১৩ জুলাই

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

১৩ জুলাই (ইংৰাজী: 13 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৪তম (অধিবৰ্ষত ১৯৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭১টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৮৩০ - কলকতাৰ স্কটিছ চ্চাৰ্চ্চ কলেজ স্থাপিত হয়।
  • ১৯৭৭ - কেন্দ্ৰত চৰকাৰ সলনি হোৱা বাবে ১৯৮০ চনলৈকে পদ্ম সন্মান প্ৰদান বন্ধ।
  • ২০০৫ - পাকিস্তানৰ সিন্ধু প্ৰদেশত সংঘটিত ৰে'ল দুৰ্ঘটনাত ৩০০ লোক নিহত হয় আৰু ১০০০ তকৈও অধিক লোক আহত হয়।
  • ২০১১ - মুম্বাইৰ তিনিটা স্থানত সন্ত্ৰাসবাদীয়ে ঘটোৱা বোমা বিস্ফোৰণত ২৬জন লোকৰ মৃত্যু হয় আৰু ১৩০জন লোক আহত হয়।
  • ২০১২ - গুৱাহাটীত হোৱা যুৱতীৰ শালীনতা হানিৰ ঘটনাত দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিভিন্ন দল সংগঠনে।
  • ২০১২ - কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ৰূপে জগদীশ চেট্টাৰে শপত গ্ৰহণ কৰে।
  • ২০১২ - ছিৰিয়াৰ হামা চহৰত সেনাবাহিনীৰ আক্ৰমণত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।

জন্ম

  • ১৭৯৩ - জন ক্লিয়াৰ, ইংৰাজ কবি।
  • ১৯৩১ - বীণা ৰায়, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
  • ১৯৩৯ - প্ৰকাশ মেহৰা, ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন বিশিষ্ট প্ৰযোজক তথা পৰিচালক। (মৃত্যু - ২০০৯)।
  • ১৯৫৯ - জাংদাও বডোচা, বড়ো ভাষাৰ চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু সম্পাদক।
  • ১৯৪৪ - এৰন' ৰুবিক, হাঙ্গেৰীৰ স্থাপত্যবিদ আৰু অধ্য়াপক, ৰুবিক কিউবৰ উদ্ভাৱক।
  • ১৯৯২ - কেশৰবাই কেৰকাৰ, ‘জয়পুৰ-আত্ৰৌলী ঘৰানা’ৰ এগৰাকী হিন্দুস্থানী শাস্ত্ৰীয় সঙ্গীত কণ্ঠশিল্পী।

মৃত্যু

  • ১৭৬২ - জেমছ ব্ৰডলী, পৃথিৱীৰ মেৰুদণ্ড ঘূৰ্ণনৰ (ইংঃ Nutation) আৱিষ্কাৰক।
  • ১৮১২ - হেইনৰিখ লুই দা অৰেষ্ট, বিশিষ্ট জাৰ্মান জ্যোতিৰ্বিদ। নেপচুন গ্ৰহৰ সন্ধান পোৱা তেৱেঁই প্ৰথম ব্যক্তি।
  • ১৯২১ - গেব্ৰিয়েল লিপমেন, ফৰাচী পদাৰ্থবিজ্ঞানী আৰু আৱিষ্কাৰক। তেওঁ ১৯০৮ চনত পদাৰ্থবিদ্যাৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৯৯৫ - আশাপূৰ্ণা দেৱী, সাহিত্যিক, ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা।
  • ২০২১ - যশপাল শৰ্মা, ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলুৱৈ।

দিৱস

  • কাশ্মীৰ শ্বহীদ দিৱস (পাকিস্তান)।

বাহ্যিক সংযোগ