৯ জুলাই

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

৯ জুলাই (ইংৰাজী: 9 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯০তম (অধিবৰ্ষত ১৯১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৫টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৮১০ - নেপোলিয়নৰ অধীনত হলেণ্ড (নেদাৰলেণ্ড) ফ্ৰান্সৰ অন্তৰ্ভুক্ত হয়॥
  • ১৮১৬ - আৰ্জেণ্টিনাই স্পেইনৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৮৭৭ - টেনিছৰ উইম্বলডন প্ৰতিযোগিতাৰ উদ্বোধন হয়।
  • ১৯৫১ - ভাৰতবৰ্ষত পোনপ্ৰথম বাৰৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা কৰা হয়।
  • ১৯৯৯ - অসম চুক্তিৰ আধাৰত নিৰ্মিত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ নুমলীগড় তেল শোধনাগাৰ ৰাষ্ট্ৰৰ সেৱাৰ বাবে মুকলি কৰা হয়।
  • ২০০৬ - সম্পূৰ্ণ ৪৪বছৰৰ পাছত ঐতিহাসিক নাথুলা গিৰিপথ মুকলি কৰা হয়। ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত এই এইগিৰিপথ মুকলি হোৱাৰ লগে লগে চীন-ভাৰতৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হয়।
  • ২০০৬ - জাৰ্মানীত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চেম্পিয়ন খিতাপ লাভ কৰে ইটালীয়ে।

জন্ম

  • ১৮১৯ - চিলাই মেছিনৰ মাৰ্কিন উদ্ভাৱক এলায়েছ হাউ (ইংঃ Elias Howe)।
  • ১৯২৫ - গুৰু দত্ত, প্ৰকৃত নাম বসন্ত কুমাৰ শিৱশংকৰ পাডুকোন, ভাৰতীয় বোলছবি পৰিচালক, প্ৰযোজক আৰু অভিনেতা। (মৃঃ ১০/১০/১৯৬৪)
  • ১৯৩১ - অচ্যুত লহকৰ, অসমভ্ৰাম্যমাণ থিয়েটাৰৰ জনক।
  • ১৯৩৮ - সঞ্জীৱ কুমাৰ, ভাৰতীয় বোলছবি অভিনেতা। (মৃঃ ০৬/১১/১৯৮৫)

মৃত্যু

  • ১৮৫৬ - আমেদিও এভ'গেড্ৰ', ইটালীৰ ৰসায়ন বিজ্ঞানী, এভ'গেড্ৰ' সংখ্যা বা ধ্ৰুৱকৰ আৱিষ্কাৰক।
  • ১৯৬৭ - ফাতিমা জিন্নাহ, পাকিস্তানী দন্ত চিকিৎসক আৰু জীৱনীকাৰ।
  • ১৯৯৪ - ৰাম গগৈ, প্ৰগতিশীল কবি, পথাৰৰ কবি ৰূপে খ্যাত।
  • ২০০২ - মহামহোপাধ্যায় বিশ্বনাৰায়ণ শাস্ত্ৰী, আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সংস্কৃত পণ্ডিত, প্ৰাক্তন সাংসদ।

দিৱস