ভাৰতৰ চৰকাৰী ভাষাসমূহ
ভাৰতৰ সংবিধান অনুসৰি ভাৰত চৰকাৰৰ চৰকাৰী ভাষা হৈছে দেৱনাগৰী লিপিৰ হিন্দী আৰু ইংৰাজী। সংবিধানত কোনো জাতীয় ভাষা নাই।[1] বিভিন্ন চৰকাৰী কাম-কাজত হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰা হয়; যেনে, সংসদৰ কামত, আইন আৰু ন্যায়িক কামত, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যোগাযোগ ইত্যাদি।[2]ৰাজ্যসমূহে নিজৰ চৰকাৰী ভাষা নিৰ্ধাৰণ কৰাৰ স্বাধীনতা আছে।[1]মূলতঃ ১৪.৫-২৪.৫% লোকে হিন্দী কয়, কিন্তু প্ৰায় ৪৫% ভাৰতীয়ই হিন্দী বা ইয়াৰ উপভাষা কয়। এই জনসংখ্যাৰ ৪৫% হিন্দীভাষী ৰাজ্য যেনে বিহাৰ, উত্তৰপ্ৰদেশ ইত্যাদি ৰাজ্যত বাস কৰে। বাকী ভাৰতীয় ভাষাসমূহ ভাৰতৰ জনসংখ্যাৰ ১০%তকৈও কম লোকে কয়।
ৰাজ্যসমূহে আইনৰ দ্বাৰা নিজৰ চৰকাৰী ভাষা নিৰ্ধাৰণ কৰিব পাৰে। সংবিধানৰ এই ধাৰাত ৰাজ্যসমূহে সেই ভাষাসমূহ কেৱল কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কাম-কাজৰ বাবেই নহয়, ৰাজ্যসমূহৰ নিজেও বিভিন্ন চৰকাৰী কাম-কাজৰ বাবেও ব্যৱহাৰ কৰিব পাৰে আৰু এই ভাষাসমূহৰ জৰিয়তে ৰাজ্যখনেও দেশৰ সৈতে সংযোগ স্থাপন কৰে।
ভাৰতত ব্ৰিটিছ শাসনৰ সময়ত ইংৰাজী ভাষা যুক্তৰাষ্ট্ৰীয় পৰ্যায়ত ব্যৱহাৰ কৰা হৈছিল। ১৯৫০ চনত সংবিধান গৃহীত হোৱাৰ সময়ত ১৫ বছৰৰ ভিতৰত ক্ৰমান্বয়ে ইংৰাজীৰ ঠাইত হিন্দী ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও পিছলৈ আইন প্ৰণয়ন কৰি ইংৰাজী ভাষাৰ ব্যৱহাৰ অক্ষুণ্ণ ৰাখিছিল। আন ৰাজ্যৰ চৰকাৰী ভাষাৰ লগতে হিন্দীও চৰকাৰী ভাষা হৈয়েই আছে।
ভাষা | ভাষা পৰিয়াল | ভাষীকৰ সংখ্যা (২০০১, নিযুতত)[4] | ৰাজ্য |
---|---|---|---|
অসমীয়া | হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল | ১৩ | অসম, অৰুণাচল প্ৰদেশ |
উৰ্দু | হিন্দ-আৰ্য্য, মধ্য | ৫২ (ভাৰতত) | জম্মু-কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, দিল্লী, বিহাৰ, উত্তৰ প্ৰদেশ |
ওড়িয়া | হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল | ৩৩ | উৰিষ্যা |
কন্নড় | দ্ৰাবিড় | ৩৮ | কৰ্ণাটক |
কাশ্মিৰী | হিন্দ-আৰ্য্য | ৫.৫ | জম্মু আৰু কাশ্মীৰ |
কোংকণী | হিন্দ-আৰ্য্য, দ্বাক্ষীণাত্য | ২.৫ | গোৱা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰালা |
গুজৰাটী | হিন্দ-আৰ্য্য, পশ্চিমাঞ্চল | ৪৬ | দাদৰা আৰু নগৰ হাৱেলি, দমন আৰু দিউ, গুজৰাট |
চাঁওতালি | মুন্ডা | ৬.৫ | বিহাৰ, ছত্তীছগঢ়, ঝাড়খণ্ড আৰু উৰিষ্যাৰ অংশবিশেষ লৈ গঠিত চোট্টা নাগপুৰ পথাৰ-ৰ চাঁওতালি আদিবাসী সকল |
ডোগ্ৰী | হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল | ২.৩ | জম্মু আৰু কাশ্মীৰ |
তামিল | দ্ৰাবিড় | ৬১ | তামিলনাডু, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পণ্ডিচেৰী |
তেলেগু | দ্ৰাবিড় | ৭৪ | আন্দামান নিকোবৰ দ্বীপপুঞ্জ, অন্ধ্ৰ প্ৰদেশ, পণ্ডিচেৰী |
নেপালী | হিন্দ-আৰ্য্য, উত্তৰাঞ্চল | ২.৯ (ভাৰতত) | ছিক্কিম, পশ্চিমবংগ, অসম |
পঞ্জাবী | হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল | ২৯ (ভাৰতত) | চণ্ডিগড়, দিল্লী, হাৰিয়ানা, পঞ্জাব |
বঙালী | হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল | ৮৩ (ভাৰতত) | পশ্চিমবংগ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অসমৰ বৰাক উপত্যকাত |
বড়ো | তিব্বত-বৰ্মা | ১.৪ | অসম |
মণিপুৰী (মেইতেই) | তিব্বত-বৰ্মা | ১.৫ | মণিপুৰ |
মালয়ালম | দ্ৰাবিড় | ৩৩ | কেৰালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, পণ্ডিচেৰী |
মাৰাঠী | হিন্দ-আৰ্য্য, দাক্ষিনাত্য | ৭২ | মহাৰাষ্ট্ৰ, গোৱা, দাদৰ আৰু নগৰ হাৱেলি, দমন আৰু দিউ, মধ্য প্ৰদেশ, কৰ্ণাটক |
মৈথিলী | হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল | ১২ | বিহাৰ |
সংস্কৃত | হিন্দ-আৰ্য্য | ০.০১ | অক্ষেত্ৰীয় |
সিন্ধী | হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল | ২.৫ (ভাৰতত) | অক্ষেত্ৰীয় |
আদৰ্শ হিন্দী | হিন্দ-আৰ্য্য, মধ্য | অজ্ঞাত[5] | আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অৰুণাচল প্ৰদেশ, বিহাৰ, চণ্ডীগড়, ছত্তীছগঢ়, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাড়খণ্ড, মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড |
বাহ্যিক সংযোগ
- চৰকাৰী ভাষা বিভাগ (DOL) – চৰকাৰী ৱেবপেজত চৰকাৰী ভাষা আইন আৰু সংশোধনীৰ সৈতে জড়িত কালক্ৰমিক পৰিঘটনাসমূহৰ বিষয়ে ব্যাখ্যা কৰা হৈছে
তথ্য সংগ্ৰহ
- ↑ 1.0 1.1 "Constitutional Provisions: Official Language Related Part- 17 of The Constitution Of India". http://rajbhasha.nic.in/UI/pagecontent.aspx?pc=MzU=.
- ↑ "Hindi, not a national language: Court". The Hindu. 25 January 2010. http://www.thehindu.com/news/national/hindi-not-a-national-language-court/article94695.ece.
- ↑ "50th Report of the Commissioner for Linguistic Minorities in India (July 2012 to June 2013)". Commissioner for Linguistic Minorities, Ministry of Minority Affairs, Government of India. http://nclm.nic.in/shared/linkimages/NCLM50thReport.pdf। আহৰণ কৰা হৈছে: 17 September 2016.
- ↑ অধিকাৰিক ২০০১ লোকপিয়লৰ তথ্য
- ↑ ২০০১ৰ জনগণনাত হিন্দী ভাষী লোকৰ সংখ্যা ভিন্ন ভিন্ন পোৱা যায়, ২৫.৮ কোটি আৰু ৪২.২ কোটি। কিন্তু দুয়োটাতে মানিক হিন্দীৰ লগতে অন্য ভাষা, যেনে ৰাজস্থানী (৮০ নিযুত), ভোজপুৰী (৪০ নিযুত), অৱধি (৩৮ নিযুত), ছত্তীছগঢ় (১৮ নিযুত) আৰু অন্যান্য ভাষাৰ ১০ নিযুততকৈ অধিক ভাষীকক অন্তৰ্ভূক্ত কৰা হৈছে।