হজ্জ

হজ্জ চলি থকাৰ সময়ত কাবা চাৰিওফালে নিৰ্মিত মছজিদুল হাৰামত প্ৰাৰ্থনাৰত এজন হাজী। কলা ৰঙৰ চাৰিকোণৰ ঘৰখন বায়তুল্লাহ বা কাবা। ইয়াৰ চাৰিওফালে সাতবাৰকৈ খুজকঢ়াক তাওয়াফ বুলা হয়। যিটো হজ্জৰ অঙ্গ।

হজ্জ বা হজ্জ্ব (আৰবী: حج হ্বজ্জ্) ইছলামৰ বৰ্ণনা অনুসৰি হজ্জ এটা আৱশ্যকীয় বা ফৰজ উপাসনা বা ইবাদত। এইটো ইছলামৰ ৫ম স্তম্ভ। হজ্জ শব্দৰ আভিধানিক অৰ্থ হৈছে- "'ইচ্ছা"' বা "'সংকল্প'" কৰা। আচাৰ আৰু আদব-কায়দাৰ বিবেচনাত হজ্জ হ'ল বছৰৰ নিৰ্দিষ্ট দিনত নিৰ্দিষ্ট পোচাকত কেইটামান স্থানত অৱস্থান বা ওকুফ, কাবা তাওয়াফ, পশু কোৰবাণী, ছফা-মৰওয়াৰ মাজত খুজকঢ়া। শাৰীৰিক আৰু আৰ্থিকভাৱে সক্ষম প্ৰত্যেক মুছলিম নৰ-নাৰীৰ বাবে জীৱনত এবাৰ হজ্জ সম্পাদন কৰা ফৰজ বা আৱশ্যিক।[1] আৰৱী জিলহজ মাহৰ ৮ ৰ পৰা ১২ তাৰিখ হজ্জৰ বাবে নিৰ্ধাৰিত সময়। হজ্জ পালনৰ বাবে বৰ্তমান চৌদি আৰৱমক্কা নগৰী আৰু সন্নিহিত মিনা, আৰাফাত, মুযদালফা প্ৰভৃতি স্থানত গমন আৰু অৱস্থান আৱশ্যক। এইটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ বছৰেকীয়া তীৰ্থযাত্ৰা।[2] যিজনে হজ্জ সম্পাদনৰ বাবে গমন কৰে তেখেতক কোৱা হয় হাজী।

ইছলামত হজ্জৰ গুৰুত্ব

হজ্জৰ ঐতিহাসিক পটভূমি

হজ্জৰ চৰ্তাৱলী

হজ্জৰ ৰীতি-নীতি

বিভিন্ন প্ৰকাৰ হজ্জ

লগতে চাওক

গ্ৰন্থ সূত্ৰ

তথ্যসূত্ৰ

বহিঃসংযোগ

তথ্যসূত্ৰৰ প্ৰাক্‌দৰ্শন

  1. Dalia Salah-El-Deen, Significance of Pilgrimage (Hajj)
  2. Atlas of Holy Places, p. 29