১ ছেপ্টেম্বৰ
১ ছেপ্টেম্বৰ (ইংৰাজী : 1 September ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৪৪তম (অধিবৰ্ষ ত ২৪৫তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
১৯৪৭ - ভাৰতীয় মান সময় নিদ্ধাৰণ কৰা হৈছিল। [1]
১৯৫১ - এনজাছ (ANZUS) চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত স্বাক্ষৰিত হৈছিল।
১৯৫২ - 'ড্য অল্ড মেন এণ্ড ড্য ছি'ৰ উপন্যাসখন প্ৰথমবাৰৰ বাবে প্ৰকাশ পায়। এই উপন্যাস খনৰ ৰচক আছিল আৰ্ণেষ্ট হেমিঙ্গৱে। 'ড্য অল্ড মেন এণ্ড ড্য ছি' য়ে পুলিটজাৰ বঁটাও লাভ কৰিছিল।
১৯৫৬ - চনৰ এই তাৰিখৰ পৰাই ভাৰতীয় জীৱন বীমা নিগম ৰ কাম কাজ আৰম্ভ কৰা হৈছিল।
১৯৬১ - যুগুস্লেভিয়াৰ বেলগ্ৰেডত নন এলাইনড্ (Non-Aligned) ৰাষ্ট্ৰসমূহৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল।
১৯৮০ - 'চয়-ক্যো-হাহ'ৰ ইস্তাফাৰ পাচতেই দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় চ্চুন-দো-হোৱান।
১৯৮২ - যুক্তৰাষ্ট্ৰত এয়াৰ ফৰ্চ স্পেছ কমাণ্ডে (Air Force Space Command) প্ৰতিষ্ঠা লাভ কৰিছিল।
১৯৮৫ - সমুদ্ৰপৃষ্ঠত নিৰুদ্দিষ্ট টাইটানিক জাহাজৰ ছবি ৭৩ বছৰ পিছত পোহৰলৈ আহিছিল।
১৯৯১ - ছোভিয়েট ইউনিয়নৰ পৰা উজবেকিস্তান ে স্বাধীনতা লাভ কৰিছিল।
জন্ম
১৮৫৬ - ছৰ্গেই ৱিনোগ্ৰাদস্কি (Sergei Winogradsky), ৰাছিয়ান পৰিৱেশ আৰু জীৱ বিজ্ঞানী, জৈৱ ভূ-ৰাসায়নিক চক্ৰৰ (Biogeochemical cycle) বাবে বিখ্য়াত।
১৮৫৮ - কাৰ্ল আউৱাৰ ভন ৱেলছবাখ (Carl Auer von Welsbach), অষ্ট্ৰিয়ান বিজ্ঞানী আৰু উদ্ভাৱক।
১৮৯৬ - শ্ৰীল প্ৰভুপাদ, ইছকনৰ (ISKCON) প্ৰতিষ্ঠাতা।
১৯২৩ - ৰকী মাৰ্ছিয়ান', আমেৰিকাৰ বক্সিং খেলুৱৈ, অপৰাজেয় হেভিৱেইট বক্সিং চেম্পিয়ন আছিল (১৯৫২-৫৬)। (মৃঃ ৩১ আগষ্ট , ১৯৬৯)
১৯২৪ - হাৱাৰ্ড থমাছ অ'ডাম, আমেৰিকাৰ পৰিৱেশ বিজ্ঞানী। (মৃঃ ১১ ছেপ্টেম্বৰ , ২০০২)
১৯২৯ - শুচিব্ৰতা ৰায়চৌধুৰী , অসমীয়া সাহিত্যিক, কবি আৰু অসম প্ৰশাসনিক সেৱাৰ বিষয়া।
১৯৩৮ - নীলমণি দেৱী , ভাৰতীয় মৃৎ শিল্পী।
১৯৪০ - কামেশ্বৰ ব্ৰহ্ম , ভাৰতীয় সাহিত্যিক তথা শিক্ষাবিদ।
১৯৪৫ - বসন্ত কুমাৰ শৰ্মা , অসমীয়া সাহিত্যিক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক।
১৯৫৪ - এলাম ইন্দিৰা দেৱী , ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য প্ৰশিক্ষক।
১৯৫৭ - অঞ্জলী গোপালন , ভাৰতীয় মানৱধিকাৰ আৰু পশু অধিকাৰ কৰ্মী।
১৯৯০ - জীতেন্দ্ৰ কুমাৰ , ভাৰতীয় অভিনেতা।
১৯৯৬ - জিন্দায়া, আমেৰিকাৰ অভিনেত্ৰী আৰু গায়িকা।
১৯৯৭ - জন জংকুক, দক্ষিণ কোৰিয়াৰ জনপ্ৰিয় গায়ক।
মৃত্যু
১৫৫৭ - জ্যাঁক কাৰ্টিয়াৰ, ফ্ৰান্সৰ অভিযাত্ৰী।
১৫৭৪ - গুৰু অমৰ দাস, তৃতীয় শিখ গুৰু।
১৫৮১ - গুৰু ৰাম দাস, চতুৰ্থ শিখ গুৰু।
১৭১৫ - লুই চতুৰ্দশ, ফ্ৰান্সৰ ৰজা, দা চান কিং হিচাপে পৰিচিত, ফ্ৰান্সৰ সৰ্বাধিক সময় শাসন কৰ্তা।
১৮৩৮ - ৱিলিয়াম ক্লাৰ্ক, এজন আমেৰিকান অভিযাত্ৰী, সৈনিক, ভাৰতীয় এজেণ্ট আৰু আঞ্চলিক লাট। (জঃ ১ আগষ্ট , ১৭৭০)
১৯৬৬ - কামেশ্বৰ দাস , অসমৰ এজন গণিতজ্ঞ।
২০১৩ - টমি মৰিছন, আমেৰিকাৰ বক্সিং খেলুৱৈ আৰু ৰকি-৫ (Rocky V) বোলছবিৰ অভিনেতা।
২০১৪ - মায়া ৰাও , ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ আৰু কথক নৃত্যৰ প্ৰশিক্ষক।
দিৱস
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
The article is a derivative under the Creative Commons Attribution-ShareAlike License .
A link to the original article can be found here and attribution parties here
By using this site, you agree to the Terms of Use . Gpedia ® is a registered trademark of the Cyberajah Pty Ltd