২২ আগষ্ট

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

২২ আগষ্ট (ইংৰাজী: 22 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৪তম (অধিবৰ্ষত ২৩৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৬৩৯ - ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তামিলনাডুৰ ৰাজধানী মাদ্ৰাছ (চেন্নাই) স্থাপন কৰে।
  • ১৮১৯ - আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰাৰ উদ্দেশ্যে প্ৰথম বাষ্পচালিত জাহাজ ‘‘ছাভানা’’ই যাত্ৰা আৰম্ভ কৰিছিল।
  • ১৮৫৯ - অষ্ট্ৰিয়াই ইটালিৰ ভেনিচ চহৰত বিশ্বৰ প্ৰথম চালক বিহীন বেলুন (বিমান) আক্ৰমণ চলাই।

জন্ম

  • ১৮৭৭ - আনন্দ কুমাৰস্বামী, ভাৰতীয় দাৰ্শনিক।
  • ১৯০৪ - ডেং জিয়াওপিং, চীনৰ ৰাজনেতা, আধুনিক চীনৰ নিৰ্মাতা।
  • ১৯১৯ - গিৰিজা কুমাৰ মাথুৰ, ভাৰতৰ এগৰাকী কবি আৰু নাট্যকাৰ।
  • ১৯২২ - কীৰ্তিনাথ হাজৰিকা, গোলাঘাটত জন্ম হৈছিল। সাংবাদিক, গল্পকাৰ, প্ৰবন্ধকাৰ।
  • ১৯২৪ - হৰিশংকৰ পৰসাঈ, হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু ব্যংগকাৰ।
  • ১৯২৯ - মহেন্দ্ৰ বৰা, ডিব্ৰুগড় জিলাৰ টিংখাঙত জন্ম হৈছিল। প্ৰসিদ্ধ কবি, সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
  • ১৯৫৫ - চিৰঞ্জিৱী, তেলুগু চলচ্চিত্ৰ অভিনেতা।
  • ১৯৭৩ - ক্ৰিষ্টেন ৱিগ, হলীউডৰ অভিনেত্ৰী।
  • ১৯৯০ - দেৱলিনা ভট্টাচাৰ্য, অভিনেত্ৰী, টেলিভিছনৰ 'চাথ নিভানা চাথিয়া' ধাৰবাহিকৰ গোপী বহু চৰিত্ৰৰ বাবে বিখ্য়াত, অসমৰ শিৱসাগৰত জন্ম হয়।
  • ১৯৯৫ - ডুৱা লিপা, জনপ্ৰিয় ব্ৰিটিছ গায়িকা আৰু মডেল।

মৃত্যু

  • ১৩৫৮ - ফ্ৰান্সৰ ইছাবেলা, ইংলেণ্ডৰ ৰাণী।
  • ১৪৮৫ - ৰিচাৰ্ড - তৃতীয়, ইংলেণ্ডৰ ৰজা।
  • ১৬০২ - আবুল ফজল, প্ৰসিদ্ধ মোগল ইতিহাসবিদ তথা সম্ৰাট আকবৰৰ মন্ত্ৰী। তেওঁক আততায়ীয়ে হত্যা কৰে।
  • ১৮১৮ - ৱাৰেন হেষ্টিংছ, ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল।
  • ১৯২২ - মাইকেল কলিন্স, আয়াৰলেণ্ডৰ সংগ্ৰামী নেতা, সৈনিক আৰু ৰাজনীতিবিদ।
  • ১৯৭৮ - জ'ম' কেনিয়াটা, কেনিয়াৰ জাতিৰ পিতা, প্ৰথম প্ৰধানমন্ত্ৰী।
  • ১৯৮২ - একনাথ ৰামকৃষ্ণ ৰানাদে, ভাৰতীয় সমাজকৰ্মী আৰু নেতা।
  • ২০১৪ - ইউ আৰ অনন্তমূৰ্তি, জ্ঞানপীঠ বটা বিজয়ী লেখক।

দিৱস

  • মাদ্ৰাছ দিৱস।
  • ধৰ্ম বা বিশ্বাসৰ উপৰত ভিত্তি কৰি হোৱা হিংসা কাৰ্যত চিকাৰ হোৱা সকলক স্মৰণৰ বাবে আন্তৰ্জাতিক দিৱস।
  • ৰাছিয়াৰ পতাকা দিৱস।

বাহ্যিক সংযোগ