শ্ৰেণী:কৃষি

কৃষি হ'ল জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় জীৱ-জন্তু, পক্ষী, উদ্ভিদ তথা অন্যান্য জীৱ ভিত্তিক খাদ্য নাইবা পণ্যৰ উৎপাদন প্ৰণালী। ইয়াক খেতি বুলিও কোৱা হয়। কৃষি আদিম মানৱ সভ্যতাৰ বিকাশৰ এক চালিকা শক্তি। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বিভিন্ন বন্য জীৱ প্ৰজাতিৰ ঘৰচীয়াকৰণ আৰু খেতিয়ে সৃষ্টি কৰা খাদ্য-শস্য-পণ্যৰ ৰাহিয়ে সভ্যতাৰ বিকাশত সাৰপানী দিছিল। কৃষিৰ বিজ্ঞানসন্মত অধ্যয়ণ তথা গৱেষণা বিদ্যাৰ সুঁতিটোক কৃষি বিজ্ঞান বোলা হয়।