স্পেনীছ ভাষা
স্পেনিছ (español) বা কেষ্টিলিয়ান (castellano) হৈছে ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ এটা ৰোমান ভাষা, যি ইউৰোপৰ আইবেৰিয়ান উপদ্বীপত কথিত ভলগাৰ লেটিন ভাষাৰ পৰা বিকশিত হৈছে। আজি ই এটা বিশ্বব্যাপী ভাষা, মূলতঃ আমেৰিকা আৰু স্পেইনত প্ৰায় ৫০ কোটি স্থানীয় ভাষী আৰু দ্বিতীয় ভাষা ভাষী অন্তৰ্ভুক্ত কৰিলে প্ৰায় ৬০ কোটি।[3][4] স্পেনিছ ভাষা ২০খন দেশৰ চৰকাৰী ভাষা, লগতে ই ৰাষ্ট্ৰসংঘৰ ছটা চৰকাৰী ভাষাৰ ভিতৰত অন্যতম।[5][6] স্পেনিছ হৈছে মেণ্ডেৰিন চীনা ভাষাৰ পিছত বিশ্বৰ দ্বিতীয় সৰ্বাধিক কথিত থলুৱা ভাষা;[4][7] ইংৰাজী, মেণ্ডেৰিন চীনা, আৰু হিন্দুস্তানী (হিন্দী-উৰ্দু) ৰ পিছত সামগ্ৰিকভাৱে বিশ্বৰ চতুৰ্থ সৰ্বাধিক কথিত ভাষা; আৰু বিশ্বৰ আটাইতকৈ বেছি প্ৰচলিত ৰোমান ভাষা। স্থানীয় ভাষা হিচাপে এই ভাষা কোৱা লোকৰ জনসংখ্যা সৰ্বাধিক মেক্সিকো দেশত৷[8]
শব্দভাণ্ডাৰ
দৈনন্দিন স্পেনিছ শব্দভাণ্ডাৰৰ প্ৰায় ৮৫% লেটিন মূলৰ। স্পেনিছ ভাষাৰ বেছিভাগ মূল শব্দভাণ্ডাৰ আৰু আটাইতকৈ সাধাৰণ শব্দ লেটিন ভাষাৰ পৰা আহিছে। শিশুৱে কথা ক’বলৈ শিকিলে প্ৰথমে শিকি অহা স্পেনিছ শব্দবোৰ মূলতঃ লেটিন মূলৰ শব্দ। লেটিন মূলৰ এই শব্দবোৰক ঐতিহ্যমণ্ডিত শব্দ, কাল্টজম আৰু অৰ্ধ-কাল্টজম হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি।
তথ্যসূত্ৰ
তথ্যসূত্ৰৰ প্ৰাক্দৰ্শন
- ↑ Eberhard, Simons & Fennig (2020)
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin et al., eds (2022). "Castilic". Glottolog 4.6. প্ৰকাশক Jena, Germany: Max Planck Institute for Evolutionary Anthropology. http://glottolog.org/resource/languoid/id/cast1243। আহৰণ কৰা হৈছে: 19 June 2022.
- ↑ "Ethnologue, 2022". https://www.ethnologue.com/language/spa/। আহৰণ কৰা হৈছে: 2 December 2023.
- ↑ 4.0 4.1 Eberhard, David M.; Simons, Gary F.; Fennig, Charles D. (2022). "Summary by language size" (en-US ভাষাত). Ethnologue. SIL International. https://www.ethnologue.com/insights/ethnologue200/। আহৰণ কৰা হৈছে: 2 December 2023.
- ↑ "Official Languages". United Nations. https://www.un.org/en/our-work/official-languages। আহৰণ কৰা হৈছে: 2024-01-05.
- ↑ "In which countries of the world is this language spoken?". http://www.nationsonline.org/oneworld/countries_by_languages.htm.
- ↑ Salvador, Yolanda Mancebo (2002). "Hacia una historia de la puesta en escena de La vida es sueño" (es ভাষাত). Calderón en Europa. Vervuert Verlagsgesellschaft. পৃষ্ঠা. 91–100. doi:10.31819/9783964565013-007. ISBN 978-3-96456-501-3. https://www.degruyter.com/document/doi/10.31819/9783964565013-007/html। আহৰণ কৰা হৈছে: 3 March 2022.
- ↑ "Countries with most Spanish speakers 2021". Statista. https://www.statista.com/statistics/991020/number-native-spanish-speakers-country-worldwide/। আহৰণ কৰা হৈছে: 17 May 2022.