শান্তি স্বৰূপ ভাটনাগৰ বঁটা

বিজ্ঞান আৰু প্ৰযুক্তিৰ
শান্তি স্বৰূপ ভাটনাগৰ বঁটা
বিৱৰণ আন্তঃবিভাগীয় বৈজ্ঞানিক গৱেষণা
অৱস্থান বিজ্ঞান ভৱন, নতুন দিল্লী
প্ৰদান কৰোঁতা বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ (Council of Scientific and Industrial Research)
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল ১৯৫৮
শেষবাৰলৈ প্ৰদান কৰা হৈছিল ২০২২
ৱেবচাইট শান্তি স্বৰূপ ভাটনাগৰ বঁটাৰ ৱেবছাইট

শান্তি স্বৰূপ ভাটনাগৰ বঁটা (ইংৰাজী: Shanti Swarup Bhatnagar Prize for Science and Technology, SSB) আছিল ভাৰতবৰ্ষত বাৰ্ষিকভাৱে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিজ্ঞানীক বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ (Council of Scientific and Industrial Research, CSIR)-এ প্ৰদান কৰি এক সন্মানীয় বঁটা। আন্তঃবিভাগীয় বিজ্ঞান (Interdisciplinarity science)-ত অৱদানৰ বাবে ভাৰতত আগবঢ়োৱা বঁটাসমূহৰ ভিতৰত এই বঁটাই আটাইতকৈ মৰ্য্যদাপূৰ্ণ বঁটা বুলি গণ্য কৰা হৈছিল।[1] এই বঁটা বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদৰ প্ৰতিষ্ঠাপক সঞ্চালক শান্তি স্বৰূপ ভাটনাগৰ (Shanti Swaroop Bhatnagar)-ৰ স্মৃতিত প্ৰতিবছৰে প্ৰদান কৰা হৈছিল।[2] এই বঁটা পোনপ্ৰথমবাৰৰ বাবে ১৯৫৮ চনত প্ৰদান কৰা হৈছিল। আৰু অন্তিমবাৰ প্ৰদান কৰা হয় ২০২২ বৰ্ষৰ বাবে।[3]

বঁটাসমূহ

এই বঁটা বিজ্ঞানৰ মুলতঃ সাতটা বিষয়ত দিয়া হৈছিল আৰু প্ৰতিবাৰে প্ৰতিটো বিষয়ত সৰ্বাধিক দুজনক বঁটা প্ৰদান কৰা হৈছিল-

  • জীৱবিজ্ঞান (Biological Sciences)
  • ৰসায়ন বিজ্ঞান (Chemical Sciences)
  • ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান (Earth, Atmosphere, Ocean and Planetary Sciences)
  • অভিযান্ত্ৰিক বিজ্ঞান (Engineering Sciences)
  • গণিত (Mathematical Sciences)
  • চিকিৎসা বিজ্ঞান (Medical Sciences)
  • পদাৰ্থ বিজ্ঞান (Physical Sciences)

বঁটা বিতৰণ

পৰম্পৰাগতভাৱে এই বঁটা প্ৰাপকসকলৰ নাম প্ৰতিবছৰে CSIR প্ৰতিষ্ঠা দিৱস ২৬ ছেপ্টেম্বৰত ঘোষণা কৰা হয়। এই বঁটা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰে।[4] অন্তিমবাৰৰ বাবে ২০২২ বৰ্ষৰ বাবে বঁটা ঘোষণা প্ৰায় এবছৰ পলম হৈ যোৱাত সেই তাৰিখটোৰ পৰম্পৰা ৰক্ষা হোৱা নাছিল।[5]

বঁটা লাভ কৰা অসমীয়া বিজ্ঞানী

নাম বৰ্ষ বিভাগ কৰ্মস্থান
মিহিৰ কান্তি চৌধুৰী‎[6] ১৯৮৯ ৰসায়ন বিজ্ঞান উপাচাৰ্য, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়,অসম
জিতেন্দ্ৰনাথ গোস্বামী[7] ১৯৯৪ ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান Physical Research Laboratory, আহমেদাবাদ
ভূপেন্দ্ৰ নাথ গোস্বামী[8] ১৯৯৫ ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান ইণ্ডিয়ান ইন্সিটিউট অব ট্ৰপিকেল মেটিয়োৰলজি, পুনে
প্ৰশান্ত গোস্বামী[9] ২০০১ ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান CSIR-Fourth Paradigm Institute (CSIR-Centre for Mathematical Modelling & Computer Simulation), বেংগালুৰু
বিনয় কুমাৰ শইকীয়া[10] ২০২১ ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, যোৰহাট

তথ্যসূত্ৰ

  1. Press Trust of India (27 September 2000). "10 scientists nominated for Bhatnagar Awards". Indian Express. http://www.indianexpress.com/ie/daily/20000927/ina27012.html। আহৰণ কৰা হৈছে: 17 August 2010. 
  2. "From the awarding body Council of Scientific and Industrial Research (CSIR)". http://www.csir.res.in/External/Utilities/Frames/career/main_page.asp?a=topframe.htm&b=leftcon.htm&c=../../../Heads/career/awards.htm। আহৰণ কৰা হৈছে: 2008-05-14. 
  3. ThePrint (25 September 2023). "No cash prizes with govt’s new science honour ‘Vigyan Puraskar’ — ‘why do scientists need cash prize’". ThePrint. https://theprint.in/science/no-cash-prizes-with-govts-new-science-honour-vigyan-puraskar-why-do-scientists-need-cash-prize/1777435/। আহৰণ কৰা হৈছে: 09 August 2024. 
  4. http://ssbprize.gov.in
  5. "After a year’s hold-up, Centre announces top national science prize for young talent". The Indian Express. 11 September 2023. https://indianexpress.com/article/india/shanti-swarup-bhatnagar-awards-2022-winners-8934745/। আহৰণ কৰা হৈছে: 9 August 2024. 
  6. http://ssbprize.gov.in/Content/Detail.aspx?AID=430
  7. http://ssbprize.gov.in/Content/Detail.aspx?AID=467
  8. http://ssbprize.gov.in/Content/Detail.aspx?AID=466
  9. http://ssbprize.gov.in/Content/Detail.aspx?AID=468
  10. Desk, Sentinel Digital (2021-09-26). "After 20 Years Assamese Scientist Receives Shanti Swarup Bhatnagar Award - Sentinelassam" (en ভাষাত). https://www.sentinelassam.com/north-east-india-news/assam-news/after-20-years-assamese-scientist-receives-shanti-swarup-bhatnagar-award-556498. 
  11. "CSIR selects 10 scientists for prestigious Shanti Swarup Bhatnagar award". Times of India. Times of India. 2014-09-26. http://timesofindia.indiatimes.com/india/CSIR-selects-10-scientists-for-prestigious-Shanti-Swarup-Bhatnagar-award/articleshow/43549450.cms. 

বাহ্যিক সংযোগ