২ অক্টোবৰ
২ অক্টোবৰ (ইংৰাজী : 2 October ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৭৫তম (অধিবৰ্ষ ত ২৭৬তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
ঘটনাৱলী
১১৮৭ - চুলতান ছালাদিনে ক্ৰূছেডাৰৰ পৰা জেৰুজালেম দখল কৰে।
১৫৩৫ - জেক কাৰ্টিয়াৰে মাউণ্ট ৰয়েল (মণ্ট্ৰিয়েল, ইংঃ Montreal) আৱিষ্কাৰ কৰে।
১৮৩৬ - সাগৰত ৫ বছৰ থকাৰ পিছত চাৰ্লছ ডাৰউইন ে এইচএমএছ বিগল ত উঠি ইংলেণ্ডলৈ উভতি আহে।
১৯৮৬ - শিখসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ক হত্যাৰ চেষ্টা কৰিছিল।
১৯৮৮ - প্ৰাক্তন বিশ্ব হেভিৱেট বক্সিং চেম্পিয়ন লেন'ক্স লিৱিছে কানাডাক প্ৰতিনিধিত্ব কৰি চিউল অলিম্পিকত চুপাৰ-হেভিৱেটত স্বৰ্ণ পদক জয় কৰে।
জন্ম
১৪৫২ - ৰিচাৰ্ড তৃতীয়, ইংলেণ্ডৰ ৰজা (১৪৮৩-৮৫), ইংলেণ্ডৰ নৰ্থম্পটনছায়াৰৰ ফোথাৰিংহাই কেচেলত জন্মগ্ৰহণ কৰিছিল। (জঃ ১৪৮৫)
১৮৪৭ - প'ল ভন হিণ্ডেনবাৰ্গ, প্ৰথম বিশ্বযুদ্ধ ৰ জাৰ্মান সেনাপতি আৰু জাৰ্মানীৰ ৰাষ্ট্ৰপতি (১৯২৫-৩৪), প্ৰুছিয়াৰ প'চেনৰ ডাচীত জন্মগ্ৰহণ কৰিছিল। (জঃ ১৯৩৪)
১৮৫২ - ছাৰ ৱিলিয়াম ৰামছে, স্কটিছ ৰসায়নবিদ যিয়ে নিয়ন, ক্ৰিপ্টন আৰু জেনন আৱিষ্কাৰ কৰিছিল আৰু আৰ্গন, ৰেডন, কেলচিয়াম আৰু বেৰিয়ামৰ সহ-আৱিষ্কাৰক আছিল। ১৯০৪ চনত তেওঁক ৰসায়ন বিজ্ঞানৰ নবেল বঁটা প্ৰদান কৰা হয়।
১৮৬৯ - মহাত্মা গান্ধী , জাতিৰ পিতা, অহিংসাৰ পূজাৰী আৰু ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা।
১৯০৪ - লাল বাহাদুৰ শাস্ত্ৰী , ভাৰতবৰ্ষ ৰ দ্বিতীয় প্ৰধানমন্ত্ৰী।
১৯০৯ - আনন্দিৰাম দাস , অসমৰ এজন প্ৰসিদ্ধ গীতিকাৰ।
১৯৫১ - অনিল বৰা , ছাত্ৰ যুৱনেতা আৰু অসমৰ মাধ্যম আন্দোলনৰ ছহিদ।
১৯৬৩ - মাৰিয়া এঞ্জেলিটা ৰেচ্ছা , ফিলিপাইনছৰ সাংবাদিক আৰু লেখক।
১৯৬৬ - কৃষ্ণ কুমাৰ মেনন, কে কে মেননৰ দ্বাৰা অধিক পৰিচিত, এজন ভাৰতীয় অভিনেতা যি মুখ্যতঃ হিন্দী চলচ্চিত্ৰত কাম কৰে, আৰু লগতে গুজৰাটী, তামিল, মাৰাঠী আৰু তেলেগু চলচ্চিত্ৰতো কাম কৰে।
১৯৯৭ - লাভলীনা বৰগোহাঁই বা লাভলীনা বৰগোহাঞি, এগৰাকী ভাৰতীয় ৱেল্টাৰৱেইট শ্ৰেণীৰ বক্সাৰ। অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি।
২০১১ - লিচিপ্ৰিয়া কাংগুজাম , ভাৰতৰ শিশু পৰিৱেশ কৰ্মী।
মৃত্যু
১৮৫৩ - ফ্ৰেন্সফৰ আৰাগ' (ফৰাছী: François Arago), ফৰাচী পদাৰ্থবিজ্ঞানী আৰু জ্যোতিৰ্বিজ্ঞানী, সূৰ্যৰ ক্ৰমমণ্ডল (chromosphere) আৱিষ্কাৰ কৰিছিল (নিম্ন বায়ুমণ্ডল, মুখ্যতঃ হাইড্ৰজেন গেছৰ দ্বাৰা গঠিত) আৰু গ্ৰহবোৰৰ ব্যাসৰ সঠিক অনুমান কৰিছিল।(জন্ম: ২৬ ফেব্ৰুৱাৰী ১৭৮৬)
১৯০৬ - ৰাজা ৰবি বৰ্মা , বিখ্যাত ভাৰতীয় চিত্ৰশিল্পী আছিল। (জন্ম: ২৯ এপ্ৰিল , ১৮৪৮)
১৯৫৩ - জ'ন মাৰ্টিন, আমেৰিকান চিত্ৰশিল্পী।
১৯৬৬ - ৰিচাৰ্ড এডৱিন শ্ব'প, আমেৰিকান ভাইৰ'ল'জিষ্ট, যি ৰকফেলাৰ ইনষ্টিটিউটত তেওঁৰ পৰামৰ্শদাতা পল এ লুইছৰ সৈতে একেলগে ১৯৩১ চনত গাহৰিৰ ক্ষেত্ৰত ইনফ্লুৱেঞ্জা ভাইৰাছ - A চিনাক্ত কৰে। (জন্ম: ডিচেম্বৰ ২৫, ১৯০১)
১৯৭৫ - কে কামৰাজ , তেখেত তামিলনাডুৰ মুখ্যমন্ত্ৰী আৰু সাংসদ আছিল।
দিৱস
বাহ্যিক সংযোগ
তথ্য সূত্ৰ
The article is a derivative under the Creative Commons Attribution-ShareAlike License .
A link to the original article can be found here and attribution parties here
By using this site, you agree to the Terms of Use . Gpedia ® is a registered trademark of the Cyberajah Pty Ltd