২২ জুন
২২ জুন (ইংৰাজী: 22 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৩তম (অধিবৰ্ষত ১৭৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯২টা দিন বাকী থাকে।
ঘটনাৱলী
- ১৮৪৪ - ইয়েল বিশ্ববিদ্যালয়ত ডেল্টা কাপ্পা এপচিলন চছাইটিৰ স্থাপন হয়।
- ১৯০৬ - চুইডেনে নিজৰ পতাকা গ্ৰহণ কৰিছিল।
- ১৯১১ - পঞ্চম জৰ্জক মুকুট পিন্ধোৱা হৈছিল।
- ১৯৪১ - দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীয়ে ছোভিয়েত ৰাছিয়াক আক্ৰমণ কৰিছিল।
জন্ম
মৃত্যু
- ১০৩৭ - ইবন ছিনা, পাৰস্যৰ চিকিৎসক। ‘কেনন অব মেডিচিন’ হৈছে তেওঁৰ প্ৰসিদ্ধ সৃষ্টি।
- ১৯৩৬ - মৰিছ্ শ্লিক, জাৰ্মান দাৰ্শনিক আৰু পদাৰ্থবিজ্ঞানী। (জ. ১৮৮২)
- ২০১৬ - সমীৰ ৰায়চৌধুৰী, ভাৰতীয় কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ তথা ঔপন্যাসিক।
দিৱস
- শিক্ষক দিৱস (এল ছালভাদোৰ)।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ