২১ জুন
২১ জুন (ইংৰাজী: 21 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭২তম (অধিবৰ্ষত ১৭৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৩টা দিন বাকী থাকে।
ঘটনাৱলী
- ১৯৪৮ - ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীদেৱে স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল।
- ১৯৪৮ - পিটাৰ গল্ডমাৰ্কৰ দ্বাৰা সৰ্বপ্ৰথম লং প্লেয়িং ৰেকৰ্ড প্ৰস্তুত কৰা হৈছিল।
- ১৯৭৭ - জ্যোতিবসু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী হয়। চনৰ পৰা একেৰাহে ২১ বছৰ কাল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি বিশ্ব অভিলেখ গঢ়িছিল।
- ১৯৯১ - মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাবে কেবিনেটত নবনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে মকৰল কৰে।
- ২০০৬ - প্লুট'ৰ ন-আৱিষ্কৃত চেটেলাইটকেইটাক নিক্স আৰু হাইড্ৰা নাম দিয়া হয়।
- ২০১৪ - উত্তৰ গোলাৰ্ধৰ সকলোতকৈ দীঘল দিন। অসমৰ আকাশত সূৰ্য আছিল মুঠ ১৩ ঘণ্টা ৩৫ মিনিট।
জন্ম
- ১৯৮১ - এডৱাৰ্ড জোচেফ স্ন'ডেন, আমেৰিকাৰ কম্পিউটাৰ বিশেষজ্ঞ, আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি.আই.এ. আৰু এন.এচ.এ.ৰ প্ৰাক্তন কৰ্মী।
- ১৯৩২ - নিগাৰ চুলতানা, ভাৰতীয় অভিনেত্ৰী।
- ১৯৫৩ - বেনাজিৰ ভুট্টো, পাকিস্তানী ৰাজনীতিবিদ।
- ১৯৮২ - ৰাজকুমাৰ উইলিয়াম, গ্ৰেট বৃটেনৰ ৰাজকুমাৰ, ডিউক অব কেমব্ৰিজ।
- ১৯৯১ - তাছি আৰু নুংচি মালিক, সপ্তশৃঙ্গ আৰোহণ কৰা আৰু উত্তৰ আৰু দক্ষিণ মেৰুত উপস্থিত হৈ দুঃসাহসী গ্ৰেণ্ড শ্লেম আৰু থ্ৰী পোলচ চেলেঞ্জ সম্পূৰ্ণ কৰা প্ৰথম ভাৰতীয় যমজ ভগ্নী।
মৃত্যু
- ১৮৫২ - ফ্ৰেড্ৰিক ফ্ৰ'বেল, জাৰ্মান ধৰ্মযাজক আৰু কিণ্ডাদাৰগাৰ্টেন স্কুল ব্যৱস্থাৰ উদ্ভাৱক। (জঃ ২১/০৪/১৭৮২)
- ১৯৫৭ - যোহানেচ্ ষ্টাৰ্ক, বিখ্যাত জাৰ্মান পদাৰ্থবিজ্ঞানী। (জঃ ১৫/০৪/১৮৭৪)
- ১৯৯৯ - পৰাগধৰ চলিহা, অসমীয়া শিক্ষাবিদ, ৰাজনীতিবিদ, অভিনেতা আৰু সংগীতজ্ঞ।
- ২০২০ - শীলা বৰঠাকুৰ, ভাৰতীয় সমাজসেৱী আৰু লেখিকা।
- ২০২২ - ৰবীন বৰুৱা, অসমীয়া কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী।
দিৱস