মহাদেৱ দেশাই

মহাদেৱ দেশাই

মহাত্মা গান্ধীৰ সৈতে মহাদেৱ দেশাই
জন্ম ১ জানুৱাৰী ১৮৯২
চুৰাট, গুজৰাট, ভাৰত
মৃত্যু ১৫ আগষ্ট ১৯৪২
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা আইন
শিক্ষানুষ্ঠান গুজৰাট
জনা যায় স্বাধীনতা আন্দোলনৰ কাৰ্যকৰ্তা
মহাত্মা গান্ধীৰ সহযোগী তথা ব্যক্তিগত সচিব

মহাদেৱ দেশাই (১ জানুৱাৰী ১৮৯২ – ১৫ আগষ্ট ১৯৪২) ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰ্যকৰ্তা তথা ৰাষ্ট্ৰবাদী লেখক আছিল। তেওঁৰ প্ৰসিদ্ধি এইকাৰণেই বেছি যে তেওঁ বহু সময়লৈ (প্ৰায় ২৫ বছৰ) জাতিৰ পিতা মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব আছিল।

জীৱন পৰিচয়

১৮৯২ চনৰ ১ জানুৱাৰীত চুৰাটৰ সৰস নামৰ এখন সৰু গাঁৱত মহাদেৱ দেশাইৰ জন্ম হৈছিল। ১৯১৭ চনৰ ৩ নৱেম্বৰত গোধৰা নামে ঠাইত মহাত্মা গান্ধীৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাত্ হৈছিল। ইয়াৰ পৰাই মহাদেৱ দেশাই বাপু আৰু তেওঁৰ আন্দোলনৰ সৈতে জড়িত হৈ পৰে আৰু জীৱন পৰ্যন্ত ৰাষ্ট্ৰসেৱা কৰি ১৯৪২ চনৰ ১৫ আগষ্টত আগা খান পেলেচত নশ্বৰ দেহ ত্যাগ কৰে। মহাদেৱ দেশাইয়ে বাপুৰ ব্যক্তিগত সচিব হিচাবে কাম কৰি নিজৰ ডায়েৰীত ভাৰতৰ স্বাধীনতা আন্দোলনৰ যি জীৱন্ত বৰ্ণন কৰিছে, সেইয়া অদ্ভুত। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰুত্বপূৰ্ণ সৈনিক আছিল। হসীদে এদীবৰ 'ইনচাইড ইণ্ডিয়া' নামৰ কিতাপখনৰ 'ৰঘুবৰ তুমকো মেৰী লাজ' নামৰ চতুৰ্থ অধ্যায়ত মহাদেৱ দেশাইৰ সুন্দৰ বৰ্ণন পোৱা যায়। বাপুৰ সৈতে ভাৰত ভ্ৰমণ তথা জেল যাত্ৰাৰ উপৰিও গ্ৰেট ব্ৰিটেইনৰ মহাৰজাৰ নিমন্ত্ৰণত মহাত্মা গান্ধীৰ সৈতে মহাদেৱ দেশাইয়ে বাকিংঘম পেলেচ, ইংলেণ্ডলৈও যায়। মহাত্মা গান্ধীয়ে তেওঁক নিজপুত্ৰ মানিছিল।

সেৱাগ্ৰাম

মহাদেৱ দেশাইয়ে সেৱাগ্ৰামত বাস কৰিছিল।

সাংবাদিকতা আৰু লিখন কাৰ্য

দ্যা ইণ্ডিপেণ্ডেণ্ট

১৯২১ চনত মহাদেৱ দেশাইয়ে এলাহাবাদৰ পৰা প্ৰকাশিত দ্যা ইণ্ডিপেণ্ডেণ্ট নামৰ বাতৰিকাকতখনৰ সৈতে জড়িত হয়। মতিলাল আৰু জৱাহৰলাল নেহৰু জেললৈ যাৱলগীয়া হোৱাত মহাদেৱ দেশাইয়ে এই কাকতখনৰ সম্পাদক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। মহাদেৱ দেশাই গ্ৰেপ্তাৰ হোৱাৰ পাছত মহাত্মা গান্ধীৰ পুত্ৰ দেৱদাস গান্ধীয়ে এই কাকতখন প্ৰকাশ কৰিবলৈ লয় আৰু দেশাইৰ পত্নী দুৰ্গাবেনে সক্ৰিয় সংযোগ দিয়ে।

হৰিজন পত্ৰ

মহাদেৱ দেশাই হৰিজন নামৰ আন এখন বাতৰিকাকতৰো সম্পাদক আছিল আৰু ১৯২৪ চনত নৱজীৱনৰ সম্পাদক আছিল।

লিখন কাৰ্য

মৃত্যু

১৯৪২ চনৰ ৮ আগষ্টত মুম্বাইৰ গোৱালিয়ৰ টেকৰ পথাৰত নিজৰ ঐতিহাসিক ভাষণত মহাত্মা গান্ধীয়ে "ভাৰত এৰা - কৰা নহলে মৰা" শ্লোগান দিছিল। ৯ আগষ্টত পুৱাই মহাত্মা গান্ধী, সৰোজিনী নাইডু আৰু মহাদেৱ দেশাইক ইংৰাজে গ্ৰেপ্তাৰ কৰি আগা খান পেলেচত বন্দী কৰি থয়। অৱশেষত ১৫ আগষ্টত মহাদেৱ দেশাইৰ এই কাৰাগাৰতেই মৃত্যু হয়।

মহাদেৱ দেশাইৰ সমাধি

আগা খান পেলেচত কস্তুৰবা আৰু মহাদেৱ দেশাইৰ সমাধি

মহাদেৱ দেশাইৰ মৃত্যুৰ পাছত মহাত্মা গান্ধীৰ ইচ্ছানুসৰি আগা খান পেলেচত তেওঁৰ সমাধি নিৰ্মাণ কৰা হয়। এই সমাধিত ওম আৰু ক্ৰছ চিহ্ন অংকন কৰা হৈছে। মহাদেৱ দেশাইৰ মৃত্যুৰ এবছৰ পাছত মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা গান্ধীৰ স্বৰ্গবাস হয় আৰু কস্তুৰবা গান্ধীৰ সমাধিয়ো মহাদেৱ দেশাইৰ সমাধিৰ কাষতেই নিৰ্মাণ কৰা হয়।

বাহ্যিক সংযোগ