পোহৰ প্ৰদূষণ


নিশাৰ মেক্সিক' চহৰ


পোহৰ প্ৰদূষণ বুলিলে কৃত্ৰিম পোহৰে অনাৱশ্যকীয় ঠাইত, ভূল দিশত অনাধিকাৰ প্ৰৱেশ কৰি সৃষ্টি কৰা একপ্ৰকাৰৰ প্ৰদূষণ। গাড়ীৰ পোহৰে চকু চাঁট মাৰি ধৰা বা কোঠাৰ বিজুলী বাতি নুমাই শুই থকা অৱস্থাত বাহিৰৰ পৰা পোহৰ আহি আমনি কৰাটো পোহৰ প্ৰদূষণৰ উদাহৰণ। পোহৰক প্ৰদূষণৰ উৎস ৰূপে ধৰা হোৱা নাছিল যদিও ইয়াৰ দ্বাৰা সৃষ্ট কেতবোৰ অসুবিধাই ইয়াক প্ৰদূষণৰ শাৰীত ৰখাটো জৰুৰী হৈ পৰিছে। বিজ্ঞানে পোহৰ প্ৰদূষণৰ সংজ্ঞা তলত দিয়া ধৰণে বাখ্যা কৰিছে

  • কৃত্ৰিম পোহৰৰ দ্বাৰা আৱাসাঞ্চলৰ অৱনমণ ঘটোৱা।
  • মানৱসৃষ্ট পোহৰৰ উৎস সমূহৰ দ্বাৰা বাহ্যিক আৰু আভ্যন্তৰীণ পৰিৱেশত প্ৰাকৃতিক পোহৰৰ তাৰতম্য ঘটোৱা আৰু এনে তাৰতম্যৰ ফলত জীৱৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্য ওপৰত পৰা কুপ্ৰভাৱ।
  • পোহৰ প্ৰদূষণ প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে মানৱ সৃষ্ট।

পোহৰ প্ৰদূষণ উদ্যোগিক সভ্যতা বিকাশৰ ফলত সৃষ্টি হোৱা এক প্ৰত্যক্ষ প্ৰভাৱ। ইয়াৰ উৎস সমূহৰ ভিতৰত অট্টালিকাৰ ভিতৰ আৰু বাহিৰ ভাগ আলোকিত কৰিবলৈ ব্যৱহাৰ কৰা বিজুলী বাতি সমূহ, বিজ্ঞাপন, ব্যৱসায়ীক সম্পত্তি, কাৰ্যালয়, কাৰখানা, পথৰ বিজুলী বাতি ইত্যাদি প্ৰধান।

ইতিহাস

মহানগৰ সমূহত বাঢ়ি যোৱা কৃত্ৰিম পোহৰৰ উৎস সমূহৰ ফলত জ্যোতিষ্কৰ পৰা অহা পোহৰ পৰ্যবেক্ষণ কৰাত জ্যোতিৰ্বিজ্ঞানী সকল নানান অসুবিধাৰ সন্মূখীন হ'বলৈ ধৰিছিল। ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ জ্যোতিৰ্বিজ্ঞানী সকলৰ মাজত এক যোগসূত্ৰ স্থাপন হ'ল আৰু ইয়াৰ লগে লগে ইতিমধ্যে থকা প্ৰদূষণ সমূহৰ তালিকাত পোহৰ প্ৰদূষণ নামৰ আন এটা প্ৰদূষণ যোগ হ'ল। আৰু তেতিয়া পোহৰ প্ৰদূষণৰ বিষয়ে সজাগ কৰিবলৈ জ্যোতিৰ্বজ্ঞানী সকলৰ মাজত 'দা ডাৰ্ক স্কাই মুভ্মেন্ট'(The Dark Sky Movement) নামৰ এটা আন্দোলনৰ সৃষ্টি হয়। ইয়াৰ প্ৰধান উদ্দেশ্য আছিল: প্ৰকৃতি প্ৰদত্ত ৰাতিৰ আকাশখনৰ আন্ধাৰখিনি সংৰক্ষণ কৰা। ইয়াৰ ফলত কেইবাটাও সৰু বৰ প্ৰতিষ্ঠানৰ জন্ম হ'ল। ইয়াৰ ভিতৰত অন্যতম হৈছে 'ইণ্টাৰনেশ্যনেল ডাৰ্ক স্কাই এছ'ছিয়েশ্যন'(International Dark Sky Association))। অতি সক্ৰিয় এই সংগঠনটো ১৯৮৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ড° ডেভিড ক্ৰ'ফৰ্ড আৰু ড° টিম'থি হাণ্টাৰ নামৰ দুজন জ্যোতিৰ্বিজ্ঞানীৰ উদ্যোগত গঠিত হয়। এইদৰে পোহৰ প্ৰদূষণৰ ধাৰণাৰ সৃষ্টি হয়।

প্ৰকাৰ

পোহৰ প্ৰদূষণ এক বিস্তৃত বিষয় আৰু বিভিন্ন প্ৰভাৱ অনুযায়ী বিভিন্ন ভাগত বিভক্ত কৰিব পাৰি। কেইটামান উল্লেখযোগ্য প্ৰকাৰ হ'ল

পোহৰৰ অনাধিকাৰ প্ৰৱেশ(Light Tresspass)

পোহৰ অপ্ৰত্যাশিত ভাৱে আনৰ সম্পত্তিত প্ৰৱেশ কৰি Light Tresspass ৰ সৃষ্টি কৰে। যেনে খিৰিকিয়েদি আনৰ পোহৰ আন এজনৰ ঘৰত সোমাই সৃষ্ট কৰা অসুবিধা। ইয়াৰ ফলত নিদ্ৰাহীনতাকে ধৰি নানান সমস্যাৰ সৃষ্টি হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুকেইখন মহানগৰে Light Tresspass ৰ বিৰুদ্ধে নাগৰিকক সুৰক্ষা দিবলৈ বহি:ভাগ পোহৰোৱাৰ ক্ষেত্ৰত কিছুমান সুসংহত নিয়মৰ সৃষ্টি কৰিছে। ইয়াত 'ইণ্টাৰনেশ্যনেল ডাৰ্ক স্কাই এছ'ছিয়েশ্যনে'ও সহায় আগবঢ়াইছে।

চকু চাঁট মাৰি ধৰা(Glare)

কেতিয়াবা এটা পোহৰৰ উৎসৰ পৰা পোহৰ আহি পোনে পোনে আমাৰ চকুত পৰি, আমাক খন্তেকৰ কাৰণে অন্ধপ্ৰায় কৰি দিয়ে; যেনে- গাড়ীৰ হেডলাইট। ইয়ো একপ্ৰকাৰৰ পোহৰ প্ৰদূষণ।

স্কাই গ্ল'

ডাঙৰ মহানগৰৰ পৰা কৃত্ৰিম পোহৰ আহি ৰাতিৰ আকাশখনক এবিধ ৰঙচুৱা আভাৰে আৱৰি ধৰে। ইয়াৰ ফলত জ্যোতিষ্ক সমূহৰ পৰা অহা পোহৰ পৰ্যবেক্ষণত জ্যোতিৰ্বিজ্ঞানী সকল নানান অসুবিধাৰ সন্মূখীন হয়। ইয়াক স্কাই গ্ল'(sky glow) বোলে।


তথ্য উৎস

প্ৰান্তিক, ১-১৪ মাৰ্চ,২০১৪ সংখ্যাত প্ৰকাশিত ৰশ্মি পাটোৱাৰীৰ 'আমাক আন্ধাৰকণো লাগে' প্ৰৱন্ধ।