কাৰ্টুন

কাৰ্টুন বা ব্যঙ্গচিত্ৰ (ইংৰাজী: Cartoon) একধৰণৰ দ্বি-মাত্ৰিক চিত্ৰকলা যিবোৰ কাগজত অঙ্কন কৰাৰ মাধ্যমত প্ৰদৰ্শন কৰা হয়। বহুবোৰ কাৰ্টুনক একত্ৰিত কৰাৰ মাধ্যমৰে এনিমেশ্যন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। কাৰ্টুন শব্দটো মূলঃ ইংৰাজী শব্দ যদিও অসমীয়া ভাষাটো ই কাৰ্টুন নামেৰে ব্যৱহৃত আৰু জনপ্ৰিয়। কাৰ্টুনৰ যোগেদি একোটা ঘটনাৰ পৰা হ'ব পৰা ৰাজহুৱা, ৰাজনৈতিক, সামাজিক বা অৰ্থনৈতিক প্ৰতিক্ৰিয়াসমূহৰ আগতীয়া উমান পোৱা হয় । ৰৈখিক চিত্ৰ পদ্ধতিৰ দ্বাৰা চলচ্চিত্ৰ বা বাতৰিকাকতৰ জৰিয়তে কাৰ্টুনে মানুহক সকলো ধৰণৰ পৰিস্থিতিৰ ব্যংগাত্মক বিশ্লেষণ দিব পাৰে।

বাতৰিকাকতত ওলোৱাৰ আগৰে পৰাই কাৰ্টুন প্ৰচলিত হৈ আহিছে । পুৰণি কালত ইউৰোপৰ কিছুমান দেশত মানুহে কাঠত বা দেৱালতো কাৰ্টুন আকিছিল । বহুতে আকৌ কাঠৰ ফলি বা দেৱালয়ত ব্যংগ চিত্ৰৰ উপৰি বিভিন্ন কাহিনী আঁকিছিল । আমাৰ দেশৰ মঠ-মন্দিৰবোৰত এনে চিত্ৰ প্ৰচুৰ পৰিমাণে দেখা যায় । পুৰাণ-ভাগৱত, মহাভাৰত- ৰামায়ণ আদিৰ কাহিনী এই চিত্ৰবোৰত অঁকা থাকে।

যিসকলে ব্যঙ্গচিত্ৰ অঙ্কন কৰে, তেওঁলোক কাৰ্টুনিষ্ট নামে পৰিচিত হয়। বিখ্যাত ইটালীয় চিত্ৰকৰ ৰাফেল, লিওনাৰ্দো দ্য ভিঞ্চি বিখ্যাত কাৰ্টুনিষ্ট হিচাপে বিশ্বব্যাপী পৰিচিত ব্যক্তি।


তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ