ভেম্পায়াৰ বাদুলী
ভেম্পায়াৰ বাদুলি Vampire bats | |
---|---|
![]() | |
ভেম্পায়াৰ বাদুলি , Desmodus rotundus | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Chiroptera |
পৰিয়াল: | Phyllostomidae |
উপপৰিয়াল: | Desmodontinae Bonaparte, 1845 |
Species | |
Desmodus rotundus |
ভেম্পায়াৰ (ইংৰাজী: Vampire) এক শ্ৰেণী বাদুলিৰ প্ৰজাতি। স্তন্যপায়ী এইবিধ প্ৰাণী মধ্য আৰু দক্ষিণ আমেৰিকাত পোৱা যায়। ইহঁতৰ প্ৰধান খাদ্য চৰাই আৰু অন্য স্তন্যপায়ী প্ৰাণীৰ দেহৰ তেজ। ভেম্পায়াৰে সৰু সৰু অথচ অত্যন্ত চোকা দাঁত বহুৱাই অন্য প্ৰাণীৰ দেহৰ পৰা তেজ উলিয়াই আৰু সেই তেজ চুহি চুহি খায়। কিন্ত্ত তেজ শুহা প্ৰাণীটোৱে সেই সময়ত গম নাপায়েই বুলিব পাৰি। ভেম্পায়াৰ বাদুলিয়ে কামুৰিলে ৰেবিজ বা জলাতংক ৰোগ হ’ব পাৰে। বৈচিত্ৰময় এইবিধ প্ৰাণী মানুহৰ পৰম বিস্ময় আৰু আতংকৰ উৎস। ভেম্পায়াৰক আধাৰ হিচাপে লৈ ইতিমধ্যে যথেষ্ট সংখ্যক বোলছবিও নিৰ্মাণ কৰা হৈছে।[1]
তথ্যসূত্ৰ
তথ্যসূত্ৰৰ প্ৰাক্দৰ্শন
- ↑ শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড, পৃষ্ঠা নং: ২৮৪