৌনাংগ

শিশ্ন

শিশ্ন হৈছে এটা অন্তৰ্নিহিত অংগ যাৰ এটা দীঘল খাদ, এটা বৰ্দ্ধিত বাল্ব আকৃতিৰ টিপ যাক গ্লেনছ বুলি কোৱা হয় আৰু ইয়াৰ সুৰক্ষাৰ বাবে লিংগ-ত্বক থাকে। শিশ্নৰ ভিতৰত মূত্ৰপথ থাকে, যাৰ সহায়ত বীৰ্য স্খলন আৰু প্ৰস্ৰাৱ বাহিৰ হয়। দুয়োবিধ পদাৰ্থই মিটাছৰ মাজেৰে ওলাই যায়।

যেতিয়া পুৰুষে যৌন উত্তেজনা লাভ কৰে তেতিয়া লিংগ স্তম্ভন হয় আৰু ই যৌন কাৰ্য্যকলাপৰ বাবে সাজু হৈ উঠে। শিশ্নটোৰ ইৰেক্টাইল কলাৰ ভিতৰৰ চাইনাছবোৰ তেজেৰে ভৰি পৰাৰ বাবে লিংগ স্তম্ভন হয়। শিশ্নৰ ধমনীবোৰ প্ৰসাৰিত হৈ থাকে আৰু সিৰাবোৰ সংকোচিত হৈ থাকে যাতে চাপৰ প্ৰভাৱত ইৰেক্টাইল কাৰ্টিলেজলৈ তেজ বৈ যায়। শিশ্নটো পুডেণ্ডেল ধমনীৰ দ্বাৰা যোগান ধৰা হয়।

মুষ্কাৱৰণ

মুষ্কাৱৰণ হৈছে শিশ্নৰ পিছফালে ওলমি থকা ছালৰ এখন মোনা। ই অণ্ডকোষক ধৰি ৰাখে আৰু সুৰক্ষা প্ৰদান কৰে। ইয়াৰোপৰি ইয়াত অসংখ্য স্নায়ু আৰু ৰক্তবাহী নলী থাকে। নিম্ন উষ্ণতাত ক্ৰেমাষ্টাৰ পেশীটোৱে সংকোচিত হৈ অণ্ডকোষক শৰীৰৰ ওচৰলৈ টানি আনে, আনহাতে ডাৰ্ট'ছ পেশীয়ে ইয়াক বলিৰেখাযুক্ত ৰূপ দিয়ে; যেতিয়া উষ্ণতা বৃদ্ধি পায়, ক্ৰেমাষ্টাৰ আৰু ডাৰ্ট'ছ পেশীবোৰে শিথিল হৈ ক্ৰমে অণ্ডকোষক শৰীৰৰ পৰা আঁতৰাই আনি বলিৰেখাবোৰ আঁতৰাই পেলায়। মুষ্কাৱৰণ ইংগুইনেল কেনেলৰ জৰিয়তে পেট বা শ্ৰোণি গহ্বৰৰ সৈতে সংযুক্ত হৈ থাকে।

আভ্যন্তৰীণ যৌনাংগ

অণ্ডকোষ

অণ্ডকোষৰ দুটা প্ৰধান কাম হ'ল— চেমিনিফেৰাছ টিউব্যুলৰ ভিতৰত বীজকোষৰ মিঅ'টিক বিভাজনৰ দ্বাৰা শুক্ৰাণু উৎপন্ন কৰা আৰু পুৰুষৰ প্ৰজনন কাৰ্য্য নিয়ন্ত্ৰণ কৰা এণ্ড্ৰ'জেন সংশ্লেষণ আৰু নিঃসৰণ কৰা। এণ্ড্ৰ'জেন উৎপাদনৰ স্থান হ'ল লেইডিগ কোষ যিবোৰ চেমিনিফেৰাছ টিউব্যুলৰ মাজৰ ইণ্টাৰষ্টিছিয়ামত অৱস্থিত।[1]

এপিডিডাইমিছ

এপিডিডাইমিছ হৈছে টানকৈ কুণ্ডলীবদ্ধ নলীৰ এটা দীঘল বগা ৰঙৰ ভৰ। চেমিনিফেৰাছ টিউব্যুলত উৎপন্ন হোৱা শুক্ৰাণু এপিডিডাইমিছলৈ বৈ যায়। এপিডিডাইমিছৰ মাজেৰে যোৱাৰ সময়ত শুক্ৰাণুৱে পৰিপক্কতা লাভ কৰে আৰু এপিডিডাইমিছৰ এপিকেল আৱৰণত অৱস্থিত আয়ন চেনেলৰ ক্ৰিয়াৰ দ্বাৰা ঘনীভূত হয়।[2]

ভাছ ডিফেৰেন্স

ভাছ ডিফেৰেন্স হৈছে প্ৰায় ৩০ চেণ্টিমিটাৰ (০.৯৮ ফুট) দীঘল এটা পাতল নলী যি এপিডিডাইমিছৰ পৰা আৰম্ভ হৈ শ্ৰোণি গহ্বৰলৈকে বিয়পি থাকে। ই শুক্ৰাণুবোৰক এপিডিডাইমিছৰ পৰা স্খলন নলীলৈ কঢ়িয়াই লৈ যায়। ভাছ ডিফেৰেন্সক শুক্ৰাণু নলী বুলিও জনা যায়।

আনুষংগিক গ্ৰন্থি

তিনিবিধ আনুষংগিক গ্ৰন্থিয়ে তৰল পদাৰ্থ নিঃসৰণ কৰে যিয়ে নলী তন্ত্ৰক পিছল কৰে আৰু শুক্ৰাণু কোষক পুষ্টি প্ৰদান কৰে।

  • শুক্ৰীয় গ্ৰন্থি: মূত্ৰাশয়ৰ পিছফালে থকা দুটা গ্ৰন্থি যিয়ে বীৰ্য্যৰ বহুতো উপাদান নিঃসৰণ কৰে।
  • প্ৰ'ষ্টেট গ্ৰন্থি: মূত্ৰাশয়ৰ তলত অৱস্থিত এটা গ্ৰন্থি যিয়ে শুক্ৰাণুৰ তৰল পদাৰ্থ উৎপন্ন কৰে আৰু প্ৰস্ৰাৱৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
  • বাল্ব'ইউৰেথ্ৰেল গ্ৰন্থি বা কাউপাৰৰ গ্ৰন্থি: বীৰ্য্য স্খলনৰ সময়ত বীৰ্য্যত তৰল পদাৰ্থ যোগ কৰে (প্ৰাক-বীৰ্য্য স্খলন)।

বিকাশ

পুৰুষ প্ৰজনন তন্ত্ৰৰ ভ্ৰূণীয় আৰু প্ৰাক-প্ৰসৱীয় বিকাশ হৈছে প্ৰজনন অংগসমূহৰ বৃদ্ধি, পৰিপক্ক আৰু প্ৰতিষ্ঠা হোৱা প্ৰক্ৰিয়া। ই এটা মাত্ৰ নিষেচিত ডিম্বাণুৰ পৰা আৰম্ভ হয় আৰু ৩৮ সপ্তাহৰ পিছত এটা ল'ৰা সন্তানৰ জন্মৰ লগে লগে ইয়াৰ শিখৰত উপনীত হয়। ই যৌন পাৰ্থক্যৰ পৰ্যায়সমূহৰ এটা অংশ। পুৰুষ প্ৰজনন তন্ত্ৰৰ বিকাশ প্ৰস্ৰাৱ তন্ত্ৰৰ লগত মিলি যায়। ইহঁতৰ বিকাশক একেলগে প্ৰস্ৰাৱ আৰু প্ৰজনন অংগৰ বিকাশ বুলিও বৰ্ণনা কৰিব পাৰি।

লৈংগিক নিৰ্ণয়

লৈংগিক পৰিচয় প্ৰতিষ্ঠিত হয় যেতিয়া শুক্ৰাণু কোষে নিষেচনৰ সময়ত X বা Y গুণসূত্ৰ কঢ়িয়াই নিয়ে, যাৰ ফলত এজন ব্যক্তি পুৰুষ হ'ব নে মহিলা হ'ব সেইটো নিৰ্ণয় কৰা হয়। যদি শুক্ৰাণু কোষত X গুণসূত্ৰ থাকে তেন্তে ই ডিম্বাশয়ৰ X গুণসূত্ৰৰ লগত মিলি স্ত্ৰী লিংগৰ শিশুৰ বিকাশ ঘটাব। আনহাতে যদি শুক্ৰাণু কোষত Y গুণসূত্ৰ থাকে তেন্তে ই ডিম্বাশয়ৰ X গুণসূত্ৰৰ লগত মিলি পুং লিংগৰ শিশুৰ বিকাশ ঘটাব।[3]

মুখ্য প্ৰজনন অংগসমূহ অণ্ডকোষ হ'ব নে ডিম্বাশয় হ'ব সেয়া জিনীয় লিংগ‌ই নিৰ্ধাৰণ কৰে। বিকাশশীল ভ্ৰূণত যদি অণ্ডকোষ বিকশিত হয়, তেন্তে ই ভ্ৰূণীয় বিকাশৰ শেষ পৰ্যায়ত পুৰুষৰ যৌন হৰম'ন উৎপন্ন আৰু নিঃসৰণ কৰিব আৰু পুৰুষৰ গৌণ যৌন অংগসমূহৰ বিকাশ ঘটাব।[4]

গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. "Localization of epithelial sodium channel (ENaC) and CFTR in the germinal epithelium of the testis, Sertoli cells, and spermatozoa.". Journal of Molecular Histology খণ্ড 49 (2): 195–208. 2018. doi:10.1007/s10735-018-9759-2. PMID 29453757. 
  2. "Mapping the sites of localization of epithelial sodium channel (ENaC) and CFTR in segments of the mammalian epididymis.". Journal of Molecular Histology খণ্ড 50 (2): 141–154. 2019. doi:10.1007/s10735-019-09813-3. PMID 30659401. 
  3. Fauci et al. 2008, পৃষ্ঠা. 2339-2346.
  4. Van de Graaff & Fox 1989, পৃষ্ঠা. 927.