১৬ নৱেম্বৰ

১০ ১১
 ১২  ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০  

১৬ নৱেম্বৰ (ইংৰাজী: 16 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩২০তম (অধিবৰ্ষত ৩২১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১ অক্টোবৰ, ১৮৪৭ চনত জন্মগ্ৰহণ কৰা ব্ৰিটিছ মহিলা অধিকাৰ কৰ্মী, শিক্ষাবিদ, লেখিকা, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক এনী বেছাণ্ট ১৮৯৩ চনৰ আজিৰ দিনটোতে ভাৰতলৈ প্ৰথমবাৰ আহিছিল। মৃত্যু ২০ ছেপ্তেম্বৰ, ১৯৩৩ চন।
  • ১৯৪৫ চনৰ আজিৰ দিনটোতে ইউনেস্কো গঠন কৰা হয়। ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠন চমুকৈ ইউনেস্কো হৈছে শিক্ষা, কলা, বিজ্ঞান আৰু সংস্কৃতিত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে বিশ্ব শান্তি আৰু নিৰাপত্তাৰ প্ৰচাৰৰ লক্ষ্যৰে ৰাষ্ট্ৰসংঘৰ (ইউএন) এক বিশেষ সংস্থা। বিশ্বৰ বৰ্তমান ১৯৩ খন দেশে ইয়াৰ সদস্য ৰাষ্ট্ৰ আৰু ১২ জন সহযোগী সদস্য আছে। ফ্ৰান্সৰ পেৰিছস্থিত বিশ্ব ঐতিহ্য কেন্দ্ৰত মুখ্য কাৰ্যালয় থকা ইউনেস্কোৰ ৫৩ টা আঞ্চলিক ক্ষেত্ৰ কাৰ্যালয় আছে আৰু ১৯৯ টা ৰাষ্ট্ৰীয় আয়োগ আছে যি ইয়াক বিশ্বব্যাপী প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈ আহিছে।
  • ১৯৪৯ - ভাৰতৰ সংবিধান ৰচনাৰ কাম সম্পূৰ্ণ হয়।
  • ১৯৯৮ - এক মহাজাগতিক পৰিঘটনাৰ ফলত বিভিন্ন ঠাইত উল্কাবৃষ্টি হৈছিল।
  • ২০০০ - দক্ষিণ আফ্ৰিকাৰ লুৱাণ্ডাৰ বিমান বন্দৰৰ কাষত এখন ৰুছ বিমান বিধ্বস্ত হৈ ৪৫জন যাত্ৰীয়ে মৃত্যুক সাৱতি লৈছিল।
  • ২০০২ - পাকিস্তানৰ সামৰিক শাসক পাৰভেজ মুছাৰফ ৰাষ্ট্ৰপতি পদলৈ পুনৰ নিৰ্বাচিত হৈছিল।
  • ২০১১ - মুক্তিৰ লগেই লগেই জনপ্ৰিয় হোৱা হোৱাই দিছ কোলাৱেৰী ডি শীৰ্ষক গীতটো মুক্তি দিয়া হৈছিল। গীতটো ৰচনাৰ লগতে কণ্ঠদান কৰিছে ধনুষে
  • ২০১৩ - স্বনামধন্য ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ-এ তেওঁ ২০১৩-১৪ৰ ভাৰত ভ্ৰমণৰত ৱেষ্ট ইণ্ডিয়ান ক্ৰিকেট দলৰ বিৰুদ্ধে ২য় আৰু স্বকীয় ২০০ তম টেষ্ট ক্ৰিকেটখন খেলি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ক্ৰিকেট জীৱনৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ গ্ৰহণ কৰিছিল।

জন্ম

  • অসমৰ প্ৰসিদ্ধ বুৰঞ্জীবিদ আৰু সাহিত্যিক, স্বাধীনতা সংগ্ৰামী বেণুধৰ শৰ্মাৰ জন্ম হয় ১৮৯৪ চনৰ আজিৰ দিনটোতে। বেণুধৰ শৰ্মা আছিল সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত দ্বিতীয়গৰাকী অসমীয়া(গ্ৰন্থখনৰ নাম আছিল— কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত)। ১৯৫৬ চনত ধুবুৰীত বহা অসম সাহিত্য সভাৰ সভাপতি আসন গ্ৰহণ কৰা বেণুধৰ শৰ্মাক ১৯৮৩ চনত মৰণোত্তৰভাৱে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ আগবঢ়োৱা হয়। এইগৰাকী বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ ১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰীত জীৱনাসন ঘটে।
  • অসমীয়া চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, নাট্যকাৰ আৰু অভিনেতা আব্দুল মজিদৰ ১৯৩২ চনৰ আজিৰ দিনটোতে জন্ম হয়। নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ (১৯৫৮) নামৰ বোলছবিত অভিনয়ৰ যোগেদি অসমীয়া চলচ্চিত্ৰ জগতত খোজ পেলোৱা আব্দুল মজিদে অৰ্ধশতাধিক বোলছবিত অভিনয় কৰাৰ লগতে ৬খন অসমীয়া বোলছবিও পৰিচালনা কৰিছিল। তেখেতৰ পৰিচালনত মুক্তি পোৱা বোলছবি চামেলি মেমচাবে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। উক্ত চলচ্চিত্ৰত ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। ২০১৭ চনৰ ২৪ ছেপ্টেম্বৰৰ পুৱা ৯-৩০ বজাত আব্দুল মজিদৰ মৃত্যু হয়
  • ১৯৮৫ - আদিত্য ৰয় কাপুৰ, ভাৰতীয় অভিনেতা।

মৃত্যু

  • ১৯৯২ - বীৰেন্দ্ৰ কুমাৰ ফুকন, অসমীয়া সংগীতজ্ঞ।
  • ২০১৭ চনৰ আজিৰ দিনটোতে অ চেনাই মই যাওদেই // অ বিহুতে আহিমগৈ আদিৰ দৰে অসমীয়া চিৰসেউজ গীতৰ স্ৰষ্টা তথা সুৰকাৰ কমল হাজৰিকাৰ মৃত্যু হৈছিল। ক'লকাতাৰ পৰা বি .এ. পাছ কৰা কমল হাজৰিকাই নেফাত চৰকাৰী চাকৰিৰে কৰ্মজীৱনৰ পাতনি মেলিছিল। পাছলৈ তেখেতে লণ্ডনস্থিত ভাৰতীয় দূতাবাস আৰু হিন্দুস্তান ষ্টীল কোম্পানীত চাকৰি কৰিছিল। ব্যস্ত কৰ্মজীৱনৰ মাজতো কমল হাজৰিকাই সংগীতৰ সাধনা এৰি দিয়া নাছিল। ১৯৪২ চনৰ পৰাই ক'লকাতা ৰেডিঅ'ত গীত গাবলৈ আৰম্ভ কৰা কমল হাজৰিকাই গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতেই বেছিকৈ গাইছিল। লণ্ডনত থকা কালত তাতেই প্ৰাগজ্যোতিষ কলা পৰিষদ নামেৰে এটি অনুষ্ঠানৰ জন্ম দি ড° ভূপেন হাজৰিকাৰ গীতৰ শৰাই আগবঢ়াইছিল। শিল্পী কমল হাজৰিকাৰ জন্ম হৈছিল ১৯২৫ চনত শ্বিলংত

দিৱস

তথ্য সংগ্ৰহ

(১) একাংশ তথ্য আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা পুৱা ৭.১৫ মিনিটত সম্প্ৰচাৰিত হোৱা আজিৰ দিনটোৰ পৰা সংগ্ৰহ কৰা হৈছে।

বাহ্যিক সংযোগ