ৰাজ ভাটৌ
ৰাজ ভাটৌ (Alexandrine Parakeet) | |
---|---|
Male (left) and female (right) | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Psittaciformes |
মহাপৰিয়াল: | Psittacoidea |
পৰিয়াল: | Psittaculidae |
উপপৰিয়াল: | Psittaculinae |
গোত্ৰ: | Psittaculini |
গণ: | Psittacula |
প্ৰজাতি: | P. eupatria |
বৈজ্ঞানিক নাম | |
Psittacula eupatria (Linnaeus, 1766) |
ৰাজ ভাটৌ (ইংৰাজী: 'Alexandrine Parakeet, বৈজ্ঞানিক নাম-Psittacula eupatria) চ্চিটাচিফৰমিছ (psittaciformes) বৰ্গ আৰু চ্চিত্তাকুলিডি (Psittaculidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এটা ভাটৌৰ প্ৰজাতি। এই প্ৰজাতিটোৰ ইংৰাজী নামটো সম্ৰাট আলেকজেণ্ডাৰ (Alexander the Great)ৰ নামৰ ভিত্তিত দিয়া হৈছে কিয়নো সম্ৰাট আলেকজেণ্ডাৰে বহুতো ৰাজ ভাটৌ পঞ্জাবৰ পৰা ইউৰোপৰ বিভিন্ন ঠাইলৈ পঠিয়াইছিল আৰু এই ঠাইসমূহৰ ৰাজকীয়া পৰিয়ালত ৰাজ-ভাটৌক বহু মূলীয়া সম্পদ বুলি গণ্য কৰা হৈছিল।[2]
ৰাজ ভাটৌৰ বৈজ্ঞানিক নামৰ eupatria গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ eu মানে 'ভাল বাসন্মানীয় (good or noble) আৰু patria মানে পূৰ্বস্থান বা পূৰ্বপুৰুষ (ancestry)
টেক্সনমি আৰু বিতৰণ
গোলকীয় বিতৰণৰ ভিত্তিত ৰাজ ভাটৌৰ তলত উল্লেখ কৰা উপ-প্ৰজাতি সমূহ পোৱা যায়-
- Psittacula eupatria eupatria, Alexandrine Parakeet (nominate race) -পূব-ভাৰত, হাইদৰাবাদ, অন্ধ্ৰপ্ৰদেশ আৰু শ্ৰীলংকা
- Psittacula eupatria avensis, Indo-Burmese Alexandrine Parakeet - উত্তৰ-পূব ভাৰতৰ পৰা ম্যানমাৰলৈকে।
- Psittacula eupatria magnirostris, Andaman Islands' Alexandrine Parakeet - আন্দামান দ্বীপপূঞ্জ
- Psittacula eupatria nipalensis, Nepalese Alexandrine Parakeet - পূব আফগানিস্তান, পাকিস্তান, উত্তৰ ভাৰত, কেন্দ্ৰীয় ভাৰত, নেপাল, ভূটান আৰু অসম।
- Psittacula eupatria siamensis, Laos' or Siamese Alexandrine Parakeet - ভিয়েটনাম, কম্বোডিয়া, লাওছ, উত্তৰ আৰু পূব থাইলেণ্ড
বিৱৰণ
ৰাজ ভাটৌ অন্যান্য ভাটৌৰ প্ৰজাতিসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ আকাৰৰ। ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৫৮ ছে: মি: আৰু ডেউকা আৰু নেজৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে ১৮.৯-২১.৫ ছে: মি: আৰু ২১.৫-৩৫.৫ ছে: মি: হোৱা দেখা যায়। পূৰ্ণবয়স্ক চৰাইৰ ওজন সাধাৰণতে ২০০-৩০০ গ্ৰাম পৰ্যন্ত হয়।[3][4] ইয়াৰ দেহটো সেউজীয়া, মুখত কিছু নীলা আভা আছে। পেট অংশ সেউজ-হালধীয়া। ৰাজ ভাটৌৰ ডেউকাৰ ওপৰ অংশ মেৰুণ (maroon or reddish brown) ৰঙৰ হোৱা দেখা যায়। ইয়াৰ ঠৌঁত ৰঙা আৰু ঠেং সাধাৰণতে মটিয়া বৰণৰ হয়।
পূৰ্ণবয়স্ক ৰাজ ভাটৌৰ মতা-মাইকীৰ ভিন্নতা দেখা যায় কিন্তু পোৱালিৰ মাজত লিংগ ভেদ কৰিব পৰা নাযায়। পূৰ্ণবয়স্ক মতা ৰাজ ভাটৌৰ ডিঙিত ঘূৰণীয়াকৈ ক'লা আঁচ আৰু ডিঙিৰ ওপৰফালে (nape) ডাঙৰকৈ গুলপীয়া দাগ থাকে। আনহাতে মাইকী ৰাজ ভাটৌৰ ডিঙিত পাতল মটিয়া বৰণৰ আঁচহে দেখা যায়।
এভিকালচাৰ
ৰাজ ভাটৌ পোহনীয়া চৰাই হিচাপে খুবেই সমাদৃত। ইউৰোপ মহাদেশত পোৱা পোহনীয়া চৰাইসমূহৰ ভিতৰত ৰাজ ভাটৌ সৰ্বপ্ৰথমে পোহ মনা চৰাইৰ প্ৰজাতি। ইয়াৰ বৃহৎ দেহ আৰু দীঘল নেজৰ বাবে অৱশ্যে অন্য ভাটৌ চৰাইতকৈ ইয়াক ডাঙৰ সঁজাৰ প্ৰয়োজন হয়।
কৃত্ৰিম পৰিৱেশত
ৰাজ ভাটৌৰ মাত বিভিন্ন পৰিৱেশত যথেষ্ট ডাঙৰ হ'ব পাৰে। কৃত্ৰিম পৰিৱেশত ই পানীৰ সৈতে খেলিবলৈ পছন্দ কৰে আৰু যাঁচি দিয়া খাদ্য বস্তুও তৎক্ষণাত গ্ৰহণ কৰে। ইয়াৰ গড় আয়ুস প্ৰায় ৪০ বছৰ।
প্ৰজনন
ৰাজ ভাটৌৱে সাধাৰণতে নৱেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত প্ৰজনন কৰে। এবাৰত ই ২-৪ টাকৈ কণী পাৰে। ২৮ দিনৰ উমনিৰ অন্তত কণী ফুটি পোৱালি জগে। প্ৰায় সাত সপ্তাহ মানৰ পিছত পোৱালিৰ পাখি গজে।
খাদ্য
ৰাজ ভাটৌৱে সাধাৰণতে গুটি, ফল-মূল, ফুল আদি খাই জীয়াই থাকে। কাৎচিৎ ই পোক-পতংগ আদি চিকাৰ কৰাও দেখা পোৱা যায়। ইহঁতে খেতি-পথাৰৰ বিস্তৰ ক্ষতি সাধন কৰিব পাৰে।
স্থিতি তথা সংৰক্ষণ
পাকিস্তান ত এই প্ৰজাতিটোৰ স্থিতি সংকটজনক বুলি তথ্য পোৱা যায়। বাসস্থান ধ্বংস তথা বন্য পোৱালিৰ চোৰাং চিকাৰকেই ইয়াৰ প্ৰধান কাৰণ বুলি অভিহিত কৰা হয়। ইয়াৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে যদিও লাহোৰকে ধৰি ভাৰতৰো বহুতো অঞ্চলত ইয়াক মুকলিকৈ বিক্ৰী কৰা দেখা যায়।
আলোকচিত্ৰৰ ভঁৰাল
-
বাহত এটা মতা ৰাজভাটৌ
-
পাখি মেলা অৱস্থাত এটা ৰাজ ভাটৌ
-
কলকাতাত এটা ৰাজভাটৌ
-
ৰাজভাটৌ
তথ্যসূত্ৰ
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
- ↑ BirdLife International (2012). "Psittacula eupatria". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106001527। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ Campbell-Johnston, Rachell (2007-02-13). "A squawk on the wild side". The Times. প্ৰকাশক London. http://www.thetimes.co.uk/tto/arts/article2394250.ece। আহৰণ কৰা হৈছে: 16 January 2013.
- ↑ Ali, S. (1993). The Book of Indian Birds. প্ৰকাশক Bombay: Bombay Natural History Society. ISBN 0-19-563731-3.
- ↑ del Hoyo, J; Elliot, A; Sargatal, J (1996). Handbook of the Birds of the World. 3. প্ৰকাশক Barcelona: Lynx Edicions. ISBN 84-87334-20-2.
- Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ৰাজ ভাটৌ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
Informative websites:
- World Parrot Trust Parrot Encyclopedia - Species Profile
- Oriental Bird Images: Alexandrine Parakeet Selected photos
- Alexandrine Parakeet's Fact-Sheet describing the different sub-species & colour mutations Archived 2013-08-25 at the Wayback Machine
- Webpage featuring excellent informations regarding the Alexandrine Parakeets in Aviculture & as Pet Parrots
- Webpage featuring a great article on the Alexandrine Parakeets in Aviculture & as Pet Parrots Archived 2012-04-27 at the Wayback Machine
- Webpage dedicated to the Alexandrine Parakeet
- Thailand's stamp picturing a pair of Alexandrines
Conservation related links:
- Study showing decline of the Alexandrine Parakeet Archived 2007-12-01 at the Wayback Machine
- Seizure in Jaipur, India Archived 2007-11-28 at the Wayback Machine
- 35 parakeets seized from a house Archived 2007-12-02 at the Wayback Machine