১৬ জুলাই

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

১৬ জুলাই (ইংৰাজী: 16 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৭তম (অধিবৰ্ষত ১৯৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৮টা দিন বাকী থাকে।

ঘটনাৱলী

  • ৬২২ - হজৰত মহম্মদমক্কাৰ পৰা মদিনালৈ যাত্ৰা। এই চনৰেপৰা মুছলমানসকলৰ ‘হিজিৰি’ চন গণনা কৰে।
  • ১৮৫৬ - হিন্দু বিধৱা বিবাহ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আইন প্ৰণয়ন কৰি বৈধ ঘোষণা কৰিছিল। [1]
  • ১৮৮৩ - ডিব্ৰু-শদিয়া ৰেলৱেৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়।
  • ১৯৪৫ - নিউ মেক্সিক’ৰ এলম’গ’ৰ্ডত প্ৰথম পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটোৱা হৈছিল।
  • ১৯৬৯ - চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে মানৱবাহী মহাকাশযান ‘‘এপল’—১১’’ আমেৰিকাৰ দ্বাৰা উৎক্ষেপন কৰা হৈছিল।
  • ১৯৮৯ - তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে পাকিস্তান ভ্ৰমণ কৰিছিল।
  • ২০০৪ - আছাম ৰাইফলছৰ গুলীত নিহত হোৱা মনোৰমা দেৱী নামৰ এগৰাকী মহিলাক মৃত্যুক কেন্দ্ৰ কৰি আছাম ৰাইফলছ মুখ্য কাৰ্যালয়ৰ সন্মুখত অভিনৱ ভাৱে নগ্ন মহিলাই বিক্ষোভ প্ৰদৰ্শন কৰে।

জন্ম

  • ১৮৭২ - ৰোৱাল্ড আমুণ্ডছেন,[2] নৰৱেৰ এণ্টাৰ্কটিকা অভিযানকাৰী।
  • ১৮৮৮ - ফ্লিটজ জাৰাইনাক, পদাৰ্থ বিজ্ঞানী। তেওঁ পদাৰ্থ বিজ্ঞানৰ বাবে নোবেল লাভ কৰিছিল।
  • ১৯০৯ - অৰুণা আছফ আলি, দিল্লী কংগ্ৰেছ কমিটীৰ সভানেত্ৰী। তেখেতৰ কাল্কা নামৰ এখন গাঁৱত জন্ম হৈছিল।
  • ১৯৩০ - সুৰেন্দ্ৰ নাথ মেধি, অসমীয়া সাহিত্যৰ ইতিহাসত সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে পৰিচিত সাহিত্যিক।
  • ১৯৩৩ - কনকসেন ডেকা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক, সাংবাদিক। তেখেতে নলবাৰীৰ বেলশৰত জন্ম গ্ৰহণ কৰিছিল।
  • ১৯৪৮ - সেৱাব্ৰত বৰুৱা, অসমীয়া নাট্যকাৰ, পৰিচালক আৰু অভিনেতা।
  • ১৯৬৮ - লেৰী ছেংগাৰ, আমেৰিকান ইণ্টাৰনেট প্ৰকল্প ডেভলপাৰ তথা ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াৰৰ সহ-প্ৰতিষ্ঠাপক।
  • ১৯৮৩ - কেটৰিনা কাঈফ, ইংৰাজ অভিনেত্ৰী।
  • ১৯৮৫ - ৰণৱীৰ সিং, ভাৰতীয় অভিনেতা।

মৃত্যু

  • ১৫৫৭ - এন অৱ ক্লিভছ, ইংলেণ্ডৰ ৰাণী। (জন্ম: ২২ ছেপ্টেম্বৰ, ১৫১৫) [3]
  • ১৮৮২ - মেৰী ট'ড লিংকন, আব্ৰাহম লিংকনৰ পত্নী। [4]
  • ২০০৮ - চাৰু বৰুৱা, ভাস্কৰ্য শিল্পী।
  • ২০১৪ - পুলিন দাস, অসমৰ এজন বিখ্যাত ক্ৰীড়া সংগঠক, ক্ৰীড়াবিদ।
  • ২০২১ - দানিছ চিদ্দিকী, ভাৰতীয় ফটো-সাংবাদিক।
  • ২০২১ - সুৰেখা চিক্ৰি, ভাৰতীয় অভিনেত্ৰী।

দিৱস

  • গিনিপিগ কৃতজ্ঞতা দিৱস।
  • বিশ্ব সৰ্প দিৱস

অনান্য

বাহ্যিক সংযোগ



তথ্য সংগ্ৰহ