সপুষ্পক উদ্ভিদ

সপুষ্পক উদ্ভিদ
জীৱাশ্ম কাল: Early Cretaceous — Recent
প্ৰিকে
কেম
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
সপুষ্পক উদ্ভিদৰ বিবিধতা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Angiospermae
Lindley
সমাৰ্থক

ফুল ফুলা উদ্ভিদ

সপুষ্পক উদ্ভিদ বা ফুল ফুলা উদ্ভিদ হল পৃথিৱীৰ আটাইতকৈ অধিক বৈচিত্ৰময় স্থল উদ্ভিদ। এই উদ্ভিদ সমূহত ফুল ফুল আৰু ইয়াৰ ফল সমূহৰ ভিতৰত বীজ সমূহ সুৰক্ষিত হৈ থাকে। বীজ সমূহৰ ভিতৰত এটা বা দুটা দল থাকে আৰু এই দল সমূহৰ ভিক্তিত ইয়াক একবীজপত্ৰি আৰু দ্বিবীজপত্ৰি হিচাপে ভাগ কৰা হৈছে। এই উদ্ভিদসমূহ মানুহৰ বাবে যথেষ্ট উপকাৰী। এই উদ্ভিদ সমূহত পূৰঠ পাত, ফুল, শিপা, ফল দেখা যায়।

বৰ্গীকৰণ

সপুষ্পক উদ্ভিদৰ বৰ্গীকৰণ সময়ে সময়ে বৰ্গীকৰণ জীৱ বৈজ্ঞানিক সমূহৰ দ্বাৰা হৈ আহিছে। তেওঁলোকে মূলতঃ ইয়াক একবীজপত্ৰী আৰু দ্বিবীজপত্ৰী বিভাজন কৰিছে।

  • একবীজপত্ৰী সপুষ্পক উদ্ভিদ  : ইয়াৰ বীজ সমূহৰ ভিতৰত এটা দল থাকে। সেয়েহে ইয়াক একবীজপত্ৰী বোলা হয়। উদাহৰণ: ঘেঁহু, ধান, জোৱাৰ, যৱ, কল, পিয়াজ, বাঁহ, নহৰু, খেজুৰ ইত্যাদি।
  • দ্বিবীজপত্ৰী সপুষ্পক উদ্ভিদ : ইয়াৰ বীজ সমূহৰ ভিতৰত দুটা দল থাকে। সেয়েহে ইয়াক দ্বিবীজপত্ৰী বোলা হয়। এই প্ৰকাৰৰ উদ্ভিদ কেইবাহাজাৰটা প্ৰজাতি উপলব্ধ আছে।

প্ৰজনন

সপুষ্পক উদ্ভিদ সমূহে যৌন প্ৰজননৰ বাবে ফুল নামৰ অংশ বিধৰ বিকাশ কৰে। এই অংশ বিধতে গছ জোপাৰ প্ৰজননৰ ক্ষমতা থাকে। এই প্ৰকাৰৰ উদ্ভিদসমূহ ফুলৰ উৎপাদন কৰে বাবে বাগিছা সমূহত প্ৰায় ব্যৱহাৰ হয়। সপুষ্পক উদ্ভিদফুল গঠন, আকৃতি, গুণ অনুসৰি কেইবা প্ৰকাৰৰ থাকে। পৰাগ সংযোগৰ দ্বাৰা ইয়াৰ সপুষ্পক উদ্ভিদৰ নিষেচন হয়। নিষেচনৰ পাছত ভ্ৰূণৰ লাহে লাহে বিকাশ ঘটে। ভ্ৰুণৰ বিকাশ ঘটি পাছত ই বীজলৈ ৰূপান্তৰ হয়,আৰু ইয়াৰ চাৰিও কাষৰ অংশ মিলি ফলৰ বিকাশ ঘটায়। বীজ অংশক ই ঢাকি ৰাখে। ইয়াৰ ফল কেইবাপ্ৰকাৰৰ হয় যাক মানুহেও খাদ্য হিচাপে ব্যৱহাৰ কৰে।

উপকাৰিতা

সমূহ মানুহৰ বাবে যথেষ্ট উপকাৰী। সমূহ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰে কিছুমান ফলমূল, শাক পাচলি আদি উৎপাদন কৰে। কিছু উদ্ভিদ ঔষধি গুণ যুক্ত, আৰু কিছুৱে সূতা উৎপাদন কৰে। আৰু কিছু উদ্ভিদে কাঠ আদি উৎপাদন কৰি অৰ্থনৈতিক ভাৱে সহায় কৰে।

উৎস প্ৰসংগ

বাহ্যিক সংযোগ

  • ৱিকিমিডিয়া কমন্সত Magnoliophyta সম্পৰ্কীয় মিডিয়া ফাইল।
  • ৱিকিপ্ৰজাতিত Magnoliophyta সম্পৰ্কীয় তথ্য
  • ৱিকিগ্ৰন্থত Magnoliophyta