৭ জুলাই



১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

৭ জুলাই (ইংৰাজী: 7 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৮তম (অধিবৰ্ষত ১৮৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৭টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৭৬৩ - মীৰজাফৰে পুনৰ বংগৰ নবাব হিচাপে গাদী দখল কৰে।
  • ১৮৯৬ - ভাৰতলৈ প্ৰথম চিনেমাৰ আগমণ ঘটে। ফ্ৰান্সৰ লুমিয়েৰ ভাতৃদ্বয়ৰ উদ্যোগত মুম্বাইত প্ৰদৰ্শিত হয় প্ৰথম চিনেমা।
  • ১৯০৫ - লৰ্ড কাৰ্জনে বংগ বিভাজন কথা ঘোষণা কৰে।
  • ১৯৯৬ - ভাৰতীয় চলচ্চিত্ৰৰ শতবাৰ্ষিকী উৎসৱ আৰম্ভ হয়।
  • ২০০৭ - ছাহজাহানৰ মৰমৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মিত তাজমহলে বিশ্বৰ সপ্ত আশ্চৰ্যৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰে।
  • ২০০৮ - জাপানত জি-৮ সন্মিলন আৰম্ভ হৈছিল।
  • ২০১১ - ইৰাকত ৯০০জন লোকৰ গণকবৰ উদ্ধাৰ কৰা হয়।
  • ২০১১ - পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ নাম সলনি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।
  • ২০১২ - কেন্দ্ৰীয় চৰকাৰে অসমত ‘‘মন' ৰে'ল সেৱা’’ প্ৰৱৰ্তন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।
  • ২০১৩ - এগৰাকী ভাৰতীয় ৰাজনীতিবিদ ৰঞ্জিৎ শেখৰ মুছাহাৰীদেৱে মেঘালয়ৰ ৰাজ্যপাল হিচাপে কাৰ্যকাল সামৰে।
  • ২০২১ - অসম চৰকাৰে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু তিথি ২৮ জুলাই ‘দেশভক্তি দিৱস’ আৰু গোপীনাথ বৰদলৈৰ মৃত্যু তিথি ৫ আগষ্ট ‘কৰ্মচাৰী দিৱস’ হিচাপে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে।
  • ২০২১ - অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে যে সকলো চৰকাৰী কাৰ্যসূচী জাতীয় সংগীতেৰে আৰম্ভ আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সমাপ্ত কৰা হ’ব।[1]

দুৰ্ঘটনা

  • ২০০৫ - লণ্ডনৰ সাত ঠাইত সংঘটিত বিস্ফোৰণত ৪৫জন লোক নিহত হয় আৰু সহস্ৰাধিক লোক আহত হয়।
  • ২০০৮ - আফগানিস্থানৰ কাবুলত থকা ভাৰতীয় দূতাবাসত তালিবাণী উগ্ৰপন্থীয়ে আক্ৰমণ চলায়।
  • ২০১২ - ৰাছিয়াত হোৱা প্ৰবল বানপানীৰ ফলত ১৪৪০জন লোকৰ মৃত্যু হয়।

জন্ম

  • ১৯৩৪ - কেদাৰনাথ সিং, ভাৰতীয় কবি।
  • ১৯৩৫ - প্ৰভাত শৰ্মা, ভাৰতীয় সংগীতজ্ঞ, বাঁহী বাদক আৰু লোকসংগীতৰ সাধক।
  • ১৯৪৭ - জ্ঞানেন্দ্ৰ বীৰ বিক্ৰম শ্বাহ দেৱ, নেপালৰ ৰজা।
  • ১৯৫৮ - বিন্নী য়াংগা, ভাৰতীয় সমাজ কৰ্মী।
  • ১৯৬৬ - কল্পনা দাশ, ভাৰতীয় অধিবক্তা আৰু পৰ্বতাৰোহী।
  • ১৯৭৩ - কৈলাস খেৰ, বলিউডৰ গায়ক।
  • ১৯৮১ - মহেন্দ্ৰ সিং ধোনি, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক, মিড্‌ল-অৰ্ডাৰ বেট্‌ছমেন আৰু উইকেটৰক্ষক।
  • ১৯৮৫ - শ্বেতা ত্ৰিপাঠী, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু

দিৱস

  • আন্তৰ্জাতিক সমবায় দিৱস।
  • বিশ্ব চক্‌লেট দিৱস।

বাহ্যিক সংযোগ


তথ্য সূত্ৰ