মাছৰোকা
মাছৰোকা | |
---|---|
![]() | |
Azure Kingfisher | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Coraciiformes |
উপবৰ্গ: | Alcedines |
![]() | |
মাছৰোকাৰ গোলকীয় বিতৰণ (distribution) |
মাছৰোকা (ইংৰাজী: Kingfisher) সাধাৰনতে উজ্জ্বল বৰণৰ সৰুৰ পৰা মধ্যমীয়া আকাৰৰ এবিধ চৰাইৰ গোষ্ঠী৷ সমগ্ৰ বিশ্বত এই গোষ্ঠীৰ মুঠ ৯৩ টা প্ৰজাতি পোৱা যায়৷ ভাৰতবৰ্ষত তাৰে ১২ টা স্থানীয় তথা এটা পৰিভ্ৰমী প্ৰজাতি পোৱা যায়৷ এই গোষ্ঠীৰ সকলোবোৰ প্ৰজাতিৰে বৈশিষ্ট্য হ’ল, বৃহৎ মুণ্ড, দীঘলীয়া আৰু জোঙা আকৃতিৰ ঠোঁট তথা চুটী নেজ৷ প্ৰায়বোৰ প্ৰজাতিৰে গাৰ বৰণ উজ্জ্বল হয় আৰু মতা-মাইকীৰ মাজত বিশেষ পাৰ্থক্য থকা দেখা নাযায়৷ মাছৰোকাই মাছৰ পৰা আৰম্ভ কৰি কেঁকোৰা, বিভিন্ন পোক-পৰুৱা তথা অন্য চৰাইৰ পোৱালীও চিকাৰ কৰে৷
ক্ৰমবিবৰ্তন
মাছৰোকা চৰাই পোনপ্ৰথমে দক্ষিণ-পূব এছিয়াৰ বৰ্ষাৰণ্য তথা প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহত উদ্ভৱ হৈছিল বুলি জনা যায়৷[1]
বসতি স্থান
মাছৰোকা চৰায়ে বৰ্ষাৰণ্য, পৰ্ণপাতী অৰণ্য, চাভানা, মেনগ্ৰুভ, জলাশয় আদিত বসবাস কৰে৷
দৈহিক গঠন
মাছৰোকাৰ বিভিন্ন প্ৰজাতি সমূহৰ দৈহিক আকৃতি প্ৰায় একে যদিও আকাৰ ভিন্ন হয়৷ এই গোষ্ঠীৰ আটাইতকৈ সৰু গোত্ৰ (genus) হ'ল চেইক্স (Ceyx), যাৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১০ ছে.মি. আৰু আটাইতকৈ ডাঙৰ গোত্ৰ ছেৰিলিনে (Cerylinae)৷ এই গোত্ৰৰ অন্তৰ্গত মাছোৰকা প্ৰজাতিৰ দেহৰ দৈৰ্ঘ্য ৪৮ ছে.মি. পৰ্য্যন্ত হ’ব পাৰে৷
আচৰণ
মাছৰোকা চৰায়ে সধাৰণতে সক্ৰিয়ভাৱে নিজা টেৰিটৰী (territory) ৰক্ষা কৰি চলে৷ প্ৰায়বোৰ প্ৰজাতি একগামী (monogamous) যদিও কিছুমান প্ৰজাতিৰ মাজত সহযোগিতামূলক প্ৰজননো দেখা যায়৷ এই ব্যৱস্থাত প্ৰজননকাৰী চৰাই যোৰৰ উপৰিও অন্য সহায়কাৰীয়ে পোৱালিৰ যত্ন লোৱাত সহায় কৰে৷
এই বৰ্গৰ অন্তৰ্ভুক্ত অন্যান্য প্ৰজাতিবোৰৰ দৰেই মাছৰোকায়ো মাটিত গাঁত খান্দি বাহ সাজে৷ সাধাৰণতে জলাশয়ৰ পাৰত কোনো কোনো প্ৰজাতিয়ে গছৰ খোৰোঙ তথা উঁইহাঁফলুৰ বাহ তো বাঁহ সাজে৷ মতা-মাইকী উভয়ে বাহ সজাত অংশগ্ৰহণ কৰে৷ বাহবোৰে সাধাৰণতে সুৰংগৰ শেষত এটা কক্ষৰ দৰে আকৃতি লয়৷ এনে সুৰংগৰ দৈৰ্ঘ্য বেলেগ বেলেগ হব পাৰে৷ আটাইতকৈ দীঘল সুৰংগৰ বাহ বিয়াগোম মাছৰোকা (Giant Kingfisher)-ৰ ক্ষেত্ৰত পোৱা গৈছে৷ ইয়াৰ দৈৰ্ঘ্য হ’ল প্ৰায় ৮.৫ মিটাৰ৷
মাছৰোকাৰ কণী চিকচিকিয়া বগা বৰণৰ হয়৷ বিভিন্ন প্ৰজাতিৰ পোৱালিৰ সংখ্যাও ভিন্ন হয়৷
স্থিতি তথা সংৰক্ষণ
বিভিন্ন কাৰণত মাছৰোকাৰ ভালেসংখ্যক প্ৰজাতি বিপদগামী (threatened) বুলি গণ্য কৰা হয়৷ সংৰক্ষণৰ মূল বাধা হিচাপে বসতিস্হল ধ্বংস তথা পৰিৱেশ বিনষ্টকাৰী প্ৰক্ৰিয়া সমূহকে দায়ী কৰা হয়৷
অসমীয়া সংস্কৃতিত মাছৰোকা
সাধাৰণতে সমাজত যি কোনো দোষণীয় কামৰ ক্ষেত্ৰত আগতে কোনো সৰু সুৰা ক্ষেত্ৰত দোষণীয় কাম কৰাৰ উদাহৰণ থকা ব্যক্তিকে (যেনে চুৰি) বিনা দোষত হ'লেও দোষী সাব্যস্ত কৰা হয়। তেনে ক্ষেত্ৰত ব্যক্তিজনে নিজৰ আক্ষেপ ব্যক্ত কৰি জতুৱা ঠাঁচত "সকলো চৰায়ে মাছ খায়, মাছৰোকাৰ নাম হয়" বুলি ক'ব পাৰে।
ভাৰতবৰ্ষত পোৱা মাছৰোকাৰ বিভিন্ন প্ৰজাতিসমূহ
-
অসমত সচৰাচৰ দেখা পোৱা মাছৰোকা
-
Common Kingfisher (Alcedo atthis) Kingfisher মাছৰোকা
-
Collared Kingfisher (Todiramphus chloris)
-
Black-capped Kingfisher (Halcyon pileata) ক'লামূৰীয়া মাছৰোকা
-
পখৰা মাছৰোকা
-
White-throated Kingfisher(Halcyon smyrnensis) বগা বুকুৱা মাছৰোকা
-
Stork-billed Kingfisher (Pelargopsis capensis) বৰঠুটিয়া মাছৰোকা
তথ্য সংগ্ৰহ
- ↑ Fry (1992) 6–11
- ↑ Fry, C. H. 1980. The Evolutionary Biology of Kingfishers (Alcedinidae). Living Bird 18:113-160
- ↑ Knowles, J. L., and J. W. Nitchen. 1995. Kingfishers of The World. Times Books International, Singapur, Kuala Lumpur
- ↑ Rasmussen P.C. , A. J. C. 2005. Birds of South Asia: The Ripley Guide. Smithsonian Institution and Lynx Edicions, Washington D.C. and Barcelona 1 and 2