লক্ষ্মণ ৰেখা

ব্ৰাহ্মণৰ বেশেৰে ভিক্ষা খুজি লংকাৰ ৰজা ৰাৱণসীতাৰ ওচৰলৈ অভিগমন

লক্ষ্মণ ৰেখা (সংস্কৃত: लक्ष्मण रेखा), হৈছে ৰাম-অনুজ লক্ষ্মণৰ দ্বাৰা অংকিত ৰেখা। মূল বাল্মিকী ৰামায়ণৰ বাদে পৰৱৰ্তীকালত একাধিক আঞ্চলিক ভাষালৈ ৰামায়ণৰ অনুবাদ কৰা হয়। এই আঞ্চলিক ভাষাৰ ৰামায়ণ সমূহৰ কিছু সংস্কৰণত এই লক্ষ্মণৰেখাৰ উল্লেখ পোৱা যায়। লক্ষ্মণ তেওঁৰ জ্যেষ্ঠ ভ্ৰাতা আৰু ভ্ৰাতাপত্নীৰ সৈতে বৰ্তমান মহাৰাষ্ট্ৰৰ নাছিক চহৰৰ পৰা কিছু দূৰৈৰ দণ্ডকাৰণ্যৰ পঞ্চবটী অঞ্চলৰ ওচৰতে কুটিৰ নিৰ্মাণ কৰি বাস কৰিছিল। উক্ত কুটিৰটিক আগুৰি লক্ষ্মণৰ দ্বাৰা অংকিত সুৰক্ষা ৰেখাটিয়েই লক্ষ্মণৰেখা নামে পৰিচিত। লক্ষ্মণে তেওঁৰ অগ্ৰজ ৰামৰ সন্ধানত কুটীৰৰ পৰা দূৰৱৰ্তী স্থানলৈ যোৱাৰ পূৰ্বে সীতাক সুৰক্ষিত ৰাখাৰ উদ্দেশ্যে এই ৰেখাটি তৈয়াৰ কৰিছিল। উত্তৰ ভাৰতৰ বহুল প্ৰচলিত বাল্মীকি ৰামায়ণৰ ৰামচৰিতমানস সংস্কৰণটিৰ অৰণ্যকাণ্ডত লক্ষ্মণৰেখা বা এনে ধৰণৰ কোনো কাহিনীৰ উল্লেখ পোৱা নাযায়। বাল্মীকি ৰচিত মূল ৰামায়ণটো লক্ষ্মণৰেখাৰ উল্লেখ নাই। অৱশ্যে ৰামচৰিতমানসত লঙ্কাকাণ্ডৰ ৩৫.১ নম্বৰ শ্লোকত লক্ষ্মণৰেখাৰ কথা উল্লেখ আছে। কাহিনী অনুসৰি মন্দোদৰীয়ে তেওঁৰ স্বামী ৰাৱণৰ বীৰত্বৰ ওপৰত প্ৰশ্ন তুলি তেওঁক তিৰস্কাৰ আৰু লাঞ্ছনা কৰি কৈছিল যে, তেওঁৰ ইমানেই শৌৰ্যপ্ৰতাপ আৰু তেওঁৰ ভীমশক্তিৰ ইমানেই গুৰুত্ব যে সামান্য এক ভিক্ষুকৰূপী বনাচাৰী তথা ৰামানুজ লক্ষ্মণৰ পৰ্ণকুটীৰৰ চাৰিধাৰে কৰা সামান্য ৰেখা অতিক্ৰম কৰিবলৈয়ো তেওঁ অপাৰগ। স্বামীৰ প্ৰতি তেওঁৰ এই মন্তব্য নিতান্তই ৰূপকধৰ্মী আৰু দম্ভভেদী।[1]

গল্প অনুসৰি, পৰ্ণকুটীৰৰ সমুখত চৰি থকা এটা স্বৰ্ণ হৰিণ দেখি সীতাৰ হৃদয় আনন্দ মুখৰ হৈ পৰে আৰু সেই হৰিণটোক ওচৰৰ পৰা চাবলৈ বুলি তেওঁ ৰামৰ ওচৰত ইচ্ছা ব্যক্ত কৰে। ৰামে হৰিণটো দেখি কিঞ্চিত বিচলিত হয় আৰু সন্দেহ প্ৰকাশ কৰি সীতাক এই ইচ্ছা ত্যাগ কৰিবলৈ কয়। তথাপি সীতাই ৰামক অনুৰোধ কৰে যে তেওঁ সোণৰ হৰিণটো ধৰি দিব লাগে। হৰিণটো আছিল ছদ্মবেশী ৰাক্ষস মাৰীচ, যি ৰাবণৰ আদেশানুসাৰে ৰাম আৰু লক্ষ্মণক কুটীৰৰ পৰা দূৰৱৰ্তী স্থানলৈ লৈ যোৱাৰ উদ্দেশ্যে ছদ্মবেশ ধৰিছিল। সীতাক বুজাব নোৱাৰি সোণৰ হৰিণটোৰ পিছে পিছে যোৱা ৰাম বহুসময়ৰ পিছতো ঘূৰি নহাত সীতা চিন্তিত হৈ পৰে আৰু লক্ষ্মণকো ৰামক বিচাৰি যোৱাৰ নিৰ্দেশ দিয়ে। কিন্তু লক্ষ্মণে সীতাৰ কথালৈ ভ্ৰূক্ষেপ নকৰিলে। পিছত মাৰীচে ৰামৰ বাণৰ আঘাত পাই ৰামৰ স্বৰ নকল কৰি চিৎকাৰ কৰে। এই চিৎকাৰ শুনি সীতাৰ দুঃখ দেখি লক্ষণে অন্বেষণৰ ইচ্ছা প্ৰকাশ কৰে। পাৰিপাৰ্শ্বিক পৰিৱেশ বিবেচনা কৰি লক্ষ্মণে সীতাসহ পৰ্ণকুটীৰৰ চাৰিও ফালে এডাল ৰেখা ৰেখা অংকন কৰে, যি ৰেখা ৰাম, সীতা, আৰু স্বয়ং লক্ষ্মণ ব্যতীত অন্য কোনো ব্যক্তিয়ে অতিক্ৰম কৰিব গ'লে সেই ৰেখাৰ পৰা অগ্নি নিঃসৃৃত হ'ব আৰু তেওঁক অগ্নিদগ্ধ আৰু ভষ্মীভূত কৰিব। ৰামৰ অনুসন্ধানত লক্ষ্মণ কুটীৰৰ পৰা দূৰলৈ যোৱাৰ সুযোগ লৈ লংকাৰাক্ষস ৰজা ৰাৱণ ব্ৰাহ্মণ ভিক্ষুকৰ ছদ্মবেশেৰে সীতাৰ ওচৰত উপস্থিত হৈ ভিক্ষা প্ৰাৰ্থনা কৰে। ৰাৱণৰ ছলনা নুবুজি ভুলক্ৰমে লক্ষণৰেখা অতিক্ৰম কৰি ৰাৱণক ভিক্ষা দিবলৈ যোৱাত ৰাৱণে সীতাক হৰণ কৰি নিজৰ পুষ্পক ৰথত তুলি নিজ ৰাজধানীৰ উদ্দেশ্যে ৰওনা হয়।[2]

খড়িবোলি ভাষাত ৰচিত ৰাধেশ্যাম ৰামায়ণত উল্লেখ আছে যে, সীতাই অমনোযোগীভাৱে লক্ষ্মণ ৰেখা পাৰ হৈ যোৱাৰ কাৰণ হৈছে ভাৰতীয় ৰীতি-নীতিৰ অতিথি দেৱো ভৱঃ অৰ্থাৎ অতিথি দেবতুল্য আদৰ্শ। ভিক্ষুকৰূপী ব্ৰাহ্মণ আছিল অতিথিস্বৰূপ। ৰাবণে উক্ত ৰেখা অতিক্ৰম কৰিব নোৱাৰি তেওঁ গৃহস্থকে সেই ৰেখা অতিক্ৰম কৰি ভিক্ষা দিবলৈ আহ্বান জনায়।[3]

বৰ্তমান ব্যৱহাৰ

বৰ্তমান ভাৰতীয় ভাষাৰ কথোপকথনত লক্ষ্মণৰেখা বুলিলে কঠোৰ নিৰ্দেশ বা আইনবিধিক বুজোৱা হয়, যি আইন বা নিৰ্দেশ ভঙ্গ কৰা উচিত নহয়। ই আনকি নৈতিক সীমাবদ্ধতাৰ দিশটোকো উন্মোষিত কৰে।

তথ্যউৎস

বাহ্যিক সংযোগ