কবিৰত্ন সৰস্বতী

কবিৰত্ন সৰস্বতী
জন্ম আনুমানিক চতুৰ্দশ-পঞ্চদশ শতিকা
পেচা কবি
ভাষা অসমীয়া
উল্লেখনীয় কৰ্মৰাজি কৈলাশ বৰ্ণনা

কবিৰত্ন সৰস্বতী (ইংৰাজী: Kabiraj Chakravarty, আনুমানিক ১৫ শতিকা) দৰঙৰ ৰজা ইন্দ্ৰনাৰায়ণৰ সময়ৰ কবি আছিল। বৰপেটা অঞ্চলৰ 'ছোটশিলা' নামে গাঁৱত জন্ম হৈছিল। পিতৃ আছিল কায়স্থ কুলৰ চক্ৰপাণি শিকদাৰ। চক্ৰপাণি শিকদাৰ ৰজা দুৰ্লভনাৰায়ণৰ প্ৰিয়পাত্ৰ আছিল। আৰু পুত্ৰ কবিৰত্ন দুৰ্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ সমসাময়িক আছিল। কৱিয়ে মহাভাৰতৰ দ্ৰোণপৰ্বৰ 'জয়দ্ৰথ বধ' অনুপৰ্বৰ ভাঙনি কৰিছিল। মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ কৱিৰত্নৰ বংশধৰ।[1][2]

কবিৰত্ন সৰস্বতীৰ বংশধৰ হ'ল মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ। কবিৰত্ন সৰস্বতীৰ পৰা ৰামচৰণ ঠাকুৰলৈ সাত পুুৰুষৰ ব্যৱধান আছে বুুলি জানিব পৰা যায়।[2]

সাহিত্যিক পৰিচয়

কবিৰত্ন সৰস্বতীয়ে মহাভাৰতৰ দ্ৰোণপৰ্বৰ জয়দ্ৰথ বধৰ কাহিনীটো কাব্য আকাৰেৰে বৰ্ণনা কৰিছে৷ অসমীয়া সাহিত্যৰ চানেকীৰ প্ৰথম খণ্ডত উদ্ধৃত কৰা 'কৈলাশ বৰ্ণনা' অংশটোৰ পৰা তেওঁ কাব্য প্ৰতিভাৰ উমান পাব পাৰি৷[2]

তথ্য সংগ্ৰহ

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃষ্ঠা. ৪৭. 
  2. 2.0 2.1 2.2 সত্যেন্দ্ৰনাথ শৰ্মা (১৯৯৬). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী: প্ৰকাশক- প্ৰতিমা দেৱী. পৃষ্ঠা. ৫৫-৫৬.