২১ আগষ্ট

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

২১ আগষ্ট (ইংৰাজী: 21 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৩তম (অধিবৰ্ষত ২৩৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩২টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৯১১ - লিঅ'নাৰ্ড' দা ভিন্সিৰ বিখ্য়াত চিত্ৰ "মনালিছা" ভিন্সেঞ্জ' পেৰুগিয়া নামৰ মিউজিয়ামৰ কৰ্মচাৰী এজনে চুৰ কৰে।
  • ১৯৬৫ - ৰোমানিয়াৰ সংবিধান গ্ৰহণ কৰা হয়। [1]
  • ১৯৭২ - বন্য জীৱন (সুৰক্ষা) আইন, ১৯৭২ বা বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২খন লোকসভাত অনুমোদন হয়। সেইখন সেইবছৰৰে ৯ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী কৰা হয়। [2]
  • ১৯৮৮ - নেপাল আৰু ভাৰতৰ সীমান্তত ৬.৯ প্ৰাবল্য়ৰ ভূমিকম্প সৃষ্টি হয় আৰু ১৪৫০জন লোকৰ মৃত্য়ু হয়। [3]
  • ১৯৯৭ - পূব চীনত হোৱা টাইফূন ৱিনি (Typhoon Winnie) নামৰ ঘূৰ্ণিবতাহত ১৪০ লোক নিহত আৰু তিনি হাজাৰ লোক আহত হয়। [4]

জন্ম

  • ১৭৬৫ - ৱিলিয়াম - চতুৰ্থ, ইংলেণ্ডৰ ৰজা।
  • ১৭৮৯ - আগাষ্টিন লুই ক'চি, ফ্ৰান্সৰ গণিতজ্ঞ। (মৃঃ ২৩ মে', ১৮৫৭)
  • ১৯৩০ - ৰাজকুমাৰী মাৰ্গেৰেট, ইংলেণ্ডৰ ৰাজকুমাৰী।
  • ১৯৫৫ - ৰামকুইৱাংবে জেমে নিউমে, পদ্মশ্ৰী বঁটা প্ৰাপ্ত অসমীয়া সমাজকৰ্মী।
  • ১৯৭৩ - চাৰ্গেই ব্ৰিন, কম্পিউটাৰ বিজ্ঞানী, লেৰী পে'জৰ সৈতে গুগলৰ সহ প্ৰতিষ্ঠাপক।
  • ১৯৭৮ - ভূমিকা চাওলা, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৭৯ - পেমা খাণ্ডু, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী।
  • ১৯৮৬ - ওছেইন ব'ল্ট, বিশ্ব বিখ্যাত দৌৰবিদ।
  • ১৯৮৮ - ৰবাৰ্ট লিৱানড'স্কী, পোলেণ্ডৰ ফুটবল খেলুৱৈ।

মৃত্যু

  • ১৫৬০ - এলিজাবেথ বাথ'ৰী, ইতিহাসৰ কুখ্যাত মহিলা ধাৰাবাহিক হত্যাকাৰী।
  • ১৯৩১ - পণ্ডিত বিষ্ণু দিগম্বৰ পুলষ্কৰ, ভাৰতীয় সঙ্গীতজ্ঞ।
  • ১৯৩৮ - গণেশ গগৈ (ইংৰাজী: Ganesh Gogoi), পাপৰি কবি হিচাপে খ্যাত অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি, সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ।
  • ১৯৪০ - লিয়ন ট্ৰটস্কি, মাৰ্ক্সবাদী বিপ্লৱী, ৰেড আৰ্মীৰ প্ৰতিষ্ঠাপক।
  • ১৯৭৮ - বিনু মানকড়, ভাৰতৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ।
  • ১৯৯৫ - সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ, নোবেল বঁটা বিজয়ী ভাৰতীয়-আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আৰু গণিতবিদ।
  • ২০০৬ - ওস্তাদ বিছমিল্লা খাঁ, ভাৰতত প্ৰখ্যাত চেহনাই বাদক৷

দিৱস

  • বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস।
  • সন্ত্ৰাসবাদৰ চিকাৰ হোৱা সকলৰ আন্তঃৰাষ্ট্ৰীয় স্মৃতি আৰু শ্ৰদ্ধাঞ্জলি দিৱস।

অন্যান্য

বাহ্যিক সংযোগ

তথ্য়সূত্ৰ

তথ্যসূত্ৰৰ প্ৰাক্‌দৰ্শন

  1. Stoica, Stan (coordinator). Dicționar de Istorie a României. Bucharest: Editura Merona, 2007, pp.93-4
  2. https://www.mapsofindia.com/on-this-day/21st-august-1972-wildlife-protection-act-is-passed
  3. https://reliefweb.int/report/india/india-earthquake-aug-1988-undro-information-reports-1-3
  4. "আৰ্কাইভ কপি". Archived from the original on 2021-08-20. https://web.archive.org/web/20210820161312/http://edition.cnn.com/WORLD/9708/21/typhoon/। আহৰণ কৰা হৈছে: 2021-08-20.