লোকেল কুং ফু ২

লোকেল কুং ফু ২
200px
পৰিচালক কেনী বসুমতাৰী
হিৰক নাথ
ৰচনা কেনী বসুমতাৰী
প্ৰযোজক দুৰ্লভ বৰুৱা
কেনী বসুমতাৰী
অভিনয়ত
  • কেনী বসুমতাৰী- (দীপ আৰু দীপুৰ যুগ্ম ভূমিকাত)
  • উৎকল হাজোৱাৰী- (অৰুণ আৰু মোহনৰ যুগ্ম ভূমিকাত)
  • ইপ্সিতা হাজৰিকা- (লুচী)
  • বণী দেউৰী- (বিকু)
সংগীত পৰিচালক
  • ডেৰিক ক'ৰীয়া
  • ট'নী
  • উৎকৰ্ষ ধোতেকাৰ
  • দিগন্ত গগৈ
মুক্তি
১৯ এপ্ৰিল ২০১৭
দেশ ভাৰত
ভাষা অসমীয়া
বাজেট ৩৫ লাখ[1]

লোকেল কুং ফু ২ (ইংৰাজী: Local Kung Fu 2) এখন এক্সনধৰ্মী হাস্যৰসাত্মক অসমীয়া ছবি। ছবিখনৰ পৰিচালক কেনী বসুমতাৰী। কেনী বসুমতাৰীয়ে দুৰ্লভ বৰুৱাৰ সৈতে যুগ্মভাবে প্ৰযোজনাও কৰিছে। এইখন ২০১৩ত মুক্তি পোৱা লোকেল কুং ফুৰ চিকুৱেল।[2][3] লোকেল কুং ফু ২ৰ কাহিনী উইলিয়াম শ্বেইকছপীয়েৰৰ হাস্যৰসাত্মক নাট কমেডী অৱ এৰ'ৰচৰ আধাৰত ৰচনা কৰা হৈছে। নিৰ্মাতাই ক্ৰাউড ফাণ্ডিঙৰ যোগেদি ছবি নিৰ্মাণৰ ধন আহৰণ কৰিছিল।[4] ছবিখনে ২০১৭ৰ ১৮ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰে।[5]

অভিনয় শিল্পী

  • কেনী বসুমতাৰী- (দীপ আৰু দীপুৰ যুগ্ম ভূমিকাত)
  • উৎকল হাজোৱাৰী- (অৰুণ আৰু মোহনৰ যুগ্ম ভূমিকাত)
  • ইপ্সিতা হাজৰিকা- (লুচী)
  • বণী দেউৰী- (বিকু)
  • জনী দেউৰী
  • ৰণী দেউৰী
  • বিভাষ সিংহ- (বিজয়)
  • টনী দেউৰী বসুমতাৰী-
  • অমৰ সিংহ দেউৰী
  • কবিন্দ্ৰ দাশ
  • সুনীত বৰা- ( ৰাহুল)
  • মৃগাঙ্ক কোঁৱৰ- (ৰাজ)[1]

কাহিনীৰ সাৰাংশ

ছবিৰ কাহিনী উইলিয়াম শ্বেইকছপীয়েৰৰ নাটক কমেডী অৱ এৰ'ৰচ দৰে ইয়াত দুযোৰা দেখিবলৈ সাইলাখ একে দুযোৰা যমজ ল'ৰাৰ কাহিনী বৰ্ণিত হৈছে, যিয়ে দুৰ্ঘটনাক্ৰমে শিশু অৱস্থাতে বিচ্চিন্ন হৈ গৈছিল। এযোৰা ডাঙৰ-দীঘল হৈছিল গুৱাহাটীত আৰু আনযোৰা তেজপুৰত। গুৱাহাটীত থকা যোৰাটোৱে সমৰ কলা জানে, কিন্তু তেজপুৰৰ যোৰাটোৱ নাজানে। ঘটনাচক্ৰত গুৱাহাটীৰ যোৰাটো তেজপুৰ ওলালগৈ আৰু আৰম্ভ হ’ল খেলিমেলি আৰু ভুল বুজাবুজি।[1]

গীত

ছবিখনত সাতটা গীত অন্তৰ্ভুক্ত কৰা হৈছে।

  1. কুং ফু ইউ- কণ্ঠশিল্পী টনী ডিবি
  2. য'তে ত'তে- কণ্ঠশিল্পী অম্বৰ দাস
  3. পি- কণ্ঠশিল্পী মুনু আৰু চাও
  4. হিজ নেম ইজ জি.কে. কণ্ঠশিল্পী বনী দেউৰী
  5. খেলিমেলি মন- কণ্ঠশিল্পী অনিষা শইকীয়া
  6. মায়াভৰা জীৱন- কণ্ঠশিল্পী উৎকল হাজোৱাৰী
  7. বৰষা- কণ্ঠশিল্পী উৎকল হাজোৱাৰী

তথ্যউৎস

বাহ্যিক সংযোগ

ইউটিউৱত লোকেল কুং ফু ২