১৯৪২ - ভাৰতৰ বিজ্ঞান গৱেষণাৰ উন্নতি সাধন, পৰামৰ্শ তথা সংযোগ ৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ গঠন কৰা হয়।
১৯৭৯ - চৌধুৰী চৰণ সিং-ক সভাপতি আৰু ৰাজ নাৰায়ণক কাৰ্যকৰী সভাপতি ৰূপে লৈ নতুন ৰাজনৈতিক দল লোকদল গঠন কৰা হয়।
জন্ম
১৮২০ - ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, উনৈশ শতিকাৰ বিশিষ্ট বঙালী শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু গদ্যকাৰ আছিল। প্ৰকৃত নাম ঈশ্বৰচন্দ্ৰ বন্দ্যোপাধ্যায়। সংস্কৃত ভাষা আৰু সাহিত্যত অগাধ পাণ্ডিত্যৰ বাবে জীৱনৰ প্ৰথমচোৱাতে বিদ্যাসাগৰ উপাধি লাভ কৰে। সংস্কৃতৰ বাদেও বঙালী আৰু ইংৰাজী ভাষাত বিশেষ ব্যুৎপত্তি আছিল। তেওঁই প্ৰথম বঙালী লিপি সংস্কাৰ কৰে ইয়াক যুক্তিবহ কৰে তোলে।
১৮৪৯ - আইভান পাভল'ভ পেট্ৰোভিচ (ইংঃ Ivan Petrovich Pavlov, অন্য় তথ্য় সূত্ৰ মতে জন্ম তাৰিখ ১৪ ছেপ্টেম্বৰ), ৰাছিয়াৰ জীৱ আৰু চিকিৎসা বিজ্ঞানী, তেখেতে ১৯০৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
১৮৮৮ - টি এছ ইলিয়ট, আমেৰিকান কবি, সমালোচক, নাট্যকাৰ।