১৭ নৱেম্বৰ

১০ ১১
১২  ১৩  ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০  

১৭ নৱেম্বৰ (ইংৰাজী: 17 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩২১তম (অধিবৰ্ষত ৩২২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৫২৫ - বাবৰে ভাৰত আক্ৰমণ অভিযান আৰম্ভ কৰিছিল। সিন্ধু প্ৰদেশেদি এই অভিযান চলাইছিল আৰু এয়া বাবৰৰ ভাৰত আক্ৰমণৰ পঞ্চম আভিযান আছিল।
  • ১৫৫৮ - কুইন এলিজাবেথ ইংলেণ্ডৰ ৰাণী হয়।
  • ১৮৫৭ - চিপাহী বিদ্ৰোহীসকলৰ হাতৰপৰা ইংৰাজসকলে লক্ষ্ণৌ দখল কৰে।
  • ১৮৬৯ – ইজিপ্তত ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰা ছুৱেজ খাল উদ্বোধন কৰা হয়।
  • ১৯১৯ - দক্ষিণ আফ্ৰিকাত বহুদলীয় গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়।
  • ১৯৩২ - তৃতীয় তথা অন্তিমখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয়। উল্লেখ্য যে এই মেজমেলখন অনুষ্ঠিত হয় ১৪ ডিচেম্বৰলৈ।
  • ১৯৩৯ - ছৈয়দ মহম্মদ চাদুল্লা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হয় । তেওঁ ১৯৪১ চনৰ ২৪ ডিচেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰে।
  • ২০০০ - শিৱসাগৰ জিলাৰ বিহুবৰত সন্দেহযুক্ত আলফাৰ দ্বাৰা ৭জন লোকক গুলীয়াই হত্যা কৰা হৈছিল।
  • ২০১২ – ইজিপ্তৰ মানফালুতৰ ওচৰৰ ৰে'লৱে ক্ৰছিংত সংঘটিত দুৰ্ঘটনাত কমেও ৫০ জন স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়।
  • ২০১৯ – কোভিড-১৯ত আক্ৰান্ত হোৱা প্ৰথম জন ব্যক্তি ধৰা পৰে। ৫৫ বছৰীয়া এই ব্যক্তিজনে চীনৰ হুবেই প্ৰদেশৰ উহানৰ কোনোবা এখন বজাৰ পৰিভ্ৰমণ কৰিছিল।

জন্ম

  • ১৯২৫ - ৰক হাডছন, আমেৰিকান অভিনেতা।
  • ১৯৮২ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ ইউছুফ পাঠানৰ জন্ম হৈছিল। তেওঁ এজন সোঁহতীয়া বেটছমেন আৰু সোঁহতীয়া অফব্ৰেক বলাৰ আছিল। ২০০১-০২ চনত প্ৰথমশ্ৰেণীৰ ক্ৰিকেটাৰ ৰূপে আত্মপ্ৰকাশ কৰা পাঠানে ২০২১ চনৰ ফেব্ৰুৱাৰীত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

মৃত্যু

  • ১৮৬৫ চনৰ ২৮ জানুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰা ভাৰতীয় স্বাধীনতা সংগ্ৰামী, লেখক আৰু ৰাজনীতিবিদ লালা লাজপত ৰায়ৰ মৃত্যু হয় ১৯২৮ চনৰ আজিৰ দিনটোতে। তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ পঞ্জাব কেশৰী নামেৰে জনপ্ৰিয় আছিল। তেওঁ লাল-বাল-পাল ত্ৰিমূৰ্তিৰ তিনিজন সদস্যৰ এজন আছিল।
  • ১৯৭৬ - মৌলানা আব্দুল হামিদ ভাসানী এগৰাকী বঙালী ৰাজনীতিবিদ আছিল। তেওঁৰ ৰাজনৈতিক কাৰ্যকাল ব্ৰিটিছ ঔপনিৱেশিক ভাৰত, পাকিস্তান আৰু বাংলাদেশ পৰ্য্যন্ত বিস্তৃত আছিল।
  • ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থকা স্বাধীনতা সংগ্ৰামী জগদীশ চন্দ্ৰ মেধিৰ মৃত্যু হয় ১৯৮৫ চনৰ আজিৰ দিনটোতে। জন্ম হৈছিল বৰপেটাত ১৯০৪ চনত। ছাত্ৰ অৱস্থাতে অসহযোগ আন্দোলনত যোগ দি বিদ্যালয় ত্যাগ কৰিব লগা হয়। মেধিয়ে ব্ৰিটিছ বিৰোধী বক্তৃতা দিয়া বাবে ১৯৪১ চনত ছয়মাহ কাৰাবাস খাটিবলগীয়া হয়। তাৰপিছত ভাৰত ত্যাগ আন্দোলনত যোগদান কৰি পুনৰ তেওঁ কাৰাগাৰলৈ যাবলগীয়া হয়। জগদীশ চন্দ্ৰ মেধি প্ৰথমাৱস্থাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত আছিল যদিও ১৯৫০ চনত তেওঁ কিছুদিনৰ বাবে জে পি কৃপালিনীয়ে আৰম্ভ কৰা কিষান মজদুৰ পাৰ্টিত যোগদান কৰিছিল। এইগৰাকী স্বাধীনতা সংগ্ৰামী, ৰাজনীতিক জগদীশ চন্দ্ৰ মেধিৰ জন্ম হৈছিল হয় ১৯০৪ চনত বৰপেটা জিলাত।

দিৱস

বাহ্যিক সংযোগ