ভৌম ৰাজবংশ
ভৌম ৰাজবংশ প্ৰাগজ্যোতিষৰ প্ৰথম ৰাজবংশ আছিল। ৰামায়ণ, মহাভাৰত, কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু স্থানীয় কাহিনীত তেওঁলোকৰ উল্লেখ আছে।[2] মহাভাৰতৰ যুদ্ধৰ কিছুকাল আগতেই দ্বাপৰ যুগত এই বংশৰ আৰম্ভণি হৈছিল। নৰকাসুৰৰ পুত্ৰ আৰু পাণ্ডুৰ বন্ধু ভগদত্তই কৌৰৱৰ হৈ যুদ্ধত অংশ লৈছিল। এই বংশ শোণিতপুৰৰ (মধ্য অসম) বাণ বংশৰ সমসাময়িক আছিল।
দানৱ ৰাজবংশৰ শেষ ৰজা ঘটকাসুৰক বধ কৰি বিদেহৰ নৰকে এই বংশ প্ৰতিষ্ঠা কৰিছিল।[2] কালিকা পুৰাণত নৰকক ধৰিত্ৰী বা ভূমিদেৱীৰ পুত্ৰ বুলি কোৱা হৈছে।[3] সেয়ে নৰকৰ বংশক ভৌম বংশ বুলিও জনা যায়।
শাসকসকল
|
Name |
succession |
Queen
|
1 |
নৰকাসুৰ |
ভূমি আৰু বিষ্ণুৰ পুত্ৰ |
মায়া (বিদৰ্ভৰ ৰাজকুমাৰী)
|
2 |
ভগদত্ত |
নৰকৰ পুত্ৰ |
-
|
3 |
পুষ্পদত্ত |
ভগদত্তৰ পুত্ৰ |
-
|
4 |
বজ্ৰদত্ত |
ভগদত্তৰ পুত্ৰ |
-
|
টোকা
তথ্যসূত্ৰ